Begin typing your search above and press return to search.

পুনৰ মুকলি হ'ব কাজিৰঙা! পৰ্যটকে মানি চলিব লাগিব ক'ৰ'না প্ৰতিৰোধ বিধি

তদুপৰি ১০বছৰতকৈ কম বয়সৰ শিশু আৰু ৬৫বছৰ উৰ্ধৰ ব্যক্তিক এইবাৰ কাজিৰঙা ভ্ৰমণৰ সুবিধা দিয়া নহ’ব বুলিও সঞ্চালকে কয়।

পুনৰ মুকলি হব কাজিৰঙা! পৰ্যটকে মানি চলিব লাগিব কৰনা প্ৰতিৰোধ বিধি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Sep 2020 2:42 PM GMT

পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পুনৰ মুকলিৰ যোজা চলাইছে কৰ্তৃপক্ষই ৷ ক'ৰ'না মহামাৰীৰ বিভীষিকাৰ মাজতে বিভিন্ন আৰ্থিক কাম-কাজৰ সমান্তৰালভাবে কৰ্তৃপক্ষই আগন্তুক পৰ্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলিৰ যো-জা চলাইছে। অৱশ্যে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত পৰ্যটকসকলে এই মহামাৰী প্ৰতিৰোধৰ সকলো বিধি মানি চলিব লাগিব ৷

এই সম্পৰ্কত উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰে দ্যা ছেণ্টিনেল ডিজিটেলক কয়, " পৰ্যটকৰ বাবে আকৌ এবাৰ উদ্যান মুকলিৰ সময়ত আমি কেন্দ্ৰীয় চৰকাৰে ক'ৰ'না প্ৰতিৰোধৰ বাবে জাৰি কৰা নীতি-নিৰ্দেশনা অনুসৰি আমি পৰ্যটকৰ বাবে নীতি-নিয়ম বলবৎ কৰিম "৷

আনহাতে, হাতী চাফাৰী আৰু বাহন চলাচলৰ ক্ষেত্ৰতো নীতি-নিয়ম আৰোপ কৰা হ'ব বুলি সঞ্চালক শিৱকুমাৰে সদৰী কৰে ৷ তেওঁ কয় যে সাধাৰণ অৱস্থাৰ পৰিৱৰ্তে ৫০শতাংশ আসনতহে যাত্ৰাৰ সুবিধা প্ৰদান কৰা হ'ব ৷ তদুপৰি ১০বছৰতকৈ কম বয়সৰ শিশু আৰু ৬৫বছৰ উৰ্ধৰ ব্যক্তিক এইবাৰ কাজিৰঙা ভ্ৰমণৰ সুবিধা দিয়া নহ'ব বুলিও সঞ্চালক শিৱকুমাৰে জানিবলৈ দিয়ে ৷ অৱশ্যে পৰ্যটকৰ বাবে কাজিৰঙা পুনৰ মুকলিৰ সিদ্ধান্ত অহা ২৫ছেপ্টেম্বৰত হ'ব পালে বুলিও তেওঁ কয় ৷

আৰু পঢ়িব পাৰেঃ ক'ৰ'নাঃ মাস্ক নিপিন্ধা লোকলৈ কঠোৰ সকীয়নি গুৱাহাটী আৰক্ষী আয়ুক্তৰ

Next Story
চাকৰি