নিজৰ বাবে কোনো ঘৰ নৰখাৰ প্ৰতিজ্ঞা পূৰণ কৰিলে টেছলাৰ মুৰব্বী এল’ন মাস্কে

Sentinel Digital Desk

নিজৰ বাবে কোনো ঘৰ নৰখাৰ যি প্ৰতিজ্ঞা টেছলা তথা স্পেচ এক্সৰ মুৰব্বী এল’ন মাস্কে কৰিছিল, সেয়া সম্প্ৰতি তেওঁ পূৰণ কৰিছে ৷ বৃহস্পতিবাৰে মাস্কে তেওঁৰ আমেৰিকাৰ কেলিফ’ৰ্ণিয়াস্থিত প্ৰাসাদোপম অট্টালিকা ৩০ নিযুত ডলাৰত বিক্ৰী কৰে ৷

মাস্কে কয় যে বিপুল সা-সম্পদৰ গৰাকী বুলি সন্মুখীন হৈ অহা সমালোচনা দূৰ কৰিবলৈ তেওঁ নিজৰ সকলো স্থাৱৰ সম্পত্তি বিক্ৰী কৰিছে ৷ প’ডকাষ্টৰ অনুষ্ঠান পৰিচালক জো ৰ’গানৰ আগত তেওঁ কয়, “ স্থাৱৰ সম্পত্তি হ’লে কিছু ধৰণৰ সমালোচনাৰ সন্মুখীন হ’বলগা হয়। এনে সমালোচনাৰ বহনকাৰী কিছু থাকে ৷ মানুহে কয়, “ হে অৰ্বুদপতি তুমি সকলো গোটালা ৷" এতিয়া মই সকলো বিক্ৰী কৰিলো। তোমালোকে মোক এতিয়া কি ক’বা ?"

প্ৰাপ্ত তথ্য অনুসৰি মাস্কৰ সাতটা ঘৰ আছিল। ইয়াৰে ছটা লছ এঞ্জেলচত আৰু এটা কেলিফ’ৰ্ণিয়াত আছিল। কিন্তু তেওঁ এই আটাইকেইটা ঘৰ ১৪৪ নিযুত ডলাৰত বিক্ৰী কৰে ৷

মাস্কে প্ৰথমটো ঘৰ ক্ৰয় কৰিছিল বেল এয়াৰত ৷ লছ এঞ্জেলছত তেওঁৰ প্ৰাসাদোপম অট্টালিকা আছিল ৷ এই অট্টালিকাসমূহৰ পৰা সমগ্ৰ লছ এঞ্জেলছ মহানগৰ ভালদৰে দেখা পোৱা যায় ৷

মাস্কে তেওঁৰ ঘৰ বিক্ৰী কৰি আটাইতকৈ অধিক ধন লাভ কৰে বেল এয়াৰৰ অট্টালিকাটো বিক্ৰী কৰি ৷ এই অট্টালিকা বিক্ৰী কৰি তেওঁ ৩০ নিযুত ডলাৰ লাভ কৰে ৷ ২০১৬ত তেওঁ এই অট্টালিকা ক্ৰয় কৰিছিল। তাতেই সন্তানসহ পৰিয়ালৰ সৈতে তেওঁ বাস কৰিছিল।

মাস্কে বদ্ধপৰিকৰভাবে এই অট্টালিকাকেইটা বিক্ৰী কৰে ৷ ইয়াৰে তিনিটা অট্টালিকা ইটো সিটোৰ গাত লগালগিকৈ আছিল। চতুৰ্থটো এই অট্টালিকাকেইটাৰ প্ৰত্যক্ষভাবে তলত নিৰ্মাণ কৰা হৈছিল ৷

নিজৰ স্থাৱৰ সম্পত্তি কৰিব বুলি কৰা ঘোষণাৰ পূৰ্বেই ২০১৯ত মাস্কে তেওঁৰ ব্ৰেণ্ট উডৰ ঘৰ বিক্ৰী কৰাৰ যোজা চলায়। এই ঘৰ তেওঁৰ বেল এয়াৰৰ ঘৰৰ পৰা মাথোঁ ২০ মিনিটৰ যাত্ৰাৰ দূৰত্বত অৱস্থিত আছিল। এই ঘৰ তেওঁ ৪.৪৯ নিযুত ডলাৰত বিক্ৰী কৰে ৷

বৰ্তমানে তেওঁ ৫০ নিযুত ডলাৰৰ মূল্যৰ এটা ভাড়াঘৰত বাস কৰে ৷ এই ঘৰ টেক্সাচৰ স্পেচ এক্স সংলগ্ন। বৰ্তমানে মাস্কৰ নিজা কোনো ঘৰ নাই ৷ কাৰণ তেওঁৰ ছেনফ্ৰান্সিকোস্থিত প্ৰাসাদোপম অট্টালিকাটোও বিক্ৰীৰ বাবে চূড়ান্ত হৈছে। এই অট্টালিকাৰ মূল্য ৩০ নিযুত ডলাৰ ঠাৱৰ কৰা হৈছে ৷