Begin typing your search above and press return to search.

দেৰগাঁৱত তেল মাফিয়াৰ আক্ৰমণত গুৰুতৰভাবে আহত পিতা-পুত্ৰ

ভুক্তভোগীয়ে গোলাঘাটৰ আৰক্ষী অধীক্ষককো অৱগত কৰিছে যদিও আক্ৰমণকাৰী তেল মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

দেৰগাঁৱত তেল মাফিয়াৰ আক্ৰমণত গুৰুতৰভাবে আহত পিতা-পুত্ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 July 2020 11:29 AM GMT

দেৰগাঁৱত তেল চুৰি চক্ৰৰ আক্ৰমণত গুৰুতৰভাবে আহত হ'ল এহাল পিতা-পুত্ৰ। অভিযোগ অনুসৰি এটা প্ৰভাৱশালী চক্ৰই গোলাঘাট জিলাৰ দেৰগাঁৱৰ চিতলপথাৰ অঞ্চলত দীৰ্ঘদিন ধৰি চলাই আহিছে চোৰাং তেলৰ ব্যৱসায়। অলপতে তেলচুৰি চক্ৰৰ ভিডিঅ' ৰেকৰ্ড কৰে স্থানীয় যুৱক চামিম আখটাৰে৷ তাৰ পিছতে এই কথা তেল চোৰৰ কাণত পৰাত হিন্দী চিনেমাৰ কায়দাৰে তেল মাফিয়া ছাইফুদ্দিন আহমেদ, চৰিফুদ্দিন আহমেদ, টফিকুৰ ৰহমান আৰু আটিকুৰ ৰহমানে দুপৰ নিশা চামিমৰ ঘৰত প্ৰৱেশ কৰি যুৱকজনৰ লগতে তেওঁৰ পিতৃ মুজিবুৰ ৰহমানক বৰ্বৰভাৱে আক্ৰমণ কৰাত দুয়ো গুৰুতৰভাৱে আহত হয়। ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে গোলাঘাটৰ আৰক্ষী অধীক্ষককো অৱগত কৰিছে যদিও আক্ৰমণকাৰী তেল মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

আনহাতে, অভিযোগ অনুসৰি উজনি অসমত আজিও সক্ৰিয় হৈ আছে তেলচুৰি চক্ৰ। সময়ে সময়ে তেল চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান চলে যদিও কোনো অদৃশ্য শক্তিৰ নিৰ্দেশত এনে অভিযান বন্ধ হৈ পৰে৷ ফলত পুনৰ সাহসেৰে তেল চুৰি চক্ৰ সক্ৰিয় হৈ পৰে৷ অভিযোগ অনুসৰি দেৰগাঁৱত আৰক্ষীৰে তেলচুৰি চক্ৰৰ আছে গোপন সম্পৰ্ক আছে। ফলত চোৰাং তেলৰ ব্যৱসায় চলি আছে।

আৰু পঢ়িব পাৰেঃ মণিপুৰত বিদ্ৰোহীৰে সংঘৰ্ষঃ ছহিদ হ'ল আছাম ৰাইফলছৰ তিনি জোৱান

Next Story
চাকৰি