আপুনি ভাৱেনে, ৱাটছ আপেও আপোনাৰ বহু কথা জানে

Sentinel Digital Desk

ৱাটছআপে সংগ্ৰহ কৰা তথ্য!

ৱাটছআপে আপোনাৰ ফোন, ফোন নম্বৰত উল্লেখ কৰা আপোনাৰ নাম, আপোনাৰ বৰ্তমানৰ একাউণ্ট প্ৰফাইলৰ ফটো, আপুনি ব্যৱহাৰ কৰা ফোন আৰু আপুনি অনলাইনত থকা সময়

ৱাটছআপে লগতে আপোনাৰ ফোনৰ সবিশেষ তথ্য, ফোনৰ কোম্পানী, আপোনাৰ ফোনত থকা ফোন নম্বৰসমূহ, আপুনি অন্তৰ্ভুক্ত হৈ থকা ৱাটছএপ গ্ৰুপৰ তথ্য, ফোনৰ ধৰণ, আই পি এড্ৰেছ আদিৰ তথ্যও সংগ্ৰহ কৰে ৷

আপুনি ৱাটছআপত চাট কৰা সকলোৰে নম্বৰ ই সংগ্ৰহ কৰে ৷ তদুপৰি আপোনাৰ ফোনত ৱাটচআপৰ ছেটিংছ, প্ৰাইভেচী ছেটিংছ, প্ৰফাইল ফটো, এবাউট প্ৰাইভেচী, ষ্টেটাছ প্ৰাইভেচী আদিৰ তথ্যও ইয়ে সংগ্ৰহ কৰে ৷ লগতে আপুনি ব্লক কৰা নম্বৰো ই সংগ্ৰহ কৰে ৷

কল লগৰ তথ্য সংগ্ৰহ নকৰে বাটছআপে

ৱাটছআপে স্পষ্ট কৰি দিছে যে ই কল লগৰ তথ্য সংগ্ৰহ নকৰে ৷

যোগাযোগ বা সংযোগৰ নম্বৰ

ৱাটছআপে প্ৰকাশ কৰা অনুসৰি ই কেৱল আপুনি চাট কৰা নম্বৰসমূহৰ তথ্যহে সংগ্ৰহ কৰে৷ ই এনে ব্যক্তিৰ নাম সংগ্ৰহ নকৰে ৷

ফে’চবুকৰ সৈতে ফটো শ্বেয়াৰ

ৱাটছআপে স্পষ্ট কৰি দিছে যে ইয়ে প্ৰফাইল ফটো, টেক্সট বেচড ষ্টেটাছ, ষ্টেটাছ আদি ফে’চবুকৰ সৈতে শ্বেয়াৰ কৰাৰ নীতি বা প’লিচী অহা বছৰৰ মে’লৈকে স্থগিত ৰাখিছে ৷ কাৰণ এই নীতিৰ বাবে ৱাটছআপ কঠোৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয় ৷ ৱাটছআপৰ মতে, ইয়াৰ ব্যৱহাৰকাৰীৰ গোপনীয়তাক লৈ অনেক বিভ্ৰান্তি সৃষ্টিকাৰী তথ্য বিয়পি পৰিছে ৷ ফলত মানুহৰ মনত এই নীতিক লৈ ভুল ধাৰণাৰ সৃষ্টি হৈছে ৷

ৱাটছআপ গ্ৰুপ

ৱাটচআপ কেৱল আপুনি বৰ্তমানে অন্তৰ্ভুক্ত থকা আৰু পূৰ্বে অন্তৰ্ভুক্ত থকা গ্ৰুপৰ নামহে সংগ্ৰহ কৰে ৷ ই এনে গ্ৰুপৰ আন সদস্যবৰ্গৰ তথ্য, গ্ৰুপৰ বিৱৰণ, গ্ৰুপ আইকন ফটোকে ধৰি আন কোনো তথ্য সংগ্ৰহ নকৰে ৷

ৱাটছআপৰ মতে, ইয়াৰ ব্যৱহাৰকাৰীৰ গোপনীয়তাক লৈ অনেক বিভ্ৰান্তি সৃষ্টিকাৰী তথ্য বিয়পি পৰিছে ৷ ফলত মানুহৰ মনত এই নীতিক লৈ ভুল ধাৰণাৰ সৃষ্টি হৈছে ৷