ৰাশিফল ( ৬ ডিচেম্বৰ, বৃহস্পতিবাৰ, ২০২২)

Sentinel Digital Desk

মেষ : ( ২১ মাৰ্চ - ২০ এপ্ৰিল )

আপোনাৰ আজিৰ দিনটো অপূৰ্ব সুন্দৰ হ’ব ৷ আপোনাৰ আঁচনি-পৰিকল্পনা সফল হ’ব ৷ আপুনি আপোনাৰ সহকৰ্মী বা অধীনৰ কৰ্মীসকলৰ সৈতে কঠোৰ পৰিশ্ৰম কৰিব আৰু আকাংক্ষিত ফল পাব ৷ আপোনাৰ জনপ্ৰিয়তা তুংগত থাকিব ৷ আপোনাৰ বিত্তীয় অৱস্থা উন্নত হ’ব ৷ আপুনি আপোনাৰ আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ সংগত সময় অতিবাহিত কৰিব ৷ ঘৰুৱা ক্ষেত্ৰত গুৰুত্ব দিবলগীয়া বিষয়ৰ কথা চিন্তা কৰি সময় পাৰ কৰিব ৷

বৃষ : (২১ এপ্ৰিল - ২১ মে’)

কৰ্মস্থলীত আপুনি প্ৰতিযোগিতাৰ সন্মুখীন হ’ব ৷ ইয়ে আপোনাক কঠোৰ শ্ৰম কৰিবলৈ বাধ্য কৰিব ৷ প্ৰতিবন্ধকতা সত্বেও আপুনি আকাংক্ষিত ফল লাভ কৰিবলৈ সক্ষম হ’ব ৷ ঘৰত আপুনি পৰিয়ালৰ লগত সুখৰ মুহূৰ্ত অতিবাহিত কৰিব ৷ আপুনি কোনো এক নতুন ঠাইলৈ স্থানান্তৰিত হোৱাৰ বিষয়ে কিছু কথা আলোচনা কৰিব পাৰে ৷ আপোনাৰ বিত্তীয় অৱস্থা স্বাভাৱিক হৈ থাকিব ৷

মিথুন : ( ২২ মে’- ২১ জুন)

আপুনি আপোনাৰ কৰ্মস্থলীত আপোনাৰ সহকৰ্মীৰ পৰা সকাহ-সমৰ্থন পাব ৷ আপুনি কামত নতুন ধাৰণা প্ৰয়োগ কৰিব ৷ আপোনাৰ এই ধাৰণাসমূহক সকলোৱে আদৰণি জনাব ৷ পদোন্নতিৰ বাবে আপোনাৰ নাম প্ৰেৰণ কৰা হ’ব পাৰে ৷ আপুনি অনেক মানুহৰ লগত ভাব বিনিময় কৰিব আৰু নতুন নতুন মানুহৰ লগত সংযোগ স্থাপন কৰিব৷ আপোনাৰ পৰিয়ালত সুখ আৰু আনন্দ বিৰাজ কৰিব ৷

কৰ্কট: (২২ জুন - ২২ জুলাই)

আপুনি চতুৰালি তথা সাৱধানতা আৰু বিচক্ষণতাৰে লাভ অৰ্জন কৰিব ৷ আনক পৰিচালনা কৰিব পৰা আপোনাৰ দক্ষতাৰ আপুনি সৰ্বোত্তম সু-প্ৰয়োগ কৰিব ৷ আপোনাৰ সংগীৰ সৈতে আপোনাৰ সংঘাত হ’ব পাৰে ৷ কৰ্মস্থলীতো আপুনি জটিলতাৰ সন্মুখীন হ’ব ৷ আপোনাৰ গোপন কথা ফাদিল হ’ব পাৰে ৷ এই কথা আপোনাৰ ভাললগা নহ’ব পাৰে ৷ নিজৰ মানসিক শান্তিৰ বাবে আপুনি কিছু ধৰ্মীয় স্থান ভ্ৰমণ কৰিব পাৰে ৷

সিংহ : (২৩ জুলাই - ২৩ আগষ্ট)

ঘৰুৱা বিষয়ৰ সৈতে কোনো অতি গুৰুত্বপূৰ্ণ কথাৰ ক্ষেত্ৰত আপুনি আপোনাৰ জীৱনসংগীৰ পৰামৰ্শ ল’ব পাৰে ৷ এয়া এক বৃহৎ সহায় হ’ব এই সময় হৈছে ধন অৰ্জন কৰাৰ সময় ৷ আপুনি এটা সিদ্ধান্ত ল’ব পাৰিব ৷ আপুনি শক্তিশালীভাবে আপোনাৰ প্ৰতিপক্ষৰ সন্মুখীন হ’ব ৷ আপোনাৰ পেচাগত সংযোগ বৃদ্ধি পাব ৷ আপোনাৰ আয় ভাল হব ।

কন্যা : ( ২৪ আগষ্ট- ২২ ছেপ্টেম্বৰ)

আপুনি চাকৰি বা পেচাৰ ক্ষেত্ৰত কিছু নতুন পথ বিচাৰিব ৷ ব্যৱসায়ীসকলে নতুন ধাৰণাক আদৰণি জনাব ৷ দীৰ্ঘ সময়ৰ পাছত ব্যৱসায়িক লাভ হঠাতে বৃদ্ধি পাব ৷ আপোনালোক দুয়োজনে একেলগে সুন্দৰ সময় অতিবাহিত কৰিব ৷ আপোনাৰ সন্মান বৃদ্ধি পাব ৷ আপোনাৰ বিত্তীয় দিশ সম্পৰ্কত আপুনি সাৱধানেৰে সিদ্ধান্ত ল’ব আপোনাৰ দৃষ্টিভংগীৰ দ্বাৰা বহুলোক মুগ্ধ হ’ব ৷

