শীৰ্ষ বাতৰি

শোনিতপুৰত ৬ অক্টোৱৰৰ পৰা পুৰ্ণ পয্যায়ত আধাৰ কাৰ্ড কাম আৰম্ভ

Sentinel Digital Desk

শোনিতপুৰত ৬ অক্টোৱৰৰ পৰা আধাৰৰ কাম পুৰ্ণ পয্যায়ত আৰাম্ভ হব বুলি প্ৰকাশ কৰিলে শোনিতপুৰ জিলা প্ৰশাসনে ।আজি শোনিতপুৰ জিলা উপাযুক্ত মনোজ কুমাৰ ডেকাই উপাাযুক্তৰ সন্মিলিত কক্ষত অনুষ্ঠিত সংবাদ মেলত আধাৰ কাৰ্ডৰ সম্পৰ্কত কয় যে শোনিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তত কক্ষ স্থাপন কৰি ৬ অক্টোবৰত শোনিতপুৰত আৰাম্ভ হব ।

সংবাদমেলত উপাযুক্ত গৰাকীয়ে ৮ অক্টোৱৰৰ পৰা হবলগীয়া গুনোৎসৱ আৰু দুৰ্গা পুজা সময়ত জিলা প্ৰশাসনে লবলগীয়া পদক্ষেপৰ বিষয়ে জানিবলৈ দিয়ে । সংবাদমেলত উপাযুক্ত গৰাকীয়ে তেজপুৰৰ জোচেফ বিচপৰ মুৰ্তি দুবৃত্তই আক্ৰমন কৰা ঘটনাৰ তদন্ত কৰা কথাও জানিবলৈ দিয়ে ।