১০জন ফুটবল তাৰকাৰ যৌন আবেদনময়ী পত্নী বা প্ৰেমিকা

Sentinel Digital Desk

ডিলিছ মেথিউজ (ইমানুৱেল এডেবেয়ৰ)

ফুটবল তাৰকাৰ যৌন আবেদনময়ী পত্নী বা প্ৰেমিকাৰ আমাৰ এই তালিকা ডিলিছ মেথিউজৰে আৰম্ভ হৈছে ৷ ডিলিছ সুন্দৰী, গুৰু-গম্ভীৰ আৰু হট ৷ তেওঁ নামিবিয়াৰ নাগৰিক ৷ মেথিউজ টিভিৰ অনুষ্ঠান পৰিচালিকা, অভিনেত্ৰী আৰু ব্যৱসায়ী মহিলা। ট’গ’লিজ ফুটবল তাৰকা ইমানুৱেল এডেবেয়ৰৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছে ৷ অৱশ্যে কেতবোৰ বাতৰি অনুসৰি এতিয়া দুয়োৰে মাজত সম্পৰ্ক নাই ৷

মেলিছা সট্টা (কেভিন প্ৰিন্স ব’ৱেটেং)

মেলিছা সট্টা হৈছে এগৰাকী ইটালীয়ান টেলিভিচনৰ আঁতধৰোতা ৷ তেওঁ ফুটবলাৰ কেভিন প্ৰিন্স ব’ৱেটঙৰ পত্নীৰূপেও বিখ্যাত। ২০১৬-ত দুয়ো বিবাহপাশত আবদ্ধ হয় ৷ তেওঁলোকৰ প্ৰথম সন্তানৰ নাম হৈছে মেড’ক্স প্ৰিন্স ব’ৱেটং ৷

লুডিভাইন কাড্ৰি ( বেকেৰী ছাগনা)

লুডিভাইন কাড্ৰি হৈছে ফ্ৰান্সৰ এগৰাকী পেচাদাৰী মডেল ৷ তেওঁ ফ্ৰান্সৰ জনপ্ৰিয় ফুটবল তাৰকা বেকেৰী ছাগনাৰ লগত বিবাহপাশত আবদ্ধ হৈছে ৷ ২০১০ত দুয়ো বিবাহপাশত আবদ্ধ হয় ৷ তেওঁলোকৰ ইলাছ ছাগনা নামৰ এটি সন্তান আছে ৷

ব্ৰুনা মাৰ্কেজাইন ( নেইমাৰ)

ব্ৰুনা মাৰ্কেজাইন হৈছে ফুটবল তাৰকাৰ এগৰাকী জনপ্ৰিয় প্ৰেমিকা ৷ তেওঁ ব্ৰাজিলৰ পেচাদাৰী অভিনেত্ৰী আৰু তেওঁক ব্ৰাজিলৰ অন্যতম সবাতোকৈ যৌন আবেদনময়ী অভিনেত্ৰী আখ্যা দিয়া হয় ৷ মাৰ্কেজাইনৰ জনপ্ৰিয়তাৰ কাৰণ হৈছে তেওঁ সাম্প্ৰতিক সময়ৰ ব্ৰাজিলৰ সবাতোকৈ জনপ্ৰিয় আৰু শ্ৰেষ্ঠ ফুটবলাৰ নেইমাৰৰ প্ৰেমিকা ৷

এডুৰ্ণ গাৰ্চিয়া ( ডেভিড ডে গী)

এডুন গাৰ্চিয়া হৈছে এগৰাকী জনপ্ৰিয় স্পেনিছ গায়িকা। তেওঁ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবল গ’লকীপাৰ ডেভিড ডে গীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। ২০২১ত দুয়োৰে বিয়া হয় ৷ তেওঁলোকৰ য়ানয় নামৰ এটি সন্তান আছে ৷ এডুন গাৰ্চিয়া ফুটবল তাৰকাৰ এগৰাকী অতি আবেদনময়ী পত্নী। তেওঁৰ ব্যক্তিত্ব সঁচাকৈয়ে মোহনীয় আৰু গুৰু-গম্ভীৰ ৷

অ’ৰিয়ানা ছাবাটিনি (ডায়বালা)

