অসমীয়া চলচ্চিত্ৰ জগতৰ ১০গৰাকী সুন্দৰ তথা জনপ্ৰিয় অভিনেত্ৰী

Sentinel Digital Desk

আহক জানো অসমীয়া চলচ্চিত্ৰ জগতৰ ১০গৰাকী অতিকৈ সুন্দৰী তথা জনপ্ৰিয় অভিনেত্ৰী বিষয়ে

ফেইৰী প্ৰিয়া আহমেদ

অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰতিভাশালী অভিনেত্ৰী সমূহৰ মাজত ফেইৰী প্ৰিয়া অন্যতম। বিভিন্ন অসমীয়া জনপ্ৰিয় ছবি যেনে অভদ্ৰ (২০১৪), ৰদৰ চিঠি (২০১৪) আদিত অভিনয় কৰাৰ উপৰিও অভিনেত্ৰী গৰাকীক দেখিবলৈ পোৱা গৈছে ছনী টিভিত সম্প্ৰচাৰ হোৱা ক্ৰাইম পেট্ৰল নামৰ ধাৰাবাহিক খনৰ কেইবাটাও খণ্ডত।

বৰ্ষা ৰাণী বিষয়া

৯০দশকৰ পৰা অসমীয়া চলচ্চিত্ৰ জগতত জিলিকি আছে মোহময়ী অভিনেত্ৰী বৰ্ষা ৰাণী বিষয়া। চলচ্চিত্ৰ জগতৰ বাদে অভিনেত্ৰী গৰাকীক বহু সময়ত প্ৰত্যক্ষ কৰা হয় থিয়েটাৰ দলৰ সৈতে। ২০১৩চনত "মি এণ্ড মাই চিষ্টাৰ" ছবিৰ বাবে প্ৰাগ চিনে এৱাৰ্ডৰে সন্মানিত কৰা হৈছিল অভিনেত্ৰী গৰাকীক।

লনিশ্ৰী দাস

অসমীয়া চলচ্চিত্ৰ জগতৰ আন এগৰাকী প্ৰতিভাশালী অভিনেত্ৰী লনিশ্ৰী দাস। সৰুৰে পৰা নৃত্য প্ৰতি আকৰ্ষণ থকা অভিনেত্ৰী গৰাকীক দেখিবলৈ পোৱা গৈছে মন্টুমণিৰ "চেলফি লে লে ৰে", জুবিন গাৰ্গ আৰু দীপলিনাৰ "ধীৰে ধীৰে" দৰে গীতত।

পৰিণীতা বৰঠাকুৰ

অসমীয়া চলচ্চিত্ৰৰ দ্বাৰা অভিনয় জগতত খোজ দিয়া অভিনেত্ৰী পৰিণীতা বৰঠাকুৰ, বৰ্তমান সময়ত সমগ্ৰ ভাৰতবৰ্ষতে জনপ্ৰসিদ্ধ। অসমীয়া ছবি বাৰুদ(২০০৪), নায়ক (২০০১) আদিৰ উপৰিও অভিনেত্ৰী গৰাকীক দেখিবলৈ পোৱা হৈছে বহুতো বলিউড ছবি যেনে ফৰ্চ, কুৰ্বান আদিত।

অমৃতা গগৈ

ভাৰতৰ ছবি জগতৰ আন এটি লোকপ্ৰিয় নাম অমৃতা গগৈ। ২০১৫ চনত মুক্তি লাভ কৰা অহেতুক ছবিৰ সৈতে ছবি জগতত ভৰি দিয়া অভিনেত্ৰী গৰাকীক, ২০১৬ - ১৭ চনত দেখিবলৈ পোৱা গৈছিল হেঙুল থিয়েটাৰ নাট্য দলৰ সৈতে।

প্ৰীতি কংকনা

মডেল তথা অভিনেত্ৰী প্ৰীতি কংকনাই নিজ দক্ষতাৰে সফল হৈছে অসমীয়া চলচ্চিত্ৰ জগতত নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ। অভিনেত্ৰী গৰাকী অভিনয় জীৱনত বিশেষ ভূমিকা পালন কৰিছিল "অৰ্ধাঙ্গীনি" নামৰ ধাৰাবাহিক খনে। তেওঁৰ স্বামী সীমান্ত শেখৰ এগৰাকী জনপ্ৰিয় অসমীয়া সংগীত শিল্পী।

প্ৰস্তুতি পৰাশৰ

অসমীয়া ছবি জগতৰ আন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ। ১৯৯৯চনত "মহাৰথী" ছবিৰে, অভিনয় জগতত ভৰি দিছিল তেওঁ। ২০১৬চনত "মৃগাণাভি" ছবিৰ বাবে অভিনেত্ৰী গৰাকীয়ে দাদা চাহেব আন্তঃ ৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰাৰ লগতে, প্ৰাগ চিনে এৱাৰ্ডৰ দ্বাৰাও সন্মানিত কৰা গৈছিল।

তেহছিন আখটাৰ

ৰং চেনেল যোগে সম্প্ৰচাৰ হোৱা "ভাৰাঘৰ" নামৰ ধাৰাবাহিক খনৰ পৰা যশস্বী লাভ কৰা অভিনেত্ৰী গৰাকীয়ে পৰবৰ্তী সময়ত ভুমুকি মাৰিছিল ভাৰতীয় ছবিজগতত। অভিনয়ৰ উপৰি এগৰাকী সুগায়িকা তেহছিন। নিজৰ ইউটিউব চেনেল যোগে তেওঁ কণ্ঠদান কৰিছে বহুতো প'প গীত।

সুকন্যা ৰাজগুৰু

"প্ৰতিজ্ঞা" নামৰ অসমীয়া ধাৰাবাহিকেৰে ছবি জগতত ভুমুকি মাৰিছিল অভিনেত্ৰী গৰাকীয়ে। ইয়াৰ লগতে বহুতো থিয়েটাৰ দলৰ লগতে আকৰ্ষণীয় অভিনয় কৰা দেখা গৈছে তেওঁক।

দীপলীনা ডেকা

প্ৰতিভাশালী কণ্ঠশিল্পী দীপলীনা ডেকাই ছবি জগতত ভুমুকি মাৰিছিল জুবিন গাৰ্গৰ ছবি "মিছন চাইনা" যোগে। অভিনয়ৰ লগতে এগৰাকী প্ৰশিক্ষিত কঠক নৃত্যকাৰ, আৰু শাস্ত্ৰীয় সংগীতত বিৰাসদ ডিগ্ৰীৰে সন্মানিত দীপলীনা ডেকা।