ৰাশিফল (বৃহস্পতিবাৰ, ২৩ ডিচেম্বৰ, ২০২১)

Sentinel Digital Desk

মেষ : (২১ মাৰ্চ- ২০ এপ্ৰিল)

আপুনি অতীতত কৰি অহা কিছু ভুলৰ পৰিণাম ভোগ কৰিবলগীয়া হব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই অধিক কথা নকব আৰু আপুনি নিজৰ কামক লৈ আশংকাত ভুগিব। আজিৰ দিনটো আপোনাৰ বাবে অতি সুন্দৰ আৰু শান্তিপূৰ্ণ দিন হব। আপুনি কম আয়াসতে অধিক ধন অৰ্জন কৰিব। অতীতত কৰি অহা কঠোৰ পৰিশ্ৰমৰ এতিয়া আপুনি ফল ভোগ কৰিব পাৰে।

বৃষ : (২১ এপ্ৰিল -২১ মে’)

আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্কক লৈ মানুহক কৌতুহলী কৰি তুলিব। মানুহে আপোনাক সহজে আস্থাত নলব। আপুনি আপোনাৰ জীৱনসংগীক সুখী কৰাৰ ক্ষেত্ৰত সদায়ে তৎপৰ, কিন্তু ইয়াকে লৈ আপুনি নিজেই সুখী নহ’ব পাৰে ৷ গতিকে আপুনি আপোনাৰ জীৱনসংগীৰ লগত কোনো গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰাৰ প্ৰয়োজন ৷ আপুনি প্ৰতিবেশীৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ চেষ্টা কৰিব।

মিথুন : (২২ মে’- ২১ জুন)

আপুনি আপোনাৰ কাৰ্যালয়ৰ কোনো মোহনীয় সহকৰ্মীৰ প্ৰেমত পৰিব পাৰে। সেই ব্যক্তিজনে আপোনাক মন্ত্ৰমুগ্ধ কৰি ৰাখিব পাৰে আৰু আপোনাৰ পৰা অধিক বিচাৰিব পাৰে। আপোনালোকৰ মাজত এটা চৌখিন সম্পৰ্ক গঢ় লৈ উঠিব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ দৃষ্টিত আপোনাৰ ভাবমূৰ্তি অধিক বৃদ্ধি পাব ৷ তেওঁ আপোনাক প্ৰশংসা কৰিব৷ তেওঁলোকে আপোনাৰ মত গ্ৰহণ কৰিব ৷আপুনি জ্যেষ্ঠসকলৰ আশীৰ্বাদ পাব।

কৰ্কট : (২২ জুন- ২২ জুলাই)

আপুনি মানুহৰ লগত পলমকৈ অধিক খোলাখুলিকৈ কথা-বতৰা হব। আপোনাৰ প্ৰেম-জীৱনতো সেয়া প্ৰতিফলিত হব। আপুনি মানুহৰ লগত অধিক কথা-বতৰা পাতিব। আপুনি ধীৰে-সুস্থিৰে আৰু সাৱধানেৰে সিদ্ধান্ত লোৱা উচিত। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গ আৰু শুভাকাংক্ষীৰ পৰামৰ্শ লোৱা উচিত ৷ আপুনি আপোনাৰ পদক্ষেপৰ বলত অপ্ৰত্যাশিতভাবে সহায় পাব ৷ আপোনাৰ আয় ভাল হ’ব।

সিংহ : (২৩ জুলাই -২৩ আগষ্ট)

আপুনি প্ৰেমৰ ক্ষেত্ৰত কিছু বিৰক্তি অনুভৱ কৰিব পাৰে। আপুনি পুনৰ উভতি আহিব নোৱৰা স্থানত উপনীত হব পাৰে। আপোনালোক দুজন অহংবোধে দুয়োকে ধ্বংস কৰিব পাৰে ৷ আপুনি কিছু নমনীয় হৈ প্ৰেমৰ ভৱিষ্যতকলৈ সাৱধানেৰে চিন্তা কৰা উচিত ৷ দুয়োৰে দিয়া আৰু লোৱা মনোভাবে সকলো কথা ইতিবাচক দিশত অগ্ৰসৰ কৰি নিব ৷ আপোনাক আপোনাৰ পিতৃ-মাতৃ আৰু ভ্ৰাতৃয়ে সহায় কৰিব।

কন্যা : (২৪ আগষ্ট- ২২ ছেপ্টেম্বৰ)

আপুনি আপোনাৰ কাম আৰু প্ৰেম-জীৱনৰ প্ৰতি সমান গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজন। ব্যস্ততাৰ বাবে আপুনি আপোনাৰ ব্যক্তিগত জীৱনক কম গুৰুত্ব এই সময়ছোৱাত আপুনি প্ৰেমত পৰিব পাৰে আৰু এটা ভাল সম্পৰ্ক আশা কৰিব পাৰে ৷ আপুনি ধৰ্মীয় কাম-কাজৰ সৈতে জড়িত হ’ব পাৰে আৰু সিয়ে আপোনাক মানসিক শান্তি দিব ৷ আপোনাৰ শক্তি আৰু সজীৱতা অনুভৱ কৰিব।

তুলা : (২৩ ছেপ্টেম্বৰ- ২৩ অক্টোবৰ)

