পত্নী হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হৈছে ডিব্ৰুগড়ৰ এজন বিজেপি নেতা। যোৱা এক জুলাইত ডিব্ৰুগড় জিলা বিজেপিৰ সম্পাদক তথা বিজেপিৰ যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি নয়ন দাসৰ পত্নী তৰা দাসক ৰহস্যজনক পৰিৱেশত নিজ ঘৰৰ শোৱনি কোঠাৰ ভিতৰত উলমি থকা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে। ঘটনা সংক্ৰান্তত দেওবাৰে নিশা বিজেপি নেতাজনক ডিব্ৰুগড়ৰ বাণীপুৰস্থিত নিজা বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে মৃত তৰা দাস আছিল ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ তোলনীয়া কন্যা। অৱশ্যে ছয় বছৰৰ পূৰ্বে নয়ন দাসৰ সৈতে প্ৰেম বিবাহ হোৱাৰ পিছৰে পৰা বিধায়কগৰাকীৰ সৈতে নাছিল কোনো সম্পৰ্ক।
পত্নী হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হ'ল ডিব্ৰুগডৰ বিজেপি নেতা
দেওবাৰে নিশা বিজেপি নেতাজনক ডিব্ৰুগড়ৰ বাণীপুৰস্থিত নিজা বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

Next Story