Sentinel Digital Desk
নৈশ পাৰ্টি, মানুহৰ ভিৰ আৰু সোৱাদলগা আহাৰেৰে ভৰা গোৱা, বৰদিন আৰু নতুন বছৰৰ উদযাপনৰ বাবে সৰ্বোত্তম ঠাই। যিয়ে গোৱাক কৰি তোলে শীতৰ আনন্দ উপভোগ কৰিবলৈ এটি সুন্দৰ পৰ্য্যস্থন স্থলী।
চিমলাৰ ঠাণ্ডা বতৰে ইয়াৰ পৰিবেশ অতিকৈ ৰোমান্টিক কৰি তোলে। সেয়ে, ঠাণ্ডাৰ দিন কেইটা যদি আপুনি কোনো ৰোমান্টিক স্থানত পাৰ কৰিব বিচাৰে তেন্তে চিমলা হৈছে আপোনাৰ বাবে উপযুক্ত স্থান।
যদিহে আপুনি বিৰতিৰ কিছু ক্ষণ প্ৰকৃতি মাতৃৰ সৈতে ব্যতীত কৰিব বিচাৰে তেন্তে আন্দামান হৈছে আপোনাৰ বাবে সৰ্বোত্তম ঠাই।
বিভিন্ন স্কাইং ঢালেৰে ভৰা উত্তৰাখণ্ডৰ, আউলি হৈছে দুঃসাহসিক ক্ৰীড়া ভাল পোৱা সকলৰ বাবে পছন্দৰ ঠাই।
শীত কালত মৰুভূমিৰ আনন্দ উপভোগ কৰাটো এটি আমেজ ভৰা পৰিকল্পনা। মনোৰম পৰিবেশে ভৰা ৰাজস্থান বছৰৰ সকলো সময়তে ভ্ৰমণৰ বাবে উপযোগী।
সূৰ্য্যৰ ৰশ্মিত জিলিকি উঠা সমুদ্ৰ তীৰ নৌকা যাত্ৰা, বন্য প্ৰাণী সংৰক্ষণ, আয়ুৰ্বেদ মালিছ আদিৰে ভৰা কেৰেলা হৈছে ভ্ৰমণৰ বাবে উপযোগী ঠাই।
ছটফটিয়া পানীত ডুব গৈ সমুদ্ৰ জীৱন উপভোগ কৰিবৰ বাবে আহক কেৰেলা কোষ্টৰ পৰা ৩০০কিমি দুৰত্বত অৱস্থিত লক্ষদ্বীপলৈ।
ডিচেম্বৰ মাহৰ মাজ ভাগত বগা মৰুভূমিলৈ পৰিবৰ্তিত হয় গুজৰাটৰ ৰাণ অফ কাৎচ, আৰু এই সময়তে এই স্থানত অনুষ্ঠিত হয় ৰাণ উৎসৱ।
দুঃসাহসিক অভিযান ভালপোৱা সকলে শীত কালত গুলমাৰ্গ নিশ্চিত ভাৱে ভ্ৰমণ কৰা উচিত। শীতৰ দিনত বৰফেৰে ঢাকি পেলোৱা এই স্থানৰ পাহাৰ - পৰ্বত সমূহ পৰিবৰ্তিত কৰে স্কাইংৰ বাবে উপযুক্ত স্থান।
উত্তৰ ভাৰতৰ বাকী সমূহ পাহাৰীয়া আস্থানৰ দৰে নাইনিতালত আপুনি উপভোগ কৰিব পাৰে বৰফৰ আনন্দ। নতুনকৈ বিবাহিত যোৰাৰ বাবে এই স্থান সৰ্বোত্তম।
বৰফেৰে ভৰা মনালী, অতিকৈ সুন্দৰ। বৰফে থকা ইয়াৰ মনোমোহা পৰিবেশে সকলো পৰ্যকটৰ মনত প্ৰশান্তি আনি দিয়ে। ইয়াৰ দুটি জনপ্ৰিয় স্থম ললহৈছে ৰহটাগ পাছ আৰু চলাং ভেলী।
পূব দিশৰ পৰা শীত কালৰ সূৰ্য উপভোগ কৰাৰ আমেজ সুকীয়া। গেংটকৰ শোভা বৰ্ধন কৰে মাউণ্ট কাঞ্চনজংঘায়ে। বৌদ্ধ ধৰ্মীয় পৰ্যটক সকলৰ বাবে এই স্থান সৰ্বোত্তম।
অৰুণাচল প্ৰদেশ ভ্ৰমণৰ বাবে শীতকালি উপযুক্ত সময়। এই স্থানৰ আমেজ দুগুণ কৰে এই সময়ত ঠাইখিনিৰ বিশেষ উৎসৱ বুৰি বুট, লকু, সংকেন আৰু লচাৰে।
শীত কালৰ আনন্দ লোৱাৰ বাবে নাগালেণ্ড হৈছে সৰ্বশ্ৰেষ্ঠ ঠাই। ইয়াৰ প্ৰাকৃতিক পৰিবেশে সকলোৰে মনত আনন্দৰ লহৰ তোলে। ইয়াৰ লগতে আপুনি উপভোগ কৰিব পাৰিব নগা লোক সকলৰ সোৱাদ লগা আহাৰ আৰু তেওঁলোকৰ জীৱন প্ৰণালী।