সাজ পাৰ পৰিধান কৰক নিজৰ ৰাশি ফল অনুসৰি

Sentinel Digital Desk

মেষ ৰাশি - কমলা

ভয় শব্দটো এই ৰাশিৰ লোকৰ বাবে প্ৰযোজ্য নহয় কিয়নো এই বছৰত তেওঁলোকে নিজকে নতুন ভাৱে সজাব বিচাৰে, সেয়েহে এই ৰাশিৰ লোকৰ বাবে কমলা হৈছে এক আকাংক্ষিত ৰং

বৃষ ৰাশি - বহল ভৰিৰ পেন্ট

ষ্টাইলিছ হোৱাৰ লগতে অলপ আৰামদায়ক সাজ পৰিধান কৰা পছন্দ কৰে এই ৰাশিৰ লোকে। সেয়েহে বৃষ ৰাশিৰ লোক সকলৰ বাবে বহল ভৰিৰ পেন্ট আদৰ্শ

মিথুন - ট্ৰেইনছ

সদায়ে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থকাটো পছন্দ কৰে এই ৰাশিৰ লোক সকলে, সেয়ে এটি নাটকীয় ট্ৰেইনছ এই ৰাশিৰ লোক সকলৰ বাবে একেবাৰে উত্তম

কৰ্কট - স্বেটপেণ্টচ

আৰামদায়ক সাজ সমূহক প্ৰাধান্য দিয়ে এই ৰাশিৰ লোক সকলে, সেয়েহে হিল সমূহৰ স্বেটপেণ্টচ সমূহ এই লোক সকলৰ বাবে অতিকৈ পছন্দৰ

সিংহ - মিনিস্কাৰ্ট

সিংহ ৰাশিৰ লোক সকলক নিজৰ সুন্দৰ ভৰি সমূহ দেখুৱাবৰ বাবে মাত্ৰ এক অজুহাত লাগে, সেয়েহে এই লোক সকলৰ বাবে মিনিস্কাৰ্ট উপযুক্ত

কন্যা - কৰ্ছেট

যদিহে কন্যা ৰাশিৰ লোক সকলে কিবা নতুন কাপুৰৰ ওপৰত খৰচ কৰিব বিচাৰে তেন্তে তেওঁলোকে নিশ্চিত ভাৱে কৰ্ছেটৰ ওপৰত বিনিয়োগ কৰিব লাগে

তুলা - ক'- অর্ডছ

তুলা ৰাশিৰ লোক সকলৰ বাবে ক'- অর্ড ছেট সমূহ হৈছে সৰ্বোত্তম সাজ

বৃশ্চিক - মনক্ৰম লুক

২০২২ক বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে ট্ৰেণ্ডি আৰু শক্তিৰে পৰিপূৰ্ণ কৰি তুলিব এযোৰ মনক্ৰম সাজে

ধনু - ফুলাম

আৰামদায়ক ফুলাম সাজ সমূহ অতিকৈ পছন্দৰ হৈছে ধনু ৰাশিৰ লোক সকলৰ বাবে, ফুলাম সাজ সমূহে অতিকৈ শুৱনি কৰি তোলে এই ৰাশিৰ লোক সকলক

মকৰ - ভেলভেট

সম্পূৰ্ণ দিনটোৰ বাবে আৰামদায়ক আৰু আকৰ্ষণীয় পোছাক পৰিধান কৰা পছন্দ কৰে এই ৰাশিৰ লোকসকলে, সেয়ে এই ৰাশিৰ বাবে ভেলভেট অতিকৈ প্ৰযোজ্য

কুম্ভ - বিমূৰ্ত প্ৰিণ্ট

বিভিন্ন ৰঙেৰে ভৰা বিমূৰ্ত প্ৰিণ্ট সমুহেৰে নতুন বছৰত সকলোকে নিজৰ প্ৰতি আকৃষ্ট কৰিব পৰিব কুম্ভ ৰাশিৰ লোক সকলে

মীন - লেয়াৰিং

মীন ৰাশিৰ লোক সকলে নিজৰ বৰ্তমান সময়ৰ নিজৰ মূদ প্ৰদৰ্শন কৰে নিজৰ সাজ পাৰেৰে। সেয়েহে বিভিন্ন সাজৰ লেয়াৰ এই লোকসকলৰ বাবে সৰ্বোত্তম

Explore