Sentinel Digital Desk
পদ্মশ্ৰী তথা পদ্ম ভূষণ বঁটাৰে সন্মানিত অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাৰ নিৰ্দেশিত এই ছবিৰ কাহিনী লোৱা হৈছে অৰুণ শৰ্মাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী উপন্যাসৰ পৰা। এই কাহিনীৰ মূল নায়ক মুক্তি যোদ্ধা গজেন কেওট, যাৰ সন্মুখীন হয় সমাজৰ ধাৰ্মিক আৰু সামাজিক বৈষম্যৰ সৈতে। ৬১তম ৰাষ্ট্ৰীয় ফিল্ম এৱাৰ্ডৰ সৰ্বশ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰাৰ উপৰিও এই ছবিতে ২০১৪ প্ৰাগ চিনে এৱাৰ্ডত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।
ৰীমা দাসৰ নিৰ্দেশনাত প্ৰাণ পোৱা এই ছবিত দেখিবলৈ পোৱা যায় সামাজিক ৰাজনৈতিক ক্ষেত্ৰৰে ভৰা অসমৰ এখনি প্ৰতিচ্ছবি য'ত মানৱ আদৰ্শই প্ৰচ্ছয় নাপায়। ছবি খনৰ দৰ্শোৱা হয় মূল চৰিত্ৰত যোগেৰে, যি সুদীৰ্ঘ ৭বছৰৰ পাছত উভতি আহে নিজৰ গাঁওলৈ। আৰু এই দীঘলীয়া সময়ৰ পাছত তেওঁ লক্ষ্য কৰা সমাজৰ সলনি হোৱা আদৰ্শ সমূহ, চিন্তাধাৰাৰ সলনি আৰু বহু লোকে ভিন্ন কাৰণত সেই স্থান ত্যাগ কৰা। এই ছবিৰ বাছনি কৰা হৈছিল MAMI, মুম্বাই ২০১৫ত "ভাৰতীয় কাহিনী"ৰ খণ্ডত, লগতে ২০১৬ প্ৰাগ চিনে এৱাৰ্ডত এই ছবিৰ বাবে ৰীমা দাসক প্ৰদান কৰা হৈছিল শ্ৰেষ্ঠ পৰিচালকৰ বঁটা।
লক্ষ্মীনাথ বেজবৰুৱাৰ "বুঢ়ী আইৰ সাধু"ৰ কিছু কাহিনী সাঙুৰি নিৰ্মাণ কৰা এই ছবিত কৰা হৈছিল কিছু কাল্পনিক ঘটনাৰ সংমিশ্ৰণ। এই ছবিক এছিয়ান ফাণ্ডছ পোষ্ট প্ৰডাকচন ফাণ্ড এৱাৰ্ড ২০১৫ লাভ কৰা লগতে, প্ৰথম বাৰৰ বাবে স্ক্ৰীনিং কৰা হৈছিল ২০ সংখ্যক বুচান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত। ৬৩ তম ৰাষ্ট্ৰীয় ফিল্ম এৱাৰ্ডত এই ছবিয়ে লাভ কৰিছিল শ্ৰেষ্ঠ অসমীয়া ছবিৰ পদক।
সান্ত্বনা বৰদলৈৰ ছবি খনত দেশলৈ পোৱা যায় মাউখ্য চৰিত্ৰটিৰ ত্যাগৰ যাত্ৰা আৰু লগতে, নিজৰ পৰিয়াল আৰু চাৰিও ফালৰ পৰিবেশৰ লগত খাপ খাবলৈ চলোৱা প্ৰচেষ্টাৰ। এই ছবিৰ উন্মোচনী কৰা হৈছিল ২১তম আন্তঃৰাষ্ট্ৰীয় ফিল্ম মহোৎসৱ, কেৰেলাত। আৰু ৬৪ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত লাভ কৰিবলৈ সক্ষম হৈছিল শ্ৰেষ্ঠ ছবিৰ সন্মান।
এই ছবিৰ জৰিয়তে ৰিমা দাসে লাভ কৰিছিল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ নিৰ্মাতাৰ সন্মান। এই ছবিত দৰ্শোৱা হয় লিংগ সমতাৰ বিষয়ে, আৰু লগতে উদাহৰণ ডাঙি ধৰা হয় মহিলা সশক্তিকৰণৰ ওপৰত। ইয়াৰোপৰি ডাঙি ধৰা এগৰাকী মাতৃৰ ভূমিকা। ৬৫ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত এই ছবি সক্ষম হয় দ্বিতীয় খন শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান ডাঙি ধৰিবলৈ।