তুলা : (২৩ ছেপ্টেম্বৰ - ২৩ অক্টোবৰ)

আপুনি দিক-নিৰ্দেশনা বা নেতৃত্ব প্ৰদানকাৰী স্থানত উপনীত হ’ব ৷ ফলত আপোনাৰ আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে জড়িত কথাৰ ক্ষেত্ৰত আপুনি পৰিৱেশ-পৰিস্থিতি সলনি কৰিব পাৰিব ৷ আপুনি সকলো আদৰ যতনৰ কেন্দ্ৰত থাকিবলৈ বিচাৰিব আৰু ইয়াক বহু ধৰণেৰে পাবলৈ চেষ্টা কৰিব ৷ আপোনাৰ সন্মান বৃদ্ধি পাব ৷ আপোনাৰ বিত্তীয় দিশ সম্পৰ্কত আপুনি সাৱধানেৰে সিদ্ধান্ত ল’ব ৷ আপুনি আপোনাৰ জ্ঞানৰ ভঁৰাল চহকী কৰিব।

বৃশ্চিক : (২৪ অক্টোবৰ - ২২ নৱেম্বৰ)

আপুনি কাৰ প্ৰতি অনুৰাগ অনুভৱ কৰিছে, তাক লৈ খুলা-খুলি হোৱাটো গুৰুত্বপূৰ্ণ ৷ আপুনি আপোনাৰ ভৱিষ্যতৰ আত্মীয় হ’বলগীয়া পৰিয়ালৰ গৃহলৈ এক দূৰ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ মইমতীয়া আচৰণ কৰাৰ পৰিৱৰ্তে আপুনি সুমিষ্ট আচাৰ-আচৰণ কৰক আৰু তাৰ ফলাফল চাওক ৷ আপুনি আপোনাৰ পেচা বা চাকৰিকলৈ ব্যস্ত থাকিব ৷ আপুনি পদোন্নতিও পাব পাৰে। আপুনি আপোনাৰ লক্ষ্যত উপনীত হ’ব ৷ এক নিৰ্দিষ্ট ধৰণেৰে আপুনি কাম কৰিব ৷

ধনু : ( ২৩ নৱেম্বৰ - ২১ ডিচেম্বৰ)

আপুনি আপোনাৰ সামৰ্থ অনুসৰি কাম কৰাৰ চেষ্টা মাজতে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক লৈ সন্দিহান হ’ব পাৰে ৷ আপোনাৰ মনত সন্দেহৰ উদ্ৰেক হ’ব পাৰে আপুনি এক অতি বিপজ্জনক মানসিকতাত থাকিব আৰু সেয়া আপোনাৰ ৰোমাণ্টিক জীৱনটো প্ৰতিফলিত হ’ব ৷ আপুনি কিছু চৰকাৰী সা-সুবিধা লাভ কৰিব পাৰে ৷ আপুনি মানসিক চাপ আৰু দুঃশ্চিন্তাৰ পৰা মুক্তি পাব ৷

মকৰ : ( ২২ ডিচেম্বৰ - ২০ জানুৱাৰী)

আপোনাৰ মন-মগজু কাৰ্যালয়ৰ কামৰ কথাৰে পূৰ্ণ হৈ থাকিব ৷ গতিকে আপুনি আপোনাৰ ৰোমাণ্টিক জীৱনৰ প্ৰতি সময় দিব নোৱাৰিব পাৰে ৷ ৷ আপুনি আপোনাৰ বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰিব আৰু তেওঁলোকৰ লগত আপোনাৰ ভাব-অনুভূতি ভাগ-বাটোৱাৰা কৰিব ৷ আপুনি আপোনাৰ সন্তানৰ কেৰিয়াৰৰ পথ বাচি দিয়াত সফল হ’ব।

কুম্ভ : (২১ জানুৱাৰী - ১৮ ফেব্ৰুৱাৰী)

আপুনি আনে দোষাৰোপ কৰা কোনো কথাৰ মাজত সোমাই পৰিব পাৰে ৷ আপুনি আনে কৰাকে ধৰি সকলো ভুলৰ উত্তৰ দিবলগীয়া হ’ব পাৰে আপুনি মন আৰু হৃদয়েৰে চেষ্টা কৰি সমস্যা দূৰ কৰিব পাৰিব ৷ আপুনি কথা-বতৰাবোৰ সহজভাবে লবলৈ চেষ্টা কৰিব ৷ আপুনি আপোনাৰ ফালে মানুহক আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব ৷ কামৰ ক্ষেত্ৰত আপুনি লক্ষ্যত উপনীত হ’বলৈ সক্ষম হ’ব ৷ আপোনাৰ বিত্তীয় অৱস্থা ভাল ৷

মীন : (১৯ ফেব্ৰুৱাৰী - ২০ মাৰ্চ

আপুনি অন্তৰ্মুখী স্বভাৱৰ হোৱাৰ পৰিপ্ৰেক্ষিতত আপুনি অধিক কথা-বতৰাৰ পৰা নিজক আঁতৰাই ৰাখিব ৷ ইয়াৰ বাবে আপোনাৰ ৰোমাণ্টিক জীৱনত আঘাত লাগিব পাৰে। আপোনাৰ বাবে আজিৰ দিনটো অপূৰ্ব সুন্দৰ হব। আপোনাৰ বিত্তীয় অৱস্থা সুস্থিৰ আৰু শক্তিশালী হব। কাৰ্যালয়ৰ কামত আপুনি কৃতকাৰ্যতা অৰ্জন কৰিব ৷ আপুনি মানসিকভাবে সন্তুষ্ট হ’ব লাগিব ৷ আপুনি সকলোকে মুগ্ধ কৰিব ৷