শ্বাহিদ কাপুৰ অভিনীত কেইখন মান সৰ্বশ্ৰেষ্ঠ ছবি

Sentinel Digital Desk

ঈশ্ক বিশ্ক

এই ছবিৰ সৈতে বলিউড জগতত খোজ দিছিল অভিনেতা শ্বাহিদ কাপুৰে, আৰু নিজৰ প্ৰশংসনীয় অভিনয়ৰ বাবে লাভ কৰিবলৈ সক্ষম হৈছিল ফিল্মফেয়াৰ এৱাৰ্ড।

বিবাহ

২০০৬চনত মুক্তি পোৱা, শ্বাহিদ কাপুৰ আৰু অমৃতা ৰাও অভিনীত এই ছবিখনে, দৰ্শকৰ অভূতপূৰ্ব সহাঁৰি লাভ কৰিবলৈ সক্ষম হৈছিল।

কমিনে

২০০৯চনত মুক্তি লাভ কৰা এই ছবিখনত দ্বৈত চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পোৱা গৈছিল অভিনেতা গৰাকীক, আৰু এই ছবিয়ে বুটলিবলৈ সক্ষম হৈছিল বহুতো প্ৰশংসা।

জৱ ৱী মেট

ইমটিয়াজ আলি পৰিচালিত, শ্বাহিদ কাপুৰ আৰু কৰীণা কাপুৰক অভিনীত ই আছিল বক্স অফিচৰ চুপাৰ হিট ছবি।

কবিৰ সিং

সন্দীপ ৰেড্ডী ভাঙ্গা পৰিচালিত এই ছবিক অভিনেতা গৰাকীৰ অভিনয় জীৱনৰ অন্যতম সৰ্বশ্ৰেষ্ঠ ছবি হিচাপে পৰিগণিত কৰা হয়

বদমাছ কোম্পানী

২০১০চনত মুক্তি লাভ কৰা এই ছবিৰ কাহিনী আধাৰিত আছিল ৪গৰাকী মধ্যবিত্ত পৰিয়ালৰ যুৱপ্ৰজন্মৰ।

হাইডাৰ

এই ছবিত অভিনেতা গৰাকীক দেখিবলৈ পোৱা গৈছিল মুখ্য চৰিত্ৰ, হাইডাৰ মীৰৰ ৰূপত। বিশাল ভৰদ্বাজৰ নিৰ্দেশিত এই ছবিয়ে লাভ কৰিবলৈ সক্ষম হৈছিল অভূতপূৰ্ব সহাঁৰি।

জাৰ্ছি

অচিৰেই মুক্তি লাভ কৰিবলৈ আগবঢ়া এই ছবিত অভিনেতা গৰাকীৰ সিতে দেখিবলৈ পোৱা যাব মৃণাল ঠাকুৰ আৰু পিতৃ পংকজ কাপুৰক।

যদিও ছবিখনৰ মুক্তিৰ দিন ৩১ ডিচেম্বৰ ২০২১ হিচাপে ধাৰ্য্য কৰা হৈছিল, কিন্তু বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি ইয়াৰ মুক্তি ২০২২চনলৈ পিছুৱাই দিয়া হৈছে।

Explore