চলচ্চিত্ৰ অভিনেতাত পৰিণত হোৱা বাস্কেট বল খেলুৱৈ

Sentinel Digital Desk

মাইকেল জৰ্দানঃ

বাস্কেট বলৰ জগতত মাইকেল জৰ্দানৰ পৰিচয় সুকীয়াকৈ দিয়াৰ প্ৰয়োজন নাই ৷ বাস্কেট বল খেলৰ উপৰি তেওঁ অভিনয়ৰ জৰিয়তেও জনপ্ৰিয়তা অৰ্জন কৰে ৷ জৰ্দানে জনপ্ৰিয় ছবি “ স্পে’চ জাম"ত ভুমুকি মাৰিছে ৷

ৰিক ফ’ক্সঃ

ৰিক ফ’ক্স এজন বিখ্যাত বাস্কেট বল খেলুৱৈ ৷ তেওঁ “ শ্বেইমলেছ’’, “ অ’জ", “ ড’প, “হ’লছ" আদি ছবিত অভিনয় কৰিছে ৷

শ্বেকুইল অ’নীল

প্ৰাক্তন বাস্কেট বল খেলুৱৈ শ্বেকুইল অ’নীলে “ আনক’ল ড্ৰু", “ স্কেৰী মুভী-৪”, “ ষ্টীল", “ কাজাম" আদি ছবিত অভিনয় কৰিছে ৷

লেব্ৰ’ন জেমছঃ

লছ এঞ্জেলচৰ হৈ খেলা লেব্ৰ’ন জেমছ এজন বিখ্যাত বাস্কেট বল খেলুৱৈ। বাস্কেট বল খেলাৰ উপৰি তেওঁ অভিনয়ো তেওঁৰ প্ৰিয়। জেমছে “ ট্ৰেইনৰেক", “ স্পেচ জাম” , “ এ নিউ লিগেচী" আদি ছবিত অভিনয় কৰিছে ৷

কেভিন ডুৰাণ্টঃ

কেভিন ডুৰাণ্টে “ ব্ৰুকলিন নেটছ"ৰ হৈ খেলে ৷ তেওঁ “ থাণ্ডাৰষ্ট্ৰাৰ্ক", “ বেক ফ’ৰ দ্য ফিউচাৰ’’, “ টু ডিষ্টেণ্ট ষ্টেঞ্জাৰ্ছ’’, “ কিউ বল" আদি ছবিত অভিনয় কৰিছে ৷

চাৰ্লছ বাৰ্কলেঃ

প্ৰাক্তন আমেৰিকান বাস্কেট বল খেলুৱৈ চাৰ্লছ বাকলেই এন বি এ-ত বিশ্লেষকৰূপে কাৰ্যনিৰ্বাহ কৰি আছে ৷ তদুপৰি তেওঁ “ স্পেচ জাম”, “ ৰাম্বল", “ দ্য ড্ৰীম টীম" আদিৰ দৰে ছবিত অভিনয় কৰিছে ৷

ডেনিছ ৰ’ডম্যানঃ

প্ৰাক্তন বাস্কেট বল খেলুৱৈ ডেনিছ ৰ’ডম্যান ডেট্ৰ’ইট পিষ্টনছৰ হৈ খেলিছিল ৷ তেওঁ “ ডাবল টীম", “ ছাইমন ছেজ", “ বি এ পি এচ" আদি ছবিত অভিনয় কৰিছে ৷

কাইৰী লাৰ্ভিংঃ

কাইৰী লাৰ্ভিঙে ব্ৰুকলিন নেটচ দলৰ হৈ খেলে ৷ কিন্তু তেওঁ আন খেলুৱৈৰ দৰে বহু ছবিত অভিনয় কৰা নাই ৷ ২০১৮ত তেওঁ কমেডী ছবি “ আনক’ল ড্ৰ’ত অভিনয় কৰে ৷

কৰিম আব্দুল-জাব্বৰঃ

কৰিম আব্দুল-জাব্বৰ হৈছে আমেৰিকাৰ এজন প্ৰাক্তন বাস্কেট বল খেলুৱৈ ৷ ১৯৮৯ত তেওঁ ক্ৰীড়াজগতৰ পৰা অৱসৰ লয় ৷ এজন সফল খেলুৱৈ হোৱাৰ উপৰি কৰিমে “ গে’ম অৱ ডে’থ" “ এয়াৰপ্লেন" আদি ছবিত অভিনয় কৰিছে ৷

মাগছী ব’গছঃ

মাগছী ব’গছ এজন প্ৰাক্তন বাস্কেট বল খেলুৱৈ ৷ তেওঁ এন বি এতো খেলিছিল ৷ তেওঁ কেৰিয়াৰৰ আৰম্ভণিতে “ জুৱানা ম’ন", “ হাইস্কুল বুলী", “ এডি" আদি ছবিত অভিনয় কৰে ৷