তাৰকা সন্তান জাহ্নৱী কাপুৰ আৰু খুছি কাপুৰৰ শিক্ষাগত অৰ্হতা

Sentinel Digital Desk

জাহ্নৱী কাপুৰ আৰু খুছি কাপুৰ দুয়ো তাৰকা সন্তান, তেওঁলোকৰ পিতৃ বনি কাপুৰ আৰু মাতৃ শ্ৰীদেৱী।

অভিভাৱকৰ পথ প্ৰদৰ্শন

তথ্য অনুসৰি অভিনেত্ৰী মাতৃ শ্ৰীদেৱীয়ে জাহ্নৱী কাপুৰ অভিনেত্ৰী হোৱাটো কেতিয়াও কামনা কৰা নাছিল। তেওঁ নিজৰ দুয়ো সন্তানকে ৰূপালী পৰ্দাৰ পৰা আঁতৰি থকাটো বিচাৰিছিল।

প্ৰাৰম্ভিক বছৰ

জাহ্নৱী কাপুৰে নিজৰ প্ৰাৰ্থমিক শিক্ষা জুহুৰ ইকল মণ্ডিয়েল ৱৰ্ল্ড বিদ্যালয়ৰ পৰা সমাপন কৰিছিল।

তাৰকা সন্তানৰ সুৰক্ষিত স্থান

অন্য বহুতো তাৰকা সন্তানৰ দৰে জাহ্নৱী কাপুৰ আৰু খুছি কাপুৰ নিজৰ স্কুলীয়া শিক্ষা সাং কৰিছিল ধিৰুভাই আম্বানি আন্তঃ ৰাষ্ট্ৰীয় বিদ্যালয়ৰ পৰা।

শিল্পকলাৰ জ্ঞান

অভিনয় জগতত ভৰি দিয়াৰ হেতু জাহ্নৱী কাপুৰে অধ্যয়ন কৰিছিল আমেৰিকাৰ লী-ষ্ট্ৰেচবাৰ্গ থিয়েটাৰ আৰু ফিল্ম ইনষ্টিটিউটত।

উল্লেখনীয় প্ৰাক্তন ছাত্ৰ

লী-ষ্ট্ৰেচবাৰ্গ থিয়েটাৰ আৰু ফিল্ম ইনষ্টিটিউটৰ পৰা অভিনয়ৰ শিক্ষা লাভ কৰা কেইটামান বিখ্যাত ভাৰতীয় নাম হৈছে ৰণবীৰ কাপুৰ, চাইৰাছ ব্ৰুৱাচা আৰু শেনাজ ট্ৰিয়াচুৰিৱালা।

নিজা পদক্ষেপ

তেওঁৰ কণিষ্ঠ ভগ্নী খুছি কাপুৰে, অভিনয়ৰ শিক্ষা গ্ৰহণৰ বাবে বাচনি কৰিলে নিউয়ৰ্ক ফিল্ম একাডেমীক।

বিশ্ব বিখ্যাত প্ৰতিভাশালী সমূহ

নিউয়ৰ্ক ফিল্ম একাডেমীৰ পৰা অভিনয়ৰ শিক্ষা লাভ কৰা কেইগৰাকীমান বলিউড অভিনেতা হৈছে ইমৰান খান, চোনম কাপুৰ আৰু কংগণা ৰাণাৱত।