নিজকে ফটোজেনিক কেনেদৰে কৰিব পাৰে ? টিপছ ল’ব পাৰে অদিতি ৰাও হায়দৰীৰ পৰা

Sentinel Digital Desk

আপোনাৰ দৃষ্টিত গুৰুত্ব দিয়ক

লক্ষ্য কৰিবলৈ চেষ্টা নকৰিব ৷ কেমেৰাৰ অভ্যন্তৰলৈ দৃষ্টি দিয়াৰ পৰিৱৰ্তে সাধাৰণভাবে কেমেৰালৈ চাব ৷

শৰীৰৰ সোঁ-ফালক গুৰুত্ব দিয়ক

শৰীৰৰ সোঁফালটো অধিক পূৰ্ণাংগ হয় ৷ গতিকে ফটো তোলাৰ সময়ত সোঁফালটো কেমেৰাত আৱদ্ধ কৰিবলৈ চেষ্টা কৰক ৷

ৰহস্যময়ী প’জ

নিজকে কিছু ৰহস্যময়ী কৰি তুলিবলৈ চেষ্টা কৰক ৷ এনে ফটোৱে চাওঁতাৰ মনত বিপৰীতমুখী ভাবৰ সৃষ্টি কৰে ৷

ব্ৰেকগ্ৰাউণ্ডক গুৰুত্ব দিয়ক

এজন মানুহৰ এখন ফটো আকৰ্ষণীয় হ’বলৈ হ’লে সেই ব্যক্তিজনে ফটো তোলাৰ সময়ত থকা পশ্চাদক্ষেত্ৰ বা ব্ৰেকগ্ৰাউণ্ডেও ভূমিকা পালন কৰে ৷

বগা-ক’লা ফটো উঠিব পাৰে

আপোনাৰ সৌন্দৰ্য তুলি ধৰাৰ বাবে মাজে-সময়ে বগা-ক’লা ফটো উঠাৰ প্ৰয়োজন ৷

এখন ভৰিত থিয় হৈ তোলা ফটো

কেতিয়াবা এখন ভৰিত থিয় হৈও ফটো উঠিব পাৰে ৷ এনে অৱস্থাত আপুনি এখন ভৰিত দেহৰ সমস্ত ওজন দিব ৷

ভৰি দুখন কেচিয়া কৰি

ভৰি দুখন কেচিয়া কৰি বহিও আকৰ্ষণীয় ফটো উঠিব পাৰি ৷

কান্ধৰ ওপৰেৰে দৃষ্টি নিক্ষেপ কৰি

হাতৰ কান্ধৰ ওপৰেৰে এই বিশেষ ভংগীমাত তোলা ফটোও আকৰ্ষণীয় হয় ৷ এনে দৃশ্য আঁসোৱাহমুক্ত হয় ৷

নতুন শৈলীত

মানুহৰ মনত চাপ বহুওৱা নতুন ভংগীমাত ফটো উঠিব পাৰে ৷ ইয়াৰ বাবে চেষ্টা কৰক ৷

স্বাভাৱিক হৈ ফটো তোলা

ফটো উঠোতে দেহ-মন স্বাভাৱিক কৰি ৰাখিব লাগে ৷ এনে ফটো সুন্দৰ হয় ৷

পোহৰৰ প্ৰতি দৃষ্টি দিব

ফটো উঠোতে পোহৰৰ প্ৰতি বিশেষ দৃষ্টি দিব ৷ কাৰণ পোহৰে ফটো ভাল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷

দেহৰ লগত খাপ খাই পৰা সাজপাৰ

ফটো উঠোতে শৰীৰৰ লগত ভালদৰে খাপ খাই পৰা সাজপাৰ পৰিধান কৰা উচিত ৷

Explore
Explore