ৰাশিফল (২২ জানুৱাৰী, শনিবাৰ, ২০২১)

Sentinel Digital Desk

মেষ : (২১ মাৰ্চ - ২০ এপ্ৰিল)

আপুনি আপোনাৰ প্ৰেমিকাৰ অনুভৱ-অনুভূতি আৰু প্ৰয়োজনীয় প্ৰতি প্ৰচুৰ গুৰুত্ব দিব ৷ আপোনাৰ জীৱনৰ চাৰিওদিশত সুখ বিৰাজ কৰিব৷ আপুনি আপোনাৰ প্ৰেমিকাৰ পৰিয়ালক সাক্ষাৎ পোৱাৰ সম্ভাৱনা আছে। আপুনি বিদেশ ভ্ৰমণলৈ যাব পাৰে ৷ আজিৰ দিনটোৱে আপোনালৈ কিছু সু-বতৰা আনিব। আপোনাৰ কাম প্ৰশংসিত হ’ব৷ ব্যৱসায়ত দিয়া আৰু লোৱা থাকিব ৷

বৃষ : (২১ এপ্ৰিল-২১ মে’)

আজিৰ দিনটো আপোনাৰ বাবে ঘটনাবহুল দিন হ’ব। বহু কাৰ্যকলাপেৰে আপোনাক আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আনন্দিত কৰি ৰাখিব। আপুনি বিয়াৰ প্ৰস্তাৱ দিব পাৰে ৷ আজিৰ দিনটো কিছু ভাল কাম কৰাৰ দিন ৷ আপুনি প্ৰচুৰ নাম আৰু যশস্যা আহৰণ কৰিব ৷ আপুনি যিয়েই নকৰক কিয়, সম্পূৰ্ণ আনুগত্য আৰু উৎসৰ্গিত মনোভাবেৰে কৰিব ৷

মিথুন : (২২ মে’- ২১ জুন)

আপুনি আপোনাৰ অংশীদাৰ সলনি কৰিব পাৰে ৷ নতুন নতুন মানুহৰ সৈতে হোৱা সাক্ষাতে আপোনাক এটা সুযোগ দিব আৰু আপুনি মানসিক চাপত থকাৰ বাবে এই সুযোগক সৰ্বোত্তম বুলি গ্ৰহণ কৰিব ৷ ভাগ্যই আপোনাক কৃপা কৰিব ৷ আপুনি জ্ঞান-গৰিমা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে পৰিস্থিতি জয় কৰিব ৷ আপুনি কিছু নতুন কাম কৰিব ৷

কৰ্কট : (২২ জুন - ২২ জুলাই)

আপুনি ওপৰে ওপৰে চায়ে মানুহক আস্থাত নল’ব। আপুনি সম্পূৰ্ণৰূপে স্পৰ্শকাতৰ হ’ব আৰু মানুহে ইয়াৰ সুযোগ ল’ব পাৰে ৷ আপুনি লাহে-ধীৰে অগ্ৰসৰ হওক, কিন্তু কি কৰিছে তাক লৈ নিশ্চিত হ’ব ৷ আপোনাৰ অধীনৰ কৰ্মচাৰীসকল অতি সহযোগিতাপূৰ্ণ হ’ব ৷ তেওঁলোকে আপোনাক আপোনাৰ লক্ষ্য-উদ্দেশ্য পূৰণত সহায় কৰিব ৷ আপুনি বেংকত ধন বিনিয়োগৰ কামত ব্যস্ত হৈ থাকিব ৷ আপোনাৰ কৰ্ম-পাৰদৰ্শিতাত আপোনাৰ জ্যেষ্ঠ বিষয়াবৰ্গ সন্তুষ্ট হ’ব।

সিংহ : (২৩ জুলাই - ২৩ আগষ্ট)

আপুনি সহজেই আবেগ-অনুভূতিকলৈ ডুব যাব ৷ অৱশ্যে আপুনি এনে কোনোবাজনক লগ পাব, যিয়ে আপোনাৰ হৃদয় জয় কৰিব ৷ আপুনি তেওঁক লৈ জীৱনত স্থিৰতা অৰ্জনৰ কথা চিন্তা কৰিব ৷ আপুনি ধন লাভৰ বাবে এয়াই আপোনাৰ বাবে সৰ্বোত্তম সময়। আপুনি চেষ্টাৰ বলত ভাল ফল অৰ্জন কৰিব ৷ আপুনি আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰ সংগত থাকি ভাল পাব ৷

কন্যা : (২৪ আগষ্ট - ২২ ছেপ্টেম্বৰ)

আপুনি কিছু সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ কিন্তু মন স্থিৰ কৰিব নোৱৰাৰ বাবেহে প্ৰধানতঃ এই সমস্যাবোৰৰ সৃষ্টি হ’ব ৷ আপোনাৰ প্ৰয়োজনত আপোনাক সহায় কৰিবৰ বাবে আপোনাৰ প্ৰেমিক বা প্ৰেমিকা সদায়ে সাজু হৈ থাকিব ৷ আপুনি নিজৰ কাম-কাজক গভীৰভাবে পৰীক্ষা কৰা উচিত ৷ আপুনি নিজক মূল্যায়ন কৰাৰ প্ৰয়োজন। আপোনাক আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠসকলে দিক-নিৰ্দেশনা দিব ৷ আপুনি আলহী-অতিথিয়ে কৰা হাঁহি-আনন্দত উৎফুল্লিত হ’ব ৷

