ৰাশিফল , (২৪ ডিচেম্বৰ, শুকুৰবাৰ, ২০২১)

Sentinel Digital Desk

মেষ : ( ২১ মাৰ্চ -২০ এপ্ৰিল)

আপুনি অকলশৰীয়াকৈ থাকি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ প্ৰতি অন্যায় কৰিছে ৷ আপুনি অ-সুখী অনুভৱ কৰিব পাৰে, কিন্ত সেই বিষয়ে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক নকয়৷ আপুনি ক’ৰবাৰ পৰা ধন পাব পাৰে ৷ কামত আপুনি সফলতা অৰ্জন কৰিব ৷ কোনো নতুন কাম কৰাৰ বাবে আপুনি পৰিকল্পনা কৰিব ৷ আপোনাৰ স্বাস্থ্য ভালে থাকিব ৷

বৃষ: (২১ এপ্ৰিল -২১ মে’)

আপুনি আপোনাৰ বৰ্তমানৰ প্ৰেমৰ সম্পৰ্কত অনুকূল পৰিৱেশ পাব ৷ আপুনি একেৰাহে এই অনুভৱ কৰি থাকিব । আপুনি আৰু আপোনাৰ প্ৰেমিকাই অংগীকাৰবদ্ধ হৈ অগ্ৰসৰ হৈছে। আপুনি বন্ধুবৰ্গৰ সৈতে আজিৰ সন্ধিয়াতো পাৰ কৰিব। আপোনাৰ পৰিয়ালত শান্তি-সম্প্ৰীতি বিৰাজ কৰিব। বিবাহে আপোনাৰ জীৱনলৈ শান্তি আনিব।

মিথুন : (২২মে’ – ২২ জুন )

আপোনাৰ প্ৰেম-ৰোমান্সে ইতিবাচক গতি ল’ব আৰু ইয়ে আপোনাৰ মনত নতুন আশা সজীৱ কৰিব ৷ ইয়ে জীৱনক এটা নতুন অৰ্থ দিব আৰু আপুনি জীৱন সুন্দৰ বুলি অনুভৱ কৰিবলৈ ল’ব। আপুনি যাৰ সৈতে নতুনকৈ প্ৰেমত পৰিছে, সেই ব্যক্তিজনক বিবাহৰ প্ৰস্তাৱ আগবঢ়োৱাৰো পূৰ্ণ সম্ভাৱনা আছে। ধনৰ পাছত অন্ধভাবে নৌ-দৌৰিব। এই সময়ছোৱাত আপুনি এটা গুৰুত্বপূৰ্ণ কাম কৰিব।

কৰ্কট : (২২ জুন – ২২ জুলাই)

প্ৰেমিক-প্ৰেমিকাসকলে ভৱিষ্যতকলৈ পৰিকল্পনা প্ৰস্তুত কৰিব ৷ প্ৰেমৰ সম্পৰ্কলৈ ইতিবাচক পৰিৱৰ্তন আহিব পাৰে। আপুনি আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই দুয়োৰে মাজৰ সম্পৰ্ক সুদৃঢ় কৰি তোলাৰ চেষ্টা কৰিব ৷ আপুনি স্বভাৱজাতভাবে একাত্মতাৰে শান্তিপূৰ্ণভাবে কাম কৰিবলৈ ভাল পাব। আপোনাৰ ধনৰ আৰ্জন ভাল। অধিক হাবিয়াস নকৰিব ৷

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

যদি আপুনি অবিবাহিত তেন্তে কোনো ব্যক্তিৰ প্ৰতি আকৰ্ষিত হ’ব পাৰে ৷ সেই ব্যক্তিজনে আপোনাৰ জীৱনলৈ অধিক সুস্থিৰতা আনিব ৷ আপুনি কিছু কামৰ বাবে সমালোচিত হ’ব পাৰে ৷ আপোনাৰ প্ৰিয়জনে আপোনাৰ ভুল-ত্ৰুটি আঙুলিয়াই দিব। আপুনি তেওঁক শান্ত কৰিবলৈ সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিব। আপোনাৰ উদ্যম অটুট থাকিব। আপুনি আপোনাৰ বিত্তীয় অৱস্থা উন্নত কৰাৰ চেষ্টা অব্যাহত ৰাখিব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপোনাৰ মনত গা কৰি উঠা স্বাধীনচিতিয়া মনোভবে আপোনাক নিজস্ব সিদ্ধান্ত ল’বলৈ সক্ষম কৰি তুলিব ৷ যিমান পাৰে তৰ্ক-বিতৰ্ক এৰাই চলিব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত এক কম দূৰত্বৰ ভ্ৰমণ কৰিব পাৰে । পূৰ্বৰে পৰা বুজাপৰা থকা কোনো ব্যক্তিক আপুনি সাক্ষাত কৰিব পাৰে। পৰিয়ালৰ লগত আপুনি কোনো অনুষ্ঠান সুখেৰে উদযাপন কৰিব ৷

