Sentinel Digital Desk
পানীৰ মাজেৰে বৈ যোৱাৰ সুখদায়ক অনুভৱ সমগ্ৰ দক্ষিণ ভাৰতত কেৱল আনি দিব পাৰে কেৰেলাত স্থিত এলেপীয়ে। ভেনিচ সদৃশ এই স্থান অতিকৈ অপূৰ্ব।
হিমাচল প্ৰদেশত অৱস্থিত এই স্থান জনাজাত মিনি চুইজাৰলেণ্ড নামেৰে। বিয়পি পৰা ঘাঁহনি, আৰু আকাশচুম্বী ওখ পাইন সমূহে ইয়াৰ সৌন্দৰ্য্য দুগুণ কৰি তোলে।
লণ্ডনৰ বিগ বেনৰ দৃশ্য উপভোগ কৰিব বিচাৰে নেকি? তেন্তে আহক কলকাতাৰ লেক টাউন লৈ, কাৰণ এই স্থানত আপুনি উপভোগ কৰিবলৈ পাব বিগ বেনৰ অনুকল্প।
পাহাৰৰ মাজেৰে বৈ যোৱা এই বিস্মিত ভাৱে পাক লগা ৰাস্তা সমূহ হৈছে তামিল নাডুৰ কল্লি হিলছৰ। তাৰ সাদৃশ্যতা বিচাৰি পোৱা যায় ৰোমানিয়াৰ, ট্ৰাঞ্চিলভানিয়াৰ লগত।
যশস্বী ইণ্ডিয়া গেটৰ সাদিশ্যতা বিচাৰি পোৱা যায় লণ্ডনত স্থিত আন এক যশস্বী স্থানৰ সৈতে, নাম আৰ্ক দে ট্ৰিয়ম্ফে।
এই ছবি এল্পছৰ নহয়। ই হৈছে স্কাইংৰ বাবে অতিকৈ বিখ্যাত, জম্মু আৰু কাশ্মীৰত স্থিত গুলমাৰ্গ।
শাৰী শাৰী টুইলিপ ফুলেৰে ভৰা এই বাগিচা সমূহ দেখাত অতিকৈ আকৰ্ষণীয়। ঠিক এনে ধৰণৰ বাগিচা সমূহ দেখিবলৈ পোৱা যায় আমষ্টাৰ্দামত।
ভাৰতৰ স্কটলেণ্ড হিচাপে ঠাইখিনিৰ পৰিবেশ অতিকৈ মনোৰম। বৈ যোৱা ঝৰ্ণা, সুগন্ধি বতাহ আৰু সুন্দৰ পৰ্বত মালায়ে এই স্থানক এক আকৰ্ষণীয় গন্তব্য স্থান ৰূপে গঢ়ি তুলিছে।