আটাইতকৈ সুন্দৰ ৰাশি সমূহ ক্ৰমানয়ে

Sentinel Digital Desk

মীন ৰাশি

সুন্দৰ ভাৱে গঢ়া ধেনুভিৰীয়া চেলাউৰি আৰু আকৰ্ষণীয় মুখমণ্ডলেৰে, মীন ৰাশিৰ অধিকাৰী নিসন্দেহে সবাটোতকৈ সুন্দৰ। তেওঁলোকৰ আকৰ্ষণীয় চকুজুৰি এক বিপদৰ আগজাননী কিয়নো, এই দৃষ্টি এনে গভীৰ, যে কোনো লোকে তাত ডুবী যোৱাটো স্বাভাৱিক।

সিংহ ৰাশি

বুটাম সদৃশ নাক, শ্বাসৰুদ্ধকাৰী চকু আৰু সুন্দৰ ছালৰ বৰণে, সিংহ ৰাশি সৌন্দৰ্য্য বৰ্ণন কৰে। এনে লোকৰ মুখমণ্ডলৰ ডিম্বাকৃতিৰ, সৰু ওঁঠ আৰু গালত প্ৰত্যক্ষ হয় গণ্ডকূপ। তেওঁলোকৰ মুখমণ্ডল শৰীৰৰ আটাইতকৈ আকৰ্ষণীয় আকৃতি। এনে ৰাশিৰ লোকৰ উপৰত দৃষ্টি নিক্ষেপ নোহোৱাটো এক অস্বাভাৱিক কথা।

তুলা ৰাশি

ডিম্বাকৃতিৰ মুখমণ্ডল আৰু ঘূৰণীয়া কপালে তুলা ৰাশিৰ লোকক দেখাত শুৱনি কৰি তোলে। আকৰ্ষণীয় চেলাউৰি, কজলা চকুজুৰী আৰু বতাহৰ লগত ঢৌ তোলা চুলিৰে সৌন্দৰ্য্য ফুটাই তোলে এই ৰাশিৰ লোকৰ। এওঁলোকৰ মোহনীয় ৰূপ অতিকৈ সংক্ৰমণশিল।

ধনু ৰাশি

ধনু ৰাশি লোকৰ উদাৰশীল স্বভাৱ আৰু অভিযানৰ বাবে তেওঁলোকৰ প্ৰেমে তেওঁলোকক আনৰ পৰা পৃথক কৰি তোলে। তেওঁলোকৰ চকু কোনো উজ্জ্বল পাথৰৰ দৰে, যাক নোচোৱাকৈ থকা অসম্ভৱকৰ। ইয়াৰ লগতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে তেওঁলোকৰ সুন্দৰ, মোটা চুলিকোঁচাই।

মিথুন ৰাশি

পুতলা সদৃশ ডিম্বাকৃতিৰ চেহেৰাই, মিথুন ৰাশিৰ লোকসকলক আকৰ্ষণীয় কৰি তোলে। মৰমলগা চেহেৰাটিক অলপ উচ্ছৃঙ্খল লুক দিয়ে তেওঁলোকৰ ঢৌ খেলা চুলি খিনীয়ে, যাক আদৰ বৃদ্ধি কৰে চালে চকুৰোৱা তেওঁলোকৰ দুচকুয়ে। এনে ৰাশিৰ লোকৰ বুদ্ধিমত্তা আৰু জীৱনৰ প্ৰতি থকা ভাল পোৱা প্ৰকাশ পায় তেওঁলোকৰ উজ্জ্বল হাঁহিটোৰে।

কন্যা ৰাশি

ক্ষীণ ওঁঠ জুৰি, উজ্জ্বল ৰূপৰ সৈতে কন্যা ৰাশিৰ লোক সকল স্বাভাৱিক ভাৱে সকলোৰে হৃদয় ভাঙে। আলসুৱা হাড়ৰ আকৃতিয়ে এওঁলোকক দেখাত আলসোৱা আৰু আকৰ্ষণীয় কৰি তোলে। বিষাদেৰে ভৰা চকু জুৰি আৰু আকৰ্ষণীয় আকৃতিয়ে তেওঁলোকক প্ৰায়ে দেখাত বিষাদগ্ৰস্ত কৰি তোলে।

বৃশ্চিক ৰাশি

আকৰ্ষণীয় আৰু তীব্ৰ চকুজুৰিৰে বৃশ্চিক ৰাশিৰ লোকসকলক দেখাত আলসুৱা আৰু সকলোৰে পৰা পৃথক কৰি তোলে। এনে ৰাশিৰ লোকসকলৰ গোল আকৃতিৰ মুখমণ্ডল আৰু মোটা চুলিৰে তেঁওলোকক এক আমোদজনক লুক দিয়ে। তেওঁলোকৰ এই আকৰ্ষণীয় লোকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

বৃষ ৰাশি

মুখমণ্ডলত প্ৰকাশ পোৱা কুমলতা আৰু কামুকতাই বৃষ ৰাশিৰ লোকসকলক অতিকৈ মৰমলগা কৰি তোলে। তেওঁলোকৰ সুন্দৰ চুলি আৰু উজ্জ্বল চকুজুৰিৰে তেওঁলোকক দেখাত সুন্দৰ আৰু পহৰিব নোৱাৰা কৰি তোলে। এই ৰাশিৰ লোক সকল দেখাত একেবাৰে ওপৰিও অপ্ৰিয় নহয়।

মেষ ৰাশি

বৰ্গাকৃতিৰ মুখমণ্ডল তাৰ শোভা বৰ্ধন কৰি আটকধুনীয়া আকৃতি সমূহে এনে ৰাশিৰ লোকক দেখাত শক্তিশালী কৰি তোলে। তেওঁলোকৰ সু গভীৰ চকুজুৰি খঙাল আৰু ডৰুৱা যেন প্ৰতিত কৰিব পাৰি। বিশেষকৈ যেতিয়া তেওঁলোকৰ চেলাউৰি যোৰ অতিকৈ ডাঠ হয়।

মকৰ ৰাশি

তেওঁলোকৰ আয়তাকাৰ মুখমণ্ডল আৰু পাতল চুলি হয়টো পৰম্পৰাগত ভাৱে সৌন্দৰ্য্যৰ নকৰে যদিও, তেওঁলোকৰ বৈশিষ্ঠ সমূহ অতিকৈ আমোদ জনক। তেওঁলোকৰ কঠোৰ আৰু শক্তিশালী ৰূপ বৰ্ণন কৰে তেওঁলোকৰ শকত চেলাউৰি আৰু তীক্ষ্ণ দৃষ্টিৰে।

কুম্ভ ৰাশি

এই ৰাশিৰ লোক সকলৰ বৰ্গাকৃতিৰ মুখমণ্ডল আৰু সুন্দৰ চুলিটাৰিৰে তেওঁলোকক দেখাত প্ৰাকৃতিক ভাৱে সুন্দৰ কৰি তোলে। তেওঁলোকৰ উজ্জ্বল আৰু ডাঙৰ চকু, শক্তিশালী চেলাউৰিয়ে তেওঁলোকৰ বন্য প্ৰকৃতিৰ বৰ্ণন কৰে। এই ৰাশিৰ লোক সকলে আইন চাই বেছি সময় পাৰ নকৰে।

কৰ্কট ৰাশি

কৰ্কট ৰাশি লোক সকল জনাজাত তেওঁলোকৰ গোল মুখমণ্ডল আৰু ফুলা ফুলা গালৰ বাবে, যাক কোনো লোকে চিকুটি নিদিয়াকৈ থাকিব নোৱাৰে