অতীতৰ কেইগৰাকীমান জনপ্ৰিয় অভিনেত্ৰীৰ আকৰ্ষণীয় কেশসজ্জাঃ

Sentinel Digital Desk

মধুবালাঃ

মধুবালাৰ সেই কিঞ্চিত ঢৌ-খেলা, মধ্যমীয়া দৈৰ্ঘ্যৰ কেশসজ্জাই আজিও আমাক সন্মোহিত কৰি ৰাখে ৷

শৰ্মিলা ঠাকুৰ

শাড়ী পৰিহিত অৱস্থাৰ মধুবালাৰ এই কেশসজ্জা অবিস্মৰণীয়। চুলি মূৰৰ পৰা কিছু দাং খাই থকা কেশসজ্জাই অভিনেত্ৰীগৰাকীৰ সৌন্দৰ্যক সুকীয়া মাত্ৰা দিছিল ৷

ছাইৰা বানুঃ

মৌমাখিৰ ঘৰৰ দৰে অভিনেত্ৰী ছাইৰা বানুৰ এই কেশসজ্জাই সকলোকে আকৰ্ষণ কৰে ৷ এই কেশসজ্জাত তেওঁক ৰুচিশীল তথা পৰিমাৰ্জিত দেখা গৈছিল ৷

সাধনা শিৱদাসানীঃ

সাধনা শিৱদাসানীৰ এই কেশসজ্জাৰ নতুনকৈ পৰিচয় কৰি দিয়াৰ প্ৰয়োজন নাই ৷ সাধনা কাট নামেৰে একালত খ্যাত এই কেশসজ্জাৰ জৰিয়তে একালত অভিনেত্ৰীগৰাকীয়ে ফেশ্বন জগতত আলোড়নৰ সৃষ্টি কৰিছিল ৷

ৰেখাঃ

মূৰৰ দুয়োফালে বেণী গুঁঠা ৰেখাৰ এই কেশসজ্জা ৭০ৰ দশকত অতি জনপ্ৰিয় আছিল ৷

পাৰবীন ববীঃ

মূৰৰ দুয়োকাষে সেওঁতা ফলা পাৰবীন ববীৰ এই কেশসজ্জাই সকলোকে আকৰ্ষণ কৰে ৷ এই কেশসজ্জাই তেওঁৰ নাৰীত্বক ফুটাই তুলিছিল ৷

মমতাজঃ

মমতাজৰ এই কেশসজ্জাই তেওঁৰ সুৰুচিক প্ৰতিফলিত কৰিছিল ৷ সুন্দৰকৈ গঢ়া এই কেশ সাজ্জোনৰ লগত ফুল ব্যৱহাৰ খাপ খাই পৰে ৷

মীনা কুমাৰীঃ

মীনা কুমাৰীৰ এই কেশসজ্জা সকলো পৰিৱেশতে খাপ খাই পৰে ৷ তেওঁৰ এই কেশসজ্জা প্ৰাকৃতিক ধৰণৰ ৷

আশা পাৰেখঃ

আশা পাৰেখে চিনেমাত অভিনয়ৰ সৈতে জড়িত থকা দিনবোৰত চুলি স্কাৰ্ফ বা ৰিবনেৰে বান্ধি ৰখাটো এটা জনপ্ৰিয় শৈলী আছিল ৷ সেই শৈলীক আশা পাৰেখে ফুটাই তুলিছে ৷

Explore