Begin typing your search above and press return to search.

নিজকে ভগৱান ৰূপে চিনাকি দি, কৰ'ণা ভেকচিন লোৱাৰ অমান্তি প্ৰকাশ কৰিলে নগাওঁৰ এগৰাকীয়ে

নিজকে ভগৱান বুলি চিনাকি দি ভেকচিন লোৱাৰ পৰা অমান্তি প্ৰকাশ কৰি, এক হুলস্থুলিয়া পৰিবেশৰ সৃষ্টি এগৰাকী মহিলাই

নিজকে ভগৱান ৰূপে চিনাকি দি, কৰণা ভেকচিন লোৱাৰ অমান্তি প্ৰকাশ কৰিলে নগাওঁৰ এগৰাকীয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Dec 2021 11:33 AM GMT

নগাঁও জিলাত সংঘটিত এক হাস্যৰত্মক কাণ্ড। নিজকে ভগৱান বুলি চিনাকি দি কৰ'ণা ভেকচিন লোৱাৰ পৰা অমান্তি প্ৰকাশ কৰি, স্বাস্থ্যকৰ্মী সকলৰ আগতেই এক হুলস্থুলিয়া পৰিবেশৰ সৃষ্টি কৰে নগাওঁ জিলাৰ, কলিয়াবাৰৰ এগৰাকী মহিলাই।

উক্ত মহিলা গৰাকীয়ে কৰ'ণা ভেকচিন লোৱাৰ পৰা অমান্তি প্ৰকাশ কৰে আৰু লগতে তেওঁক মন্দিৰ লৈ যোৱাৰ বাবে দাবী কৰে।

চৰকাৰী বিষয়া সকলে জনাইছে যে, দিযৌ ভেলী চাহ বাগানৰ এটি ১৩জনীয়া সদস্যৰ এটি পৰিয়ালে আৰম্ভণিৰে পৰা নিজৰ বিভিন্ন ধৰ্মীয় অজুহাত প্ৰদান কৰি কৰ'ণা ভেকচিন লোৱাৰ পৰা অমান্তি প্ৰকাশ কৰি আহিছে। যাৰ ভিত্তিত উক্ত পৰিয়াল টোৰ বিৰুদ্ধে দ্ধিজাষ্টাৰ মেনেজমেন্ট ইক্ট, ২০০৫ৰ অধীনত ৰুজু কৰা হৈছে এখন এজাহাৰ।

আৰু অৱশেষত তত্বাবধানত থকা স্বাস্থ্যকৰ্মী সকলে, স্থানীয় ন্যায়াধীশৰ অধীনত ভেকচিন দিবৰ বাবে গৈ উপস্থিত হয় উক্ত পৰিয়ালটোৰ ঘৰত।

স্বাস্থ্যকৰ্মী সকলক সহযোগ কৰা চিকিৎসক গৰাকীৰ অভিৰোচনৰ বলত মহিলা গৰাকীৰ বাদে পৰিয়ালটোৰ আন সদস্য সকলক মান্তি হয় ভেকচিন লগাবৰ বাবে। কিন্তু উক্ত মহিলা গৰাকিয়ে ভেকচিন লোৱাৰ পৰা অমান্তি প্ৰকাশ কৰি, আৰম্ভ কৰে এক নাটকীয় পৰিস্থিতিৰ, যিয়ে শংকিত কৰি তোলে স্বাস্থ্য কৰ্মী সকলৰ লগতে স্থানীয় লোক সকলকো।

মহিলা গৰাকীয়ে প্ৰকাশ কৰে যে, তেওঁৰ দেহত ভগৱানে স্থান লৈছে, আৰু তেওঁক অনতি পলমে মন্দিৰলৈ লৈ যাব লাগে। বিষয়া সকলে জনাইছে যে পৰিয়ালটোৰ লোক সকল ক্ৰিষ্টিয়ান ধৰ্মীয় লোক। মানুহ গৰাকীৰ এই অস্বাভাৱিক ব্যৱহাৰে, সেই স্থানত উপস্থিত সকলোকে শংকিত কৰি তোলে আৰু বহুতে শংকিত অৱস্থাত ভগৱানক প্ৰাৰ্থনা কৰে।

শেহতীয়া ভাৱে অসম চৰকাৰে, যোৱা সোমবাৰৰ পৰা ৭দিনীয়া এক "হৰ ঘৰ দস্তক" নামৰ এটি অভিযান আৰম্ভ কৰিছে। যাৰ দ্বাৰা কোনো লোক যাতে ভেকচিন লোৱাৰ পৰা বৰ্জন নহয় এই কথা পুষ্টি কৰা হৈছে। প্ৰতি ঘৰে ঘৰে অনুষ্ঠিত হোৱা এই কাৰ্যসূচী অন্য পৰিব অহা ৫ডিচেম্বৰ ২০২১ তাৰিখে।


আৰু পঢ়ক: জন্ম নিদিবলৈ মাতৃক পৰামৰ্শ নিদিয়াৰ বাবে চিকিৎসকৰ বিৰুদ্বে গোচৰ যুৱতীৰ


Next Story