Begin typing your search above and press return to search.
বাগিচাৰ চকীদাৰ হত্যাৰ প্ৰতিবাদঃ আটছাৰ বন্ধত স্তব্ধ হ'ল তিনিচুকীয়া
হত্যাকাৰীক গ্ৰেপ্তাৰ তথা দোষীৰ দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবীত আজি আটছাই ১২ঘণ্টীয়া জিলা বন্ধৰ আহ্বান জনায়।

চাহ জনগোষ্ঠীয় ছাত্ৰ সংগঠন আটছাৰ বন্ধত স্তব্ধ হ'ল সমগ্ৰ তিনিচুকীয়া জিলা ৷ যোৱা সোমবাৰে জিলাখনৰ বেতজান চাহ বাগিচাৰ চকীদাৰ ৰাজু ওৰফে বেকী বাইগৰক দুৰ্বৃত্তই হত্যা কৰে ৷ পিছদিনা তেওঁৰ ক্ষত-বিক্ষত মৃতদেহ আৰক্ষীয়ে বাগিচাখনৰ ১৮ নম্বৰ ছেক্টৰৰ পৰা উদ্ধাৰ কৰে ৷ ইয়াৰ পাচৰ পৰা জিলাখনৰ বাগিচা অঞ্চলসমূহত চেঁপা উত্তেজনা বিৰাজ কৰি আছে ৷ চকীদাৰজনৰ হত্যাকাৰীক গ্ৰেপ্তাৰ তথা দোষীৰ দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবীত আজি আটছাই ১২ঘণ্টীয়া জিলা বন্ধৰ আহ্বান জনায় ৷ এই বন্ধৰ প্ৰতি চাহ জনগোষ্ঠীয় আন একাংশ সংগঠনেও সমৰ্থন আগবঢ়ায়। আজি পুৱাৰ পৰা আৰম্ভ হোৱা এই বন্ধত জিলাখনৰ সকলো চাহ বাগিচাৰ কাম-কাজ অচল হৈ পৰে ৷ আনহাতে, ৰাজুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত বাগিচাৰ ক্ষুব্ধ শ্ৰমিকসকলে মাকুমত ৰাষ্ট্ৰীয় ঘাইপথ উদ্ধাৰ কৰি পৰিস্থিতি উত্তাল কৰে ৷ পাছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷
Next Story