Sentinel Digital Desk
এনে ধৰণৰ উজ্জ্বল পোচাক পৰিধান কৰি বাহিৰলৈ ওলাবলৈ সংকোচ নকৰিব ৷ আপুনিও অভিনেত্ৰী জুহি চাওলাৰ দৰে এনে সাজ-পাৰ পৰিধান কৰিব পাৰে ৷ এই সাজ-পাৰৰ লগত মিলাই প্ৰাকৃতিকভাবে কেশসজ্জা কৰি আৰু কাণত ফুলি পিন্ধিব পাৰে ৷
নিজৰ সৌন্দৰ্যক লৈ মনত সন্দেহৰ সৃষ্টি হ’লে এনে বহুৰঙী দোপাট্টা আৰু কুৰ্তা পৰিধান কৰিব পাৰে ৷ জুহিক এই পোছাকত অপূৰ্ব দেখাইছে ৷
কেতিয়াবা কপালত এটা জিলিকি থকা ফোট ল’লে নাৰীৰ সৌন্দৰ্য বৃদ্ধি পায়। জুহি চাওলাৰ ফটোৱে যেন ইয়াকে কয় ৷ তেওঁ কপালত লোৱা ফোটটোৱে তেওঁৰ দুচকুৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে মেক-আপ তুলি ধৰিছে।
মাজে-সময়ে আপুনি এম্ব্ৰইডাৰীৰ সৈতে প্ৰিণ্ট কৰা এনে পোচাক পৰিধান কৰিব পাৰে ৷
মাজে-সময়ে আপুনি পাতল ৰঙৰ সাজ-পাৰ পৰিধান কৰিব পাৰে ৷ এনে সাজ-পাৰ চেলিব্ৰিটিসকলৰ প্ৰিয়।
জুহি চাওলাই এনেধৰণৰ সাজ-পৰিধান কৰিবলৈ অকণো সংকোচবোধ নকৰে ৷ এনে ধৰণৰ সাজ-পাৰ বিয়া-বাৰু খাবলৈ যোৱাৰ বাবে ভাল ৷
কোনো কোনো বিশেষ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে এনেধৰণৰ সাজ-পাৰ ভাল ৷ আপুনি এনেধৰণৰ সুন্দৰ গাউনৰ সৈতে জালৰ দৰে দোপাট্টা ল’ব পাৰে ৷
মূৰৰ চুলি তললৈ কৰি জুহিৰ দৰে আপুনিও এনে সাজ-পাৰ পৰিধান কৰিব পাৰে ৷ এই ফটোত জুহিয়ে কোমল গুলপীয়া ৰঙৰ কুৰ্তা আৰু মেটেলিক ৱেজেছ পৰিধান কৰিছে ৷
জুহিক এই ফটোত কোনো ৰাজ-পৰিয়ালৰ সদস্যাৰ দৰে লাগিছে। এই ফটোত তেওঁক এটা এম্ব্ৰইডাৰী কৰা কুৰ্তা আৰু বহু আ-অলংকাৰ পৰিধান কৰিছে। তেওঁ দোপট্টা আৱৰণীৰ লেখীয়াকৈ লৈছে আৰু ঢৌখেলাকৈ কেশ সজাইছে ৷