বন্ধৰ দিন উপভোগৰ বাবে জনপ্ৰিয় স্থান

Sentinel Digital Desk

ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিল মাহলৈকে এই স্থানসমূহ বন্ধৰ দিন কটোৱাৰ বাবে উপভোগ্য হৈ উঠেঃ

শ্ৰীনগৰঃ

টিউলিপ ফুলৰ ঠাই শ্ৰীনগৰ বন্ধৰ দিন উপভোগৰ বাবে উপযুক্ত স্থান । এপ্ৰিল মাহত টিউলিপ ফুল ফুলি চৌদিশ জাতিষ্কাৰ হৈ উঠে ৷

চেৰাপুঞ্জীঃ

প্ৰকৃতিৰ কোলাত অৱস্থিত মেঘালয়ৰ চেৰাপুঞ্জীৰ পৰিৱেশ মনোৰম ৷ এপ্ৰিল মাহত এই স্থান ভ্ৰমণ উপভোগ্য হৈ উঠে ৷

হেভল’ক দ্বীপঃ

পৰ্যটকক ৰিঙিয়াই মতা আন এক স্থান হৈছে হে’ভলক দ্বীপ। লুনীয়া পানীত অভিযানমূলক ক্ৰীড়াৰ বাবেও এই স্থানীয় বিখ্যাত ৷

গোকৰ্ণঃ

ব্যস্ততাৰ পৰা কিছু আঁতৰি জীৱন উপভোগৰ বাবে এক অন্যতম স্থান হ’ল গোকৰ্ণ ৷ গ্ৰীষ্মকাল আৰম্ভ হোৱাৰ পূৰ্বে বা এই স্থান ভ্ৰমণ কৰিব পাৰি ৷

মুছৌৰীঃ

পৰিয়াল বা বন্ধু-বান্ধৱৰ সৈতে বন্ধৰ দিনত ভ্ৰমণ কৰিব পৰা এটা স্থান হ’ল মুছৌৰী৷ এই স্থান ভ্ৰমণৰ বাবে অধিক উপযোগী সময় হ’ল এপ্ৰিল মাহ।

কোচিঃ

কোচিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ অতি ভাল ৷ কোচি দুৰ্গৰ স্থাপত্যয়ো বহুতক আকৰ্ষণ কৰে ৷

গোৱাঃ

গোৱাক ভাৰতৰ সমুদ্ৰ তীৰৰ স্বৰ্গ বুলি কোৱা হয় ৷ গোৱাত থকা-খোৱাৰ বাবে ভাল সুবিধা আছে ৷

Explore