Begin typing your search above and press return to search.

নকল টকা চক্ৰান্তৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীৰ অভিযান

এই অভিযান চলোৱা হয় গুৱাহাটীৰ, পল্টন বজাৰ অঞ্চলত, ফল স্বৰূপে আৰক্ষীয়ে দল সক্ষম হয় দুগৰাকীক আটক কৰিবলৈ

নকল টকা চক্ৰান্তৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীৰ অভিযান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Nov 2021 9:26 AM GMT

যোৱা নিশা, ২৯নৱেম্বৰ তাৰিখে গুৱাহাটী আৰক্ষীয়ে অভিযান চলাই নকল টকা উৎপাদন কৰা এটি চক্ৰান্তৰ বিৰুদ্ধে। এই অভিযান চলোৱা হয় গুৱাহাটীৰ, পল্টন বজাৰ অঞ্চলত, আৰু ইয়াৰ ফল স্বৰূপে আৰক্ষীয়ে দল সক্ষম হয় দুগৰাকী নকল টকা চক্ৰান্তৰ সৈতে জৰিত চক্ৰান্ততকাৰীক আটক কৰিবলৈ।

তথ্য অনুসৰি এই দুগৰাকী আৰূপীয়ে পল্টন বজাৰত স্থিত আৰ্য্য চিকিৎসালয়ৰ কাষতে থকা এখন হোটেলৰ পৰা চলাই আছিল এই চক্ৰান্ত।

এই অনুসন্ধানৰ দ্বাৰা আৰক্ষীৰ দলটি সক্ষম হয়, দুয়োগৰাকী ব্যক্তিৰ পৰা অলপ মান নকলী ৫০০টকাৰ নোট উদ্ধাৰ কৰিবলৈ। ইয়াৰ লগতে দুয়োগৰাকীৰ পৰা উদ্ধাৰ কৰা হয় দুটা মোবাইল ফোন।

দুয়োগৰাকী ব্যক্তিৰ বিৰুদ্ধে আৰক্ষীয়ে পল্টন বজাৰ আৰক্ষী থানাত আই পি চি খণ্ড ৪৮৯ৰ অন্তৰ্গত এজাহাৰ ৰূজু কৰিছে।

আৰক্ষীয়ে যোৱা কালি নিশা আটক কৰা দুয়োগৰাকী ব্যক্তিৰ সম্পৰ্ক মহানগৰীত নকল পইচা সৰবৰাহ কৰা এটি বিশাল চক্ৰান্ততৰ সৈতে থকাৰ কথাত সন্দেহ প্ৰকাশ কৰিছে।


আৰু পঢ়ক: টুইটাৰৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱাল


Next Story
চাকৰি