তুলা : (২৩ ছেপ্টেম্বৰ - ২৩ অক্টোবৰ)

আপোনাৰ বাবে আজিৰ দিনটো আনন্দ-স্ফূৰ্তিৰ দিন হ’ব ৷ আপুনি কোনো খেলা-ধূলাত অংশ ল’বৰ বাবে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে ক’ৰবালৈ ফুৰিবলৈ যাব পাৰে ৷ সেয়ে আজিৰ দিনটো ভাব-অনুভূতি ভাগ-বাটোৱাৰাৰ বাবে এটা উৎকৃষ্ট দিন হ’ব ৷ আপুনি কিছু নতুন কাম কৰাৰ পৰিকল্পনা কৰিব ৷ আপোনাৰ ভদ্ৰতা আৰু উদাৰ দৃষ্টিভংগীৰ বাবে মানুহে আপোনাক ভাল পাব ৷ .আপুনি সমাজৰ বাবে কিছু কাম কৰাৰ কথাও চিনি কৰিব ৷

বৃশ্চিক : (২৪ অক্টোবৰ -২২ নৱেম্বৰ)

ভ্ৰমণে আপোনাৰ আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ আজিৰ দিনটোৰ অধিকাংশ সময় আগুৰি থাকিব পাৰে ৷ এই ভ্ৰমণৰ কেতবোৰ কামৰ বাবে লোৱা আৰু আন কেতবোৰ মাথোঁ সময় উপভোগৰ বাবে তথা আৰাম কৰাৰ বাবে লোৱা৷ আপোনাৰ পত্নীৰ ফালৰ আত্মীয়-স্বজনৰ লগত আপোনাৰ সু-সম্পৰ্ক থাকিব ৷ আপুনি এজন গুৰুত্বপূৰ্ণ ব্যক্তিকো লগ পাব ৷ এয়া আপোনাৰ অনুকূলে হ’ব ৷

ধনু : (২৩ নৱেম্বৰ - ২১ ডিচেম্বৰ)

আপুনি সম্পৰ্কৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ বাবে এয়া ভাল সময় ৷ আপুনি এটা সুযোগ পাব পাৰে ৷ জীৱন সহজ কৰি তুলি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাৰ প্ৰতি পূৰ্ণ সহযোগিতা আগবঢ়াব পাৰে ৷ আপোনাৰ জীৱনসংগীৰ লগত থকা আপোনাৰ ব্যৱধান দূৰ হ’ব ৷ আপুনি হেৰুওৱা সন্মান ঘূৰাই পাব ৷ আপুনি আপোনাৰ পৰিয়ালৰ দায়িত্ব পালন কৰিব ৷ আপুনি শান্তিপূৰ্ণভাবে সময় অতিবাহিত কৰিব ৷

মকৰ : (২২ ডিচেম্বৰ- ২০ জানুৱাৰী)

পেচাদাৰী কাম-কাজে পূৰ্ণ গতি ল’ব আৰু আপোনাৰ সিংহভাগ সময় দখল কৰিব ৷ ফলত আপুনি প্ৰিয়তম বা প্ৰিয়তমাৰ লগত অধিক সময় কটাবলৈ নাপাব ৷ ইয়ে আপোনাৰ মনত উদ্বিগ্নতাৰ সৃষ্টি কৰিব পাৰে ৷ ক’ৰবাত আবদ্ধ হৈ পৰা আপোনাৰ ধন আপুনি লাভ কৰিব ৷ আপুনি পুৰণি বন্ধু-বান্ধৱকো লগ পাব। কামত আৰু কামৰ পৰিকল্পনাত আপুনি অধিক শক্তি আৰু সময় অতিবাহিত কৰিব ৷

কুম্ভ : (২১ জানুৱাৰী - ১৮ ফেব্ৰুৱাৰী )

আপোনাৰ প্ৰেম-জীৱন সুখৰ হ’ব ৷ আপুনি আপোনাৰ জীৱনসংগীৰ লগত কাম-কাজ উপভোগ কৰিব ৷ আপুনি তেওঁৰ ঘৰ সলনিৰ কৰাৰ কথাও চিন্তা কৰিব পাৰে ৷ আপোনাৰ পৰিয়ালত বিৰাজ কৰা দুঃশ্চিন্তা দূৰ হ’ব ৷ আপোনাৰ ভাই-ককাইৰ সৈতে সম্পত্তিজনিত বিবাদ নিষ্পত্তি হ’ব ৷ আপুনি আজি বিত্তীয় লাভো অৰ্জন কৰিব ৷ আপুনি আপোনাৰ কাৰ্যালয়ৰ মুৰব্বী বিষয়াৰ লগত কোনো গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব ৷

মীন : (১৯ ফেব্ৰুৱাৰী - ২০ মাৰ্চ)

আপুনি শেহতীয়াভাবে লগ পোৱা কোনোবাজনে আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ বিচাৰিব পাৰে ৷ আপুনি তেওঁৰ সংগ উপভোগ কৰিব আৰু ই প্ৰেম-ৰোমান্স আৰম্ভণিৰ পৰ্ব হ’ব পাৰে ৷ সময়মতে কাম সম্পূৰ্ণ হৈ উঠাৰ বাবে আপোনাৰ সহকৰ্মীসকল সুখী হ’ব ৷ আপোনাৰ জ্যেষ্ঠসকলে আপোনাক দিক-নিৰ্দেশনা দিব আৰু আপোনাৰ পথ সহজ হৈ উঠিব ৷

Explore