ৰাশিফল ( বুধবাৰ, ৫ জানুৱাৰী, ২০২২)

Sentinel Digital Desk

মেষ : ( ২১ মাৰ্চ - ২০ এপ্ৰিল)

আজি বহু ঘটনাই সংঘটিত হ’ব পাৰে ৷ আপুনি নিজকে সামাজিক কৰি তোলাটোক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিব আৰু আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে কোনো শিক্ষামূলক ভ্ৰমণত অংশ ল’ব ৷ বিদেশৰ পৰা আপুনি প্ৰচুৰ সা-সুবিধা দিয়া খবৰ পাব ৷ আপোনাৰ মন ইতিবাচক হৈ থাকিব ৷ আপোনাৰ বিত্তীয় অৱস্থাও শক্তিশালী হৈ গৈ থাকিব ৷

বৃষ : (২১ এপ্ৰিল - ২১ মে’ )

আপুনি বৰ্তমানে কৰা ভ্ৰমণৰ সময়ত পুনৰ ৰোমান্সৰ অনুভূতি হ’ব ৷ আপুনি বহু কথা-বতৰাত অংশ ল’ব আৰু সুযোগ ধৰিব লাগিব ৷ ব্যৱসায়িক কামত আপুনি এক চুটি ভ্ৰমণ হাতত ল’ব লগা হ’ব পাৰে ৷ আপুনি মানুহক মুগ্ধ কৰিব ৷ আলোচনা, সভা, সাক্ষাৎকাৰ আৰু অনুষ্ঠানিক বাৰ্তালাপৰ বাবে এই সময়ছোৱা ভাল ৷ আপুনি সুষমাতাৰে কাম কৰিব

মিথুন : (২২ মে’ - ২১ জুন)

আপুনি আপোনাৰ জীৱনসংগীক তুষ্ট কৰিবলৈ আপোনাৰ সামৰ্থৰ সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিব ৷ তেওঁৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন নহ’ব আৰু প্ৰেম মুক্তভাবেৰে আগবাঢ়িব ৷ আপুনি আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীৰ লগত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব ৷ আপুনি চাকৰিৰ এটা নতুন প্ৰস্তাৱ পাব ৷

কৰ্কট : ( ২২ জুন - ২২ জুলাই)

আপুনি কাৰ্যালয়ৰ কাম ঘৰলৈ আনিব পাৰে, যিটো আপোনাৰ জীৱনসংগীয়ে ভাল নাপাব পাৰে ৷ কাৰণ তেওঁ আপোনাৰ সৈতে সময় অতিবাহিত কৰিবলৈ উদগ্ৰীৱ হৈ থাকে ৷ । আপোনাৰ শত্ৰু আৰু বিৰোধীয়ে আপোনাৰ স্বাৰ্থত আঘাত হানিবলৈ সক্ষম নহব। আপুনি আনৰ প্ৰতি সহানুভূতিশীল হব। আপুনি গুৰুত্বসহকাৰে কাম সম্পূৰ্ণ কৰিব। আপুনি আপোনাৰ চৌকাষে থকা ব্যক্তিসকলৰ সৈতেও সু-সম্পৰ্ক স্থাপন কৰিব।

সিংহ : (২৩ জুলাই - ২৩ আগষ্ট)

আপোনাৰ প্ৰেমৰ সম্পৰ্কত বৰ্তমান নিৰসতা বিৰাজ কৰিব ৷ পূৰ্বে এনেধৰণৰ সমস্যা আপুনি সমাধান কৰিছে ৷ আধ্যত্মিক আৰু পাৰ্থিৱ—দুয়োটা দিশৰ পৰাই এই সময়ছোৱা আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হব। আপুনি নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি অগ্ৰসৰ হব। স্বামী-স্ত্ৰীৰ মাজত ভাল বুজাবুজি থাকিব। বিবদমান বিষয়ত আপোনাৰ জয়ৰ ইংগিত সূচিত হৈছে। আপুনি নতুন প্ৰকল্প হাতত ল'ব।

কন্যা : (২৪ আগষ্ট - ২২ ছেপ্টেম্বৰ)

আপুনি আপোনাৰ অংশীদাৰসকল সলনি কৰিব লগা হ’ব পাৰে ৷ আৰু আপুনি প্ৰকৃতাৰ্থতে আচল ব্যক্তিজন হৈ পৰিব পাৰে। আপুনি যোগ, ধ্যান আৰু প্ৰাৰ্থনাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিব। আপুনি বৈচিত্ৰপূৰ্ণ ক্ষেত্ৰত সক্ৰিয় হৈ থাকিব। আপোনাৰ আয় বৃদ্ধি পাব। আপোনাৰ কামক লৈ আপোনাৰ উৰ্ধতন বিষয়াবৰ্গ আৰু জ্যেষ্ঠ কৰ্মচাৰীসকল সন্তুষ্ট হব।

