নতুন বৰ্ষৰ লগত জৰিত ১০টা তথ্য

Sentinel Digital Desk

সৰ্বপ্ৰথম নতুন বৰ্ষৰ উদযাপন কৰা হৈছিল ৪,০০০বৰ্ষ পূৰ্বে প্ৰাচীন বেবিলিয়ন সকলৰ দ্বাৰা। ৰোমৰ সম্ৰাট, জুলিয়াছ চিজাৰে আছিল প্ৰথম গৰাকী যিয়ে ০১জানুৱাৰীক ৰাষ্ট্ৰীয় বন্ধ হিচাপে ঘোষণা কৰিছিল। তেওঁ এই মাহৰ নামাকৰণ কৰিছিল, দুৱাৰ, আৰু গেটৰ ভগৱান জানুছৰ নামেৰে।

পাৰম্পৰিক ভাৱে নতুন বছৰ উদযাপন কৰিব লাগে, পৰিয়ালবৰ্গ আৰু বন্ধু সকলৰ সৈতে। কিয়নো বৰ্ষৰ আৰম্ভণিতে সন্মুখীন হোৱা লোক সকলে আপোনালৈ শুভ বা অশুভ ভাগ্য কঢ়িয়াই আনে।

ৰাষ্ট্ৰীয় বীমা অপৰাধ ব্যুৰোৰ পৰিসংখ্যা অনুসৰি অন্য কোনো বন্ধ দিনৰ তুলনাত সৰ্বাধিক বাহনৰ চুৰি হয় নতুন বছৰৰ ৰাতি।

অষ্ট্ৰেলিয়াৰ ছিডনী চহৰত অনুষ্ঠিত কৰা হয় সকলোতকৈ বৃহত্তম নতুন বৰ্ষৰ উদযাপন, য'ত ৮০,০০০ ৰ অধিক ফায়াৰৱৰ্ক এৰি দিয়া হয় ছিডনী হাৰ্বাৰ দলঙৰ পৰা। ইয়াৰোপৰি নতুন বৰ্ষৰ উদযাপনৰ বাবে ৩ অন্য জনপ্ৰিয় স্থান হৈছে লাছ ভেগাছ, ডিজনী ৱৰ্ল্ড আৰু নিউ য়ৰ্ক চহৰ।

নতুন বছৰে শুভ ভাগ্য কঢ়িয়াই অনাৰ বাবে ইটালীৰ লোক সকলে এই দিনটোত পৰিধান কৰে ৰঙা আণ্ডাৰৱেৰ।

কলম্বিয়া, কিউবা আৰু পুৱেৰটো ৰিকত কিছু পৰিয়ালে তৈয়াৰ কৰে বৃহৎ পুতলা, যাক তেওঁলোকে নামাকৰণ কৰে "শ্ৰী পুৰণা বছৰ" নামেৰে, যাৰ লগত জৰিত হৈ থাকে কিছু পুৰণি স্মৃতি। পুতলাটোক তেওঁলোকে সজাই যোৱা বছৰৰ সাজে। আৰু মাজনিশা এই পুতলাত অগ্নি সংযোগ কৰি তেওঁলোকে নিজৰ সকলো বেয়া স্মৃতি শেষ কৰে।

ৰাজমাহ, হেম আৰু বন্ধাকবিৰ দৰে খাদ্য সামগ্ৰী সকলে শুভ ভাগ্য কঢ়িয়াই আনে, বিশ্বাস কৰা হয় যে এই খাদ্য সমূহে সমৃদ্ধি আনে। কিন্তু যদিহে আপুনি নতুন বছৰটো সুখৰ হোৱা বিচাৰে তেন্তে লবষ্টাৰ বা মাংস গ্ৰহণ নকৰিব, কাৰণ এনে খাদ্যয়ে আপোনাৰ ভাগ্য সলনি কৰিব পাৰে।

প্ৰাচীন ৰোমত নতুন বছৰৰ আৰম্ভণি হৈছিল মাৰ্চৰ প্ৰথম দিনৰ পৰা।

নতুন বছৰৰ পাৰম্পৰিক গীত হৈছে, "আউল্ড লাং চিন" অৰ্থত "সময় উকলি গ'ল"। এই গীত লিখিছিল কবি ৰবাৰ্ট বাৰ্ণছে, চন ১৭৮৮ত।

নতুন বছৰ ১টা বিশেষ প্ৰতিজ্ঞা হৈছে ওজন কমোৱা, স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰা, ব্যায়াম কৰা, ধূম্ৰপান ত্যাগ কৰা, বাজেট অনুসৰণ কৰা, অধিক ধৈৰ্যশীল হোৱা, ব্যৱস্থাপিত হোৱা, পইচা বছোৱা, ভাল চাকৰি বিচৰা, আৰু ভাল লোক হিচাপে নিজকে গঢ়ি তোলা।