স্বাগতম ২০২২! বছৰটোত আপুনি আপোনাৰ সপোন পূৰণ কৰিবলৈ হ'লে

Sentinel Digital Desk

ভাব-চিন্তনৰ সাকাৰ ৰূপ !

ভাব-চিন্তনৰ সাকাৰ ৰূপ মানে আপুনি ভবা একেৰাহে কোনোবা এটা কথা বা এজন ব্যক্তিৰ কথা ভাবি থকা আৰু সেই ব্যক্তিজনক নিজৰ জীৱনলৈ আকৰ্ষণ কৰা বা সেই বিশেষ বস্তু লাভ কৰা ৷

নিজকে জুঁকিয়াই চাওক !

আপুনি প্ৰকৃততে কি বিচাৰে, সেয়া বিশ্লেষণ কৰি চাওক ৷ বিচৰাখিনি বা বিচৰা বস্তুৰ সংখ্যা এটালৈ হ্ৰাস কৰক ৷

মনে বিচৰাটোৰ কথা লিখি লওক!

পিছত যাতে দোধোৰ-মোধোৰত পৰিবলগা নহয় তাৰ বাবে আপুনি বিচৰাখিনিৰ কথা স্পষ্টকৈ এখন কাগজত লিখি লওক ৷

বিচৰাটো পাবলৈ চেষ্টা কৰক !

বিচৰাটো লিখি ৰাখিলেই যথেষ্ট নহয় ৷ সেইটো পাবৰ বাবে আপুনি চেষ্টা অথবা কাম কৰিব লাগিব ৷

দায়বদ্ধতা !

আপুনি আপোনাৰ সফলতা-বিফলতা দুয়োটাৰে দায়িত্ব ল’ব লাগিব ৷

কৰ্মত অগ্ৰসৰ হোৱাৰ প্ৰক্ৰিয়াঃ

সফলতাপ্ৰাপ্তিৰ বাবে অগ্ৰসৰ হোৱাৰ প্ৰক্ৰিয়াটো হ’ল যে আপুনি বিফল হ’লেও ভাঙি পৰিব নালাগিব ৷ কিছু পোৱাৰ আকাংক্ষা কৰা আৰু তাক প্ৰাপ্ত কৰাটো এটা দীঘলীয়া প্ৰক্ৰিয়া।

নিজৰ সামৰ্থ্যক লৈ সন্দেহ !

কিবা এটা পাবৰ বাবে চেষ্টা কৰি থকাৰ সময়ত অনেক প্ৰতিবন্ধকতাৰ সন্মুখীন হোৱাৰ আশংকা থাকে ৷ এনে এটা প্ৰতিবন্ধকতা হৈছে নিজৰ সামৰ্থ্যক লৈ সন্দেহ ৷ এনে প্ৰতিবন্ধকতা অতিক্ৰম কৰি আপুনি উদ্যমেৰে আগবাঢ়িব লাগিব ৷

নিজক প্ৰশংসা কৰা !

সৰু-সুৰা সফলতাৰ বাবেও নিজক প্ৰশংসা কৰক আৰু ইয়ে আপোনাৰ মনত আশা-উদ্দীপনাৰ সৃষ্টি কৰিব ৷

নিজৰ ওপৰত আস্থা-বিশ্বাস ৰখা !

নিজৰ সপোন কৰিবলৈ হ’লে এজন ব্যক্তিয়ে নিজৰ ওপৰত ১০০ শতাংশ আস্থা আৰু বিশ্বাস ৰাখিব লাগিব ৷