তুলা : (২৩ ছেপ্টেম্বৰ - ২৩ অক্টোবৰ)

আপুনি সু-সংস্কাৰ মানসিকতাৰ এজন অতি ভাললগা ব্যক্তিক লগ পাব ৷ এই ব্যক্তিজনে আপোনাৰ জীৱন অভূতপূৰ্বভাবে সলনি কৰিব। আপুনি আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই সকলোখিনি সুন্দৰভাবে চম্ভালি লব। আপোনাক যোগ, প্ৰাৰ্থনা, উপাসনা আৰু ধৰ্মীয় কাম-কাজে আকৰ্ষিত কৰিব। আপোনাৰ বিত্তীয় অৱস্থা উন্নত হব আৰু আপুনি উপকৃত হব পৰা কামৰ প্ৰতি গুৰুত্ব দিব। আপুনি গতিশীল ব্যক্তিত্ব আৰু ইতিবাচক চিন্তাৰ বিকাশ সাধন কৰিব।

বৃশ্চিক: (২৪ অক্টোবৰ - ২২ নৱেম্বৰ )

কৰ্মস্থলীত আপুনি প্ৰতিযোগিতাৰ সন্মুখীন হ’ব ৷ ইয়ে আপোনাক কঠোৰ পৰিশ্ৰম কৰিবলৈ বাধ্য কৰিব ৷ আপুনি আপোনাৰ ঘনিষ্ঠজনৰ আস্থা জয় কৰিব। মানুহে আপোনাৰ ভদ্ৰ আৰু অমায়িক আচৰণক প্ৰশংসা কৰিব। সপ্তাহটোৰ শেষৰফালে আপুনি ব্যৱসায় সংক্ৰান্তীয় ভ্ৰমণ হাতত লব পাৰে, যিটো ফলদায়ক হব। কিছুমান সুখপ্ৰদ খবৰে আপোনাৰ সজীৱতা বৃদ্ধি কৰিব

ধনু : (২৩ নৱেম্বৰ - ২১ ডিচেম্বৰ)

আপুনি ধূৰ্তালি আৰু সাৱধানতাৰে লাভ অৰ্জন কৰিব ৷ আপুনি আনক পৰিচালনা কৰাৰ দক্ষতা ভালদৰে ব্যৱহাৰ কৰিব। আপুনি নতুন বন্ধুত্বও গঢ়িব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু পদক্ষেপে সফলতা আনিব। আপুনি চাকৰিত পদোন্নতি পাব। আপোনাৰ বাৰ্তা-সংযোগৰ দক্ষতা অদ্বিতীয়। আপুনি অধিক খোলা মনৰ হব আৰু আনতকৈ নিজৰ প্ৰতি অধিক গুৰুত্ব দিব।

মকৰ : (২২ ডিচেম্বৰ - ২০ জানুৱাৰী)

আপোনাৰ ভাই-ভনীৰ আচৰণে আপোনাৰ মনত অশান্তিৰ সৃষ্টি কৰিব পাৰে ৷ আপুনি পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব । এই সময় হৈছে আপুনি আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰ সৈতে আনন্দ-স্ফূৰ্তি কৰাৰো সময়। আপুনি বনভোজ অথবা আনন্দ-স্ফূৰ্তিৰে ভৰা ভ্ৰমণত যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰো যতন লব।

কুম্ভ : (২১ জানুৱাৰী - ১৮ ফেব্ৰুৱাৰী)

আপুনি আপোনাৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ লগত সম্পৰ্ক পুনৰ শক্তিশালী কৰিবলৈ বিচাৰিব। আপুনি আপোনাৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যবৰ্গৰ লগত ভাল বান্ধোন অটুট ৰাখিব। আহি থকা দিনবোৰে আপোনালৈ আনন্দ আৰু সম্পদ আনিব। আপুনি প্ৰতিটো কামতে সফলতাও অৰ্জন কৰিব। আপোনালোক প্ৰেমিক-প্ৰেমিকাৰ মাজত ভাল বুজাপৰা থাকিব।

মীন : (১৯ ফেব্ৰুৱাৰী - ২০ মাৰ্চ)

আপুনি আপোনাৰ কাম বা চাকৰিৰ ক্ষেত্ৰত কিছু নতুন পথৰ বিচাৰিব ৷ ব্যৱসায়ত আপুনি প্ৰচুৰ লাভ অৰ্জন কৰিব। ইয়ে আপোনাক উত্সাহিত কৰিব। আপুনি নতুন পৰিকল্পনাৰ কথা চিন্তা কৰিব। আপুনি আপোনাৰ পৰিয়াল আৰু সন্তানৰ সৰু-সুৰা প্ৰয়োজনীয়তাও পূৰণ কৰিব । জীৱনসংগীৰ সৈতে আপোনাৰ সম্পৰ্ক সু-মসৃণ হ’ব।