২০২১ৰ কিছু সৰ্বশ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ছবি

Sentinel Digital Desk

জয় ভীম - তামিল

এই ছবিখনৰ কাহিনী আধাৰিত এগৰাকী গৰ্ভৱতী মহিলাৰ জীৱনৰ ওপৰত। যাৰ জীৱনৰ লক্ষ্য হৈ পৰে আৰক্ষীৰ কৰায়ত্তৰ পৰা সন্ধানহীন হৈ পৰা তেওঁৰ স্বামীৰ সন্ধান।

মণ্ডেলা - তামিল

ৰাজনৈতিক ব্যংগৰে ভৰা এই ছবিৰ কাহিনী, এগৰাকী স্থানীয় নাপিতৰ। যাৰ ভোটৰ দ্বাৰা গ্ৰহণ কৰা হয় গাওঁখনৰ নিৰ্বাচনীৰ সিদ্ধান্ত।

দ্য গ্ৰেট ইণ্ডিয়ান কিটচেন - মলয়ালম

জেও বেবীৰ এই ছবিয়ে দৰ্শাই বিবাহৰ পাছত সমাজে বান্ধি দিয়া নিয়মাৱলী সমূহৰ মাজত এগৰাকী মহিলাই খাপ খোৱাবলৈ প্ৰচেষ্টা চলাই।

মায়াত্তো - মলয়ালম

ছবিখনত দেখিবলৈ পোৱা যায় এগৰাকী আৰক্ষী বিষয়াৰ কাহিনী। যি নিৰ্বাচনীৰ মাত্ৰ ৪দিন পূৰ্বে কিছু অপ্ৰত্যাশিত ঘটনাৰ মেৰপাকত সোমাই পৰে।

ছেলো শ্ব' - গুজৰাটী

এই ছবিৰ কাহিনী আধাৰিত এটি কণমানি ল'ৰাৰ জীৱনৰ ওপৰত। যি এগৰাকী প্ৰক্ষেপকৰ সৈতে গঢ়ি উঠা নিজৰ বন্ধুত্বৰ জৰিয়তে চিনাকী হয় ছবি জগতৰ সৈতে।

মাষ্টাৰ - তামিল

এই ছবিৰ কাহিনী এগৰাকী সুৰামত্ত প্ৰফেছাৰৰ জীৱনৰ ওপৰত, যাৰ দায়িত্ব আহি পৰে শিশু সংশোধনী গৃহত শিক্ষাদান কৰিবলৈ। আৰু পৰবৰ্তী সময়ত তেওঁ সন্মুখীন হয় কিছু হিংসাত্মক গুণ্ডা লোকৰ সৈতে।

কূঝানগাল - তামিল

এই তামিল ছবিখনৰ কাহিনী আধাৰিত এটি শিশুৰ জীৱনৰ ওপৰত। যিয়ে ঘৰ এৰি যোৱা নিজৰ মাকৰ সন্ধানত, পিছ লৈ নিজৰ অপব্যৱহাৰিক পিতৃৰ।

য'জি - মলয়ালম

এই ছবিৰ কাহিনী এগৰাকী কলেজ ড্ৰপআউট অভিযন্তাৰ। যিয়ে নিজৰ পৰিয়ালৰ সহায় অবিহনে ধনী হোৱাৰ সপোন দেখে।

দৃশ্যম ২

এই ছবিৰ কাহিনী এগৰাকী ব্যক্তিৰ যিয়ে সকলো ঘাট প্ৰতিঘাতৰ মাজেৰে নিজৰ পৰিয়ালক সুৰক্ষা প্ৰদান কৰে।

কৰ্ণান - তামিল

ধনুষ অভিনীত এই ছবিৰ কাহিনী এগৰাকী ব্যক্তিৰ যিয়ে জাতি বিভাজনৰ সকলো সীমা ভংগ কৰিবৰ হেতু প্ৰতিজ্ঞাবদ্ধ হয়।

Explore