Begin typing your search above and press return to search.

নীট-২০২১ঃ উজলিল অসমৰ দক্ষিণ শালমাৰাৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান

শিশু অৱস্থাতে পিতৃক অকালতে হেৰুৱাই কঠোৰ জীৱন সংগ্ৰামত নামি পৰা মাছিদুৰৰ এই কৃতিত্বই অঞ্চলটোৰ ৰাইজক উত্ফুল্লিত কৰিছে।

নীট-২০২১ঃ উজলিল অসমৰ দক্ষিণ শালমাৰাৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Nov 2021 7:31 AM GMT

এইবাৰৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা (নীট)-ত উজলি উঠিল অসমৰ দক্ষিণ শালামাৰৰ এটা দৰিদ্ৰ পৰিয়ালৰ এজন মেধাৱী ছাত্ৰ। মাছিদুৰ ৰহমান নামৰ এই ছাত্ৰজনে নীট-২০২১ত উত্তীৰ্ণ হৈ বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। শিশু অৱস্থাতে পিতৃক অকালতে হেৰুৱাই কঠোৰ জীৱন সংগ্ৰামত নামি পৰা মাছিদুৰৰ এই কৃতিত্বই অঞ্চলটোৰ ৰাইজক উত্ফুল্লিত কৰিছে।

তেওঁ নীট-ত ৫৬৭ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। মাছিদুৰে পিতৃক ২০০৬-ত হেৰুৱাই. তাৰ পাছৰে পৰা তেওঁ মাতৃৰ সৈতে জীৱন-সংগ্ৰামত নামি পৰে। ছাত্ৰজনৰ এই কৃতিত্বত উত্ফুল্লিত হৈ স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনে তেওঁক সম্বৰ্ধনা জনাইছে। উল্লেখ্য যে দেশৰ চিকিত্সা মহাবিদ্যালয়সমূহত নামভৰ্তিৰ বাবে নীট অনুষ্ঠিত কৰি অহা হৈছে।


আৰু পঢ়িব পাৰেঃ চেলেষ্টি বৈৰাগীঃ অসমত অভিনেত্ৰী আলিয়া ভাটৰ হুবহু আৱিষ্কাৰ অনুৰাগীৰ

Next Story