অ’ৰিয়ানা ছাবাটিনি হৈছে আৰ্জেণ্টিনাৰ এগৰাকী পেচাদাৰী মডেল ৷ তেওঁ আৰ্জেণ্টিনাৰ অন্যতম সুন্দৰী আৰু আবেদনময়ী মডেল ৷ তেওঁৰ জনপ্ৰিয়তাৰ অন্যতম কাৰণ হৈছে তেওঁ বিশ্বৰে সুদৰ্শন ফুটবলাৰ পাউলো ডায়বালাৰ প্ৰেমিকা ৷ মডেলিঙৰ উপৰি তেওঁৰ অভিনেত্ৰী আৰু গায়িকাৰূপেও পৰিচিতি আছে ৷

ছাৰা কাৰ্বনেৰো ( আইকাৰ কেছিলাছ)

ছাৰা কাৰ্বনেৰো হৈছে এগৰাকী স্পেনিছ ক্ৰীড়া সাংবাদিক ৷ তেওঁক স্পেইনৰ সবাতোকৈ সুন্দৰী আৰু যৌন আবেদনময়ী সাংবাদিক আখ্যা দিয়া হয় ৷ তেওঁ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ গ’লকীপাৰ আইকাৰ কেছিলাছৰ প্ৰেয়সী ৷ অৱশ্যে দুয়োৰে দীঘলীয়া সময়ৰ সম্পৰ্কৰ অলপতে অন্ত পৰিছে ৷ কোনো প্ৰধান কাৰণ ব্যাখ্যা নকৰাকৈ দুয়ো প্ৰেমৰ সম্পৰ্কৰ অন্ত পেলাইছে ৷

আনেকী ম’লেনাৰ (ডে লিগট)

আনেকী ম’লেনাৰ হৈছে এগৰাকী জনপ্ৰিয় ডাচ্ছ মডেল ৷ তেওঁক দেশখনৰ সবাতোকৈ যৌন আবেদনময়ী মডেলৰূপে ইনষ্টাগ্ৰামত আখ্যা দিয়া হৈছে। ইটালীৰ জনপ্ৰিয় ফুটবল ক্লাব জুভেণ্টাছ এফ চিৰ হৈ খেলা ডে লিগটৰ সৈতে ম’লেনাৰ প্ৰেমৰ সম্পৰ্ক আছে ৷ ডে লিগত ডাচ্ছ ফুটবলাৰ ৷

শ্বাকিৰা (জেৰাৰ্ড পিক)

শ্বাকিৰা বিশ্বৰ অন্যতম সবাতোকৈ জনপ্ৰিয় গায়িকা ৷ তেওঁ কলম্বিয়াৰ জনপ্ৰিয় গায়িকা ৷ ২০১০ৰ ফিফা বিশ্বকাপত শীৰ্ষ সংগীতটো পৰিৱেশনৰ পাচত তেওঁ এই স্বীকৃতি অৰ্জন কৰে ৷ শ্বাকিৰাৰ বিয়া হৈছে বিশ্বৰ অন্যতম সুদৰ্শন ফুটবলাৰ জেৰাৰ্ড পিকৰ সৈতে ৷ ২০১১ত দুয়ো বিবাহপাশত আবদ্ধ হয় ৷ দুয়োৰে দুটি সন্তান আছে ৷ পিতৃ-মাতৃৰ লগত তেওঁলোকক সততে দেখা যায় ৷

জিঅ’ৰ্জিনা ৰ’ড্ৰিগুৱেজ ( ক্ৰিষ্টিয়ানো ৰণাল্ডো)

সাম্প্ৰতিক সময়ৰ আৰ্জেণ্টিনাৰ অন্যতম যৌন আবেদনময়ী মডেল হৈছে জিঅ’ৰ্জিনা ৰ’ড্ৰিগুৱেজ ৷ বিশ্বৰ অন্যতম জনপ্ৰিয় ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰ’ণাল্ডোৰ সৈতে সম্পৰ্ক গঢ়াৰ পাচত তেওঁ খ্যাতি অৰ্জন কৰে ৷ বৰ্তমানে বিশ্বৰ সবাতোকৈ যৌন আবেদনময়ী ফুটবলাৰৰ প্ৰেয়সী হৈছে জিঅ’ৰ্জিনা ৰ’ড্ৰিগুৱেজ ৷