উৎপল বৰপূজাৰীৰ এই ছবিৰ জৰিয়তে প্ৰদৰ্শন কৰা হয় বৰ্তমান সময়টো প্ৰচলিত ডাইনী হত্যাৰ দৰে কু-প্ৰথা, আৰু তাৰ বিৰুদ্ধে এটি ১০বছৰীয়া শিশুৰ যুঁজ। ছবিখনত শিশুটিৰ দৃষ্টিৰ যোগে ডাঙি ধৰা হয় ডাইনী হত্যাৰ দৰে এক নিষিদ্ধ নিয়ম। ৬৫ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত এই ছবি সক্ষম হয় শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিবলৈ।
হিমজ্যোতি তালুকদাৰৰ কেলেণ্ডাৰ দৰ্শোৱা হয় এটি পৰিয়ালৰ এটি দোষৰ কাহিনী। এই কাহিনী আধাৰিত প্ৰাক্তন শিক্ষক হিতেশ কাকতি আৰু তেওঁৰ পত্নীৰ জীৱনৰ ওপৰত। ৯০মিনিটৰ এই কাহিনী ভাগত দৰ্শোৱা হয় পৰিয়ালৰ কিছু বিতৰ্ক, আৰু লগতে কিছু বৈবাহিক কন্দল, দায়িত্ববিদ্ধতাৰী অন্যান্য। আৰু এই ছবিয়ে ২০১৮ প্ৰাগ চিনে এৱাৰ্ডত লাভ কৰিবলৈ সক্ষম হৈছিল কিছু বিশেষ সন্মান।
ৰীমা দাসৰ এই ছবিৰ কাহিনী এগৰাকী কিশোৰীৰ। এই ছবিৰ জৰিয়তে দৰ্শোৱা হয় কিশোৰৰ অৱস্থাৰ বিষয়ে, লগতে ডাঙি ধৰা হয় প্ৰকৃতিৰ পৰিৱৰ্তনশীল শক্তি। বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০১৯ত এই ছবিয়ে লাভ কৰিবলৈ সক্ষম হয় স্পেচিয়েল মেনচন। লগতে MAMI চলচ্চিত্ৰ মহোৎসৱ ২০১৮ত লাভ কৰে গোল্ডেন গেটৱে আৰু ৬৬সংখ্যক ৰাষ্ট্ৰীয় ফিল্ম এৱাৰ্ডত লাভ কৰে সৰ্বশ্ৰেষ্ঠ ছবিৰ পুৰস্কাৰ।
অনুপম কৌশিক বৰা নিৰ্দেশিত প্ৰায় ২ঘণ্টা জোৰা এই ছবি সমাজৰ কিছু হাস্যৰতমক কাল্পনিক ঘটনা, ডাৰ্ক কমেডী আৰু ৰোমান্সেৰে ভৰা। প্ৰাগ চিনে এৱাৰ্ড ২০২১ ত কিছু বিশেষ সন্মান লাভ কৰাৰ উপৰিও, ২০১৯ সৈলাধৰ বৰুৱা ফিল্ম এৱাৰ্ডত ইয়াক বাছনি কৰা হয় সৰ্বশ্ৰেষ্ঠ ছবি ৰূপে।
ভাস্কৰ হাজৰিকাৰ এই ছবিয়ে সক্ষম হৈছিল দৰ্শকৰ অভূতপূৰ্ব প্ৰতিক্ৰিয়া লাভ কৰিবলৈ। এই ছবিৰ পৰিসমাপ্তি ঘটে প্ৰেমিকাৰ মনোকাংক্ষা পূৰণ কৰিবৰ বাবে প্ৰেমিকে ঘটোৱা এক অপৰাধ জনিত কাণ্ডৰ সৈতে। আৰু এই ছবিয়ে ২০২১প্ৰাগ চিনে এৱাৰ্ডত সন্মান লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে, ছিংগাপুৰ চাউথ এছিয়ান ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল ২০১৯ত অভিনেত্ৰী লিমা দাস সক্ষম হয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিবলৈ।