Sentinel Digital Desk
মৌনীয়ে এই সাজ পৰিধানৰ ক্ষেত্ৰত ক্যাটৰিনা কাইফক অনুকৰণ কৰিছে ৷ হয়তো তেওঁৰ বিয়াৰ সাজ এনেধৰণৰে হ’ব ৷
এনেধৰণৰ উচ্ছল যৌৱন ফুটাই তোলা সাজ-পাৰেৰে নৃত্য-গীত আদিত অংশ ল’লেও খাপ খাই পৰে ৷
পৰম্পৰাগত ভাৰতীয় বিয়াৰ সাজ-পাৰ বুলি ক’লে এনে এযোৰ সাজ-পাৰৰ কথাই মনলৈ আহে ৷ এনেধৰণৰ মেৰুণ আৰু গভীৰ ৰঙা ৰং বিয়াৰ সাজ-পাৰত খাপ খাই পৰে ৷
এনেধৰণৰ ৰঙা সাজ-পাৰক পৰম্পৰাগত ভাৰতীয় বিয়াৰ সাজ-পাৰ আখ্যা দিব পাৰি ৷
এনেধৰণৰ উজ্জ্বল সোণালী ৰঙৰ সাজ-পাৰ কোনো পাৰ্টী বা সংগীতানুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰিবলৈ ভাল।
মৌনীৰ বিয়া গোৱাত আয়োজিত হৈছে ৷ গতিকে তাৰ পৰিৱেশৰ সৈতে খাপখোৱাকৈ তেওঁ এনে সাজ-পাৰ পৰিধান কৰিব পাৰে ৷
এটা সুন্দৰ-সূষম দৈহিক সৌন্দৰ্য ফুটাই তোলাৰ বাবে এনেধৰণৰ অ-পৰম্পৰাগত ক’লা আৰু সোণালী লেহেংগা ভাল ৷
“ নাগিন" ছবিত নায়িকাই এনেধৰণৰ সাজ-পাৰ পৰিধান কৰিছিল। মৌনীয়ে বিয়াৰ দিনা পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰিবলৈ বিচাৰিলে এনে এযোৰ সাজ-পাৰ পচ্ছন্দ কৰিব পাৰে ৷