Sentinel Digital Desk
খাৰ হৈছে সামগ্ৰী, তথা এই সামগ্ৰীটোৰ ব্যৱহাৰেৰে তৈয়াৰ কৰা খাদ্য বিধৰ নাম। ইয়াৰ উৎপাদন কৰা হয় পানী আৰু শুকান কলৰ বাকলিৰ দ্বাৰা তৈয়াৰ কৰা এক সংমিশ্ৰণৰ পৰা। যাৰ সোৱাদ টেঙা, আৰু ইয়াৰ বৃদ্ধি হয় হজম শক্তিৰ।
বিশেষকৈ বিহুৰ সময়ত তৈয়াৰ কৰা তিল পিঠা হৈছে অসমীয়াৰ চিনাকী। ইয়াক তৈয়াৰ কৰা হয় পিঠা গুৰি, তিল আৰু গুৰৰ সৈতে।
নাগালেণ্ডৰ লোক সকলৰ অন্যতম প্ৰিয় খাদ্য সম্ভাৰ হৈছে গাহৰি মাংস। পোৰা গাহৰি মাংসৰ বাহিৰৰ অংশ টান হয় আৰু ভিতৰৰ খিনি কোমল, যাক খৰিচা নতুবা আখুনীৰ সৈতে তৈয়াৰ কৰা হয়।
গালহো তৈয়াৰ কৰা হয় খিছিৰীৰ দৰে। মাত্ৰ এই খাদ্য বিধত ব্যৱহাৰ কৰা মাংসই ইয়াক খিছিৰীৰ পৰা পৃথক কৰে। ইয়াৰ উপকৰণ সমূহ হৈছে চাউল, বিভিন্ন পাচলি, শুকান গাহৰি বা গো মাংস আৰু আখুনি।
থূপকা তৈয়াৰ কৰা হয় নুডল বিভিন্ন স্থানীয় শাক- ছবজি আৰু আৰু মাংসৰ সৈতে। ইয়াক বিশেষকৈ পৰিবেশন কৰা হয় ঠাণ্ডাৰ দিন সমূহত।
কেল্লী চানা হৈছে মণিপুৰৰ জনপ্ৰিয় খাদ্য সম্ভাৰ। ইয়াৰ নাম লোৱা হৈছে গোচৰ তলত জ্বলা বুটমাহ বিক্ৰী কৰা এগৰাকী তিৰোতাৰ পৰা। ইয়াক তৈয়াৰ কৰা হয় বুটমাহ আৰু বিভিন্ন স্থানীয় শাকৰ সৈতে।
অসমীয়া সকলৰ জনপ্ৰিয় টেঙা সামগ্ৰী হৈছে বিলাহী, শুকান আম, নেমূ্, কেঁচা আম আৰু ঔটেঙা। মাছৰ টেঙা হৈছে পাতলকৈ মচলা দিয়া, টেঙা মাছৰ জুল, যাক প্ৰধান কৈ ভাতৰ সৈতে পৰিবেশন কৰা হয়। গধূৰ আহাৰৰ পাছত ই হজম কৰা সহায় কৰে বুলি বিশ্বাস কৰা হয়। ইয়াক বিশেষকৈ পৰিবেশন কৰা হয় গৰমৰ দিনত।
ইয়াক তৈয়াৰ কৰা হয় চাউলৰ সৈতে, যাৰ লগত যোগ কৰা হয় বিভিন্ন সাক - পাচলিৰ সৈতে আৰু পছন্দ অনুযায়ী এটাৰ সৈতে মিলাব পাৰি গাহৰি মাংস।
ত্ৰিপুৰাৰ এই বিধ সোৱাদ লগা খাদ্য তৈয়াৰ কৰা হয় ভজা বাহৰ গাজ আৰু গাহৰি মাংসৰ সৈতে।