আপুনি এতিয়া অধিক নিশ্চিত অনুভৱ কৰিব। আপোনাৰ প্ৰেম-জীৱন অধিক শক্তিশালী আৰু সুস্থিৰ অনুভৱ কৰিব। চাকৰিত আজি আপুনি বদলি হ’ব পাৰে । ইয়ে আপোনাৰ ওপৰত কিছু মানসিক চাপৰ সৃষ্টি কৰিব ৷ কোনো সাধাৰণ কথাক লৈ আপুনি আপোনাৰ কোনো ঘনিষ্ঠ ব্যক্তিৰ লগত তৰ্কাতৰ্কিত লিপ্ত হ’ব পাৰে ৷ আপুনি দেশৰ কোনো স্থানলৈ বা ভাৰতৰ বাহিৰলৈ ফুৰিবলৈ যোৱাৰ কথা চিন্তা কৰিব।

বৃশ্চিক: (২৪ অক্টোবৰ-২২ নৱেম্বৰ)

এজন ব্যক্তিয়ে আপোনাক জালত পেলাবলৈ বিচাৰিব আৰু আপোনাৰ পৰা সুযোগ লব। কিন্তু আপোনাৰ ভাগ্যই আপোনাক সহায় কৰিব। আপুনি প্ৰেমকে ধৰি সকলো ধৰণৰ সম্পৰ্কৰ ক্ষেত্ৰত এতিয়া সাৱধানতা অৱলম্বন কৰিব। আপুনি আপোনাৰ প্ৰিয়জনৰ লগত বহু ঘণ্টা সময় কটাব। আপুনি চৰকাৰৰ পৰা পুৰস্কাৰ পাব পাৰে। গৃহিণীসকলে দক্ষতাৰে কাম কৰিব আৰু জিৰণী লবলৈও সময় পাব।

ধনু : (২৩ নৱেম্বৰ- ২২ ডিচেম্বৰ)

আপুনি আপোনাৰ প্ৰিয়জনৰ লগত অপূৰ্ব সুন্দৰ সময় অতিবাহিত কৰিব। ইয়ে আপোনলোক দুজনৰ জীৱন সুখৰ দুয়োৰে মাজত বান্ধোন অধিক শক্তিশালী কৰি তুলিব ৷ কামত আপোনাৰ পাৰদৰ্শিতা উন্নত আৰু বৰ্ণাধ্য হ’ব ৷ইয়ে বহুতকে সন্তুষ্ট কৰিব। দীৰ্ঘদিন ধৰি পৰি থকা চৰকাৰী আৰু কাৰ্যালয়ৰ কাম সম্পূৰ্ণ হৈ উঠিব ৷ সফলতাৰ দিশত আপোনাৰ বাবে আকাশেই শেষ সীমা হব।

মকৰ : (২২ ডিচেম্বৰ-২০ জানুৱাৰী)

আপুনি আপোনাৰ ভৱিষ্যতক লৈ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লব। ইয়াক লৈ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা মতামত লোৱাৰ ক্ষেত্ৰত জটিলতা অনুভৱ কৰিব। আপোনাৰ জীৱনসংগীয়ে কথা-বতৰাবোৰ বিশেষ কৰি ৰাখিবৰ বাবে আপোনাক পৰামৰ্শ দিব ৷ আপোনাৰ বিত্তীয় অৱস্থা উন্নত হ’ব ৷ আপোনাৰ দৃষ্টিভংগী আৰু দায়বদ্ধতাৰ দ্বাৰা আপোনাৰ উৰ্ধতন বিষয়া সন্তুষ্ট হ’ব ৷ আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব।

কুম্ভ : ( ২১ জানুৱাৰী -১৮ ফেব্ৰুৱাৰী)

কেতবোৰ সৰু-সুৰা কথাকলৈ আপোনাৰ সৈতে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ মাজত কিছু ব্যৱধানৰ সৃষ্টি হব। কিন্তু আপোনাৰ প্ৰিয়জনক পতিয়ন নিয়াব পৰাকৈ আপোনাৰ সামৰ্থ আৰু বুদ্ধিমত্তা আছে। জ্ঞান আহৰণৰ ক্ষেত্ৰত আপুনি সফল হব। ৷ আপুনি এটা ডাঙৰ ৰিস্ক গ্ৰহণ কৰিবলৈ সাজু হ’ব আৰু কিছু অসাধাৰণ কাম কৰাৰ পৰিকল্পনা কৰিব ৷ আপুনি বন্ধৰ দিনত ফুৰাৰ সময়ত কোনো এজন নতুন ব্যক্তিক লগ পাব পাৰে ৷

মীন: (১৯ ফেব্ৰুৱাৰী -২০ মাৰ্চ)

আপোনাৰ জীৱনে এক আকৰ্ষণীয় গতি লব। আপুনি কোনো সহকৰ্মী বা ব্যৱসায়ীক সহযোগীৰ প্ৰতি আকৰ্ষিত হব। তেওঁৰ লগত আপোনাৰ ৰোমাণ্টিক আৰু চৌখিন সম্পৰ্ক গঢ় লৈ উঠিব পাৰে। আপুনি পৰীক্ষাত সফলতা অৰ্জন কৰিব। ৷ আপোনাৰ পৰিয়ালৰ কোনো চিন্তা নাথাকিব ৷ আপুনি কিছু সম্পত্তি ক্ৰয়ৰ কথা চিন্তা কৰিব ৷ আৰু আপুনি সেই দিশত চেষ্টা কৰিব ৷

Explore