মৌনী ৰয়ে তেওঁৰ বিবাহৰ অনুষ্ঠানৰ বাবে পিন্ধা সকলো পোছাক

Sentinel Digital Desk

অভিনেত্ৰী মৌনী ৰয়ে অৱশেষত ২৭ জানুৱাৰীত গোৱাত তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক সুৰজ নাম্বিয়াৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হল।

দম্পতীহালে দুটা বিবাহ অনুষ্ঠান কৰিছিল, ৰাতিপুৱা মালায়ালী বিবাহ আৰু তাৰ পিছত সন্ধিয়া বঙালী বিয়া।

মৌনীক এই বগা চেলৱান কামিজত পৰীৰ দৰে লাগিছিল । সেই বগা ফুলৰ গহনাবোৰে তেওঁৰ আৰু সুন্দৰ ৰূপ দিছিল। ডিভাগৰাকীয়ে দিল্লীস্থিত লেবেল প্ৰুনৰ বগা ফুলৰ গহনা পৰিধান কৰিছিল।

মেহেন্দি লুক

মৌনীয়ে তেওঁৰ মেহেন্দিৰ বাবে এই বোহো-অনুপ্ৰাণিত চেহেৰাটো বাছনি কৰিছিল। হালধীয়া ৰঙৰ পায়েল সিংঘল লেহেঙ্গাযোৰ তেওঁৰ ওপৰত আকৰ্ষণীয় লাগিছিল।

ভগৱান গণেশৰ ফেষ্টুন থকা তেওঁৰ নেকলেসটোৱে বহুত চকু আকৰ্ষণ কৰিছিল আৰু ছ'চিয়েল মিডিয়াত প্ৰশংসা লাভ কৰিছিল। তেওঁ তেওঁৰ চেহেৰাটো এটা সৰ্বোত্তম কমৰ বন্ধ আৰু গজৰা-শোভিত বেণীৰে সম্পূৰ্ণ কৰিছিল।

মৌনী ৰয় আৰু সুৰজ নাম্বিয়াৰে প্ৰথমে ডুবাইত লগ হৈছিল আৰু বিবাহপাশত আৱদ্ধ হোৱাৰ আগতে সম্পৰ্কত আছিল। মৌনী ৰয় এগৰাকী জনপ্ৰিয় অভিনেত্ৰী, যি দূৰদৰ্শন অনুষ্ঠান নাগিনত তেওঁৰ মুখ্য চৰিত্ৰৰ বাবে সৰ্বাধিক জনাজাত। সুৰজ নাম্বিয়াৰ হৈছে বাংগালুৰুৰ এজন ডুবাই-ভিত্তিক বিনিয়োগ বেংকাৰ।