তুলা: (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি আপোনাৰ সামৰ্থক লৈ সন্দেহ কৰিব ৷ আজিৰ দিনটো অতি সুন্দৰ দিন হ’ব। আপুনি কাম কৰি সন্তুষ্টি অৰ্জনৰ চেষ্টা কৰিব। আপুনি মনোৰঞ্জনমূলক কামত ব্যস্ত থাকি সন্তুষ্টি পাব। আপোনাৰ ব্যৱসায় ভাল হব। আপোনালৈ অপ্ৰত্যাশিতভাবে ধন আহিব পাৰে । আপোনাৰ প্ৰেমৰ সম্পৰ্ক সুন্দৰ হ’ব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

পেচাৰ দায়িত্বই আপোনাক আপোনাৰ প্ৰিয়জনৰ ওচৰৰ পৰা আঁতৰাই ৰাখিব ৷ আপুনি মনত শক্তি আৰু উদ্যম অনুভৱ কৰিব। আপোনাৰ বন্ধু বা পৰিচিতজনে সন্মুখীন হোৱা সমস্যাও দূৰ হ’ব। বিভিন্ন কৰ্মৰ জৰিয়তে আপুনি অতি জনপ্ৰিয়তা অৰ্জন কৰিব । আপুনি প্ৰিয়জনৰ লগত ভাল সময় পাৰ কৰিব। বিনিয়োগৰ জৰিয়তে আপুনি প্ৰচুৰ লাভ অৰ্জন কৰিব পাৰে।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আজি আপোনাৰ বাবে দিনটো কষ্টসাধ্য নিৰস দিন হ’ব ৷ জীৱনত কোনো নতুনত্বৰ সন্ধান কৰিব। ইয়ে আপোনালৈ প্ৰচুৰ মানসিক শান্তি আনিব ৷ আপুনি মনত প্ৰেৰণা অনুভৱ কৰিব। আপুনি ভাল কাম কৰিবলৈ অনুপ্ৰেৰণা পাব। আপোনাৰ বিত্তীয় অৱস্থা ক্ৰমে উন্নত হব। আপুনি আগুৱাই যাবলৈ সক্ষম হ’ব। আপোনাৰ ক্ষেত্ৰত থকা বাধা-বিঘিনী দূৰ হ’ব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

কোনো সৰু-সুৰা কথাক লৈয়ে আপুনি নিৰাশ হ’ব পাৰে ৷ অৱশ্যে আপুনি প্ৰেমত এইবাৰ বিফল হ’বলগা নহ’ব । আপোনাৰ উদ্যম তথা কৰ্ম-শক্তি বৃদ্ধি পাব। মনোবল অটুট থাকিব ৷ আপুনি আপোনাৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হ’ব। আপোনাৰ বিত্তীয় অৱস্থা ভাল হব। আপুনি ধনৰ আৰ্জন অব্যাহত ৰাখিব ।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

অতীতৰ কোনো কথাই আপোনাক আমনি কৰিব পাৰে। মানুহৰ মাজত কেৱল ভুলহে চকুত পৰিব ৷ আপোনাৰ সন্তান নিজ নিজ ক্ষেত্ৰত উজলি উঠিব। ইয়ে আপোনালৈ অতিৰিক্ত আনন্দ কঢ়িয়াব। আপুনি কাৰ্যালয়ৰ কামো সম্পূৰ্ণ কৰিব। আপুনি প্ৰতিকূল পৰিৱেশৰ দ্বাৰা অনুৎসাহিত নহ’ব। আপোনাৰ মান-সন্মান বৃদ্ধি পাব। আপোনাৰ বিত্তীয় অৱস্থা ভাল হ’ব।

মীন: (১৯ ফেব্ৰুৱাৰী- ২০ মাৰ্চ)

প্ৰেম-ৰোমান্সৰ ক্ষেত্ৰত আপুনি নিজা সিদ্ধান্ত ল’ব লাগিব। অন্যথা আপোনাক আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই দোষাৰোপ কৰিব পাৰে ৷ আপোনাৰ জীৱনসংগীৰ সৈতে বান্ধোন দৃঢ় হ’ব ৷ আপুনি মানসিক শান্তি লাভ কৰিব। আপোনাৰ বিত্তীয় অৱস্থা অতি ভাল হ’ব। আপুনি আপোনাৰ কাম আৰু দক্ষতাৰ মাজত এক ভাৰসাম্য বৰ্তাই ৰাখিব আৰু বিচাৰ-বিবেচনাৰে যিকোনো সিদ্ধান্ত ল’ব।

Explore