বিয়ালৈ যাওঁতে কেনে ধৰণৰ শাড়ী পৰিধান কৰিব ? চেলিব্ৰিটিয়ে কি কয় ?

Sentinel Digital Desk

খাঁজকটা দীঘল শাড়ীঃ

এনে ধৰণৰ শাড়ী আজি-কালি বহুতৰে মাজত বিশেষকৈ মিলেনিয়েলসকলৰ মাজত অতি জনপ্ৰিয়। অভিনেত্ৰী জান্হৱী কাপুৰক এই শাড়ী পৰিহিতা অৱস্থাত অতুলনীয় দেখা গৈছে। তেওঁ এই শাড়ীত উজলি উঠিছে ৷ এনে শাড়ী আপোনাৰ ৱাৰড্ৰ’ৱতো স্থান পোৱাৰ যোগ্য। এনে শাড়ীয়ে সকলো বিয়াৰ অনুষ্ঠানত আপোনাৰ সৈতে খাপ খাই পৰিব ৷

ধূতিৰ লেখীয়া শাড়ীঃ

ধূতিৰ লেখীয়া এই শাড়ীয়ে তাৰা সুতাৰিয়াক অতি মৰমলগা আৰু আকৰ্ষণীয় ৰূপ দিছে ৷ ন্যূনতম মেক-আপ আৰু আ-অলংকাৰ পৰিধান কৰিও আপুনি এই শাড়ী পৰিধান কৰিব পাৰে ৷ ইয়ে আপোনাক অতি আকৰ্ষণীয় ৰূপ দিব ৷

জলপৰীৰ দৰে শাড়ীঃ

জলপৰীৰ দৰে শাড়ীত বলিউডৰ এইগৰাকী বহুমুখী প্ৰতিভাৰ অভিনেত্ৰীক অতি আকৰ্ষণীয় দেখা গৈছে ৷ অভিনেত্ৰীগৰাকীয়ে সামান্য আ-অলংকাৰৰ সৈতে এই শাড়ী পৰিধান কৰিছে আৰু কঁকালত ৰঙা বেল্ট মাৰিছে ৷ এই শাড়ী সকলো ধৰণৰ দৈহিক গঠনৰ লগত মিলি পৰে ৷ ওখ আৰু লাহী শৰীৰৰ লগত খাপ খাই পৰে ৷

জ্যাকেটৰ দৰে শাড়ীঃ

ফেশ্বনপ্ৰিয় অভিনেত্ৰী সোনম কাপুৰ বৰ্তমানে অতি জনপ্ৰিয়। এই শাড়ীয়ে তেওঁৰ ৰূপ-সৌন্দৰ্য দুগুণে চৰাইছে। এই শাড়ীয়ে তেওঁৰ ৰুচিশীলতাও বৃদ্ধি কৰিছে ৷ আপুনি এই শাড়ীৰ সৈতে মিলা যিকোনো জেকেট পিন্ধিব পাৰে ৷ এই পোচাকত আপুনি যিকোনো উৎসৱ-পাৰ্বণতো অংশ ল’ব পাৰে ৷

দুপাট্টাৰ লেখীয়া শাড়ীঃ

দুপাট্টাৰ লেখীয়া এই শাড়ীয়ে জান্হৱী কাপুৰক তুলি ধৰিছে ৷ তেওঁৰ এই শাড়ী স্বকীয় শৈলীৰ, কিন্তু ইয়ে তেওঁৰ সৌন্দৰ্য ফুটাই তুলিছে ৷ তেওঁ সাধাৰণ শাড়ী পৰিধান কৰিছে ৷ এই সাজে তেওঁক অপূৰ্ব ৰূপ দিয়ে ৷ আ-অলংকাৰে তেওঁৰ সৌন্দৰ্য অধিক বৃদ্ধি কৰিছে ৷

গাউনৰ দৰে শাড়ীঃ

এই ষ্টাইলীছ শাড়ীত অভিনেত্ৰী নোৰা ফাটেহীক অপূৰ্ব দেখাইছে। আপুনিও এনে এটা ৰূপ পৰিগ্ৰহ কৰিব পাৰে ৷ এই শাড়ী হৈছে শাড়ী আৰু গাউনৰ মিশ্ৰ ৰূপ ৷ ইয়ে পশ্চিমীয়া আৰ্হিৰ ভাৰতৰ শৈলীৰ সৃষ্টি কৰিছে ৷ এই শাড়ী সাধাৰণ শাড়ীতকৈ অধিক আৰামদায়ক আৰু অধিক আকৰ্ষণীয় ৰূপ দিয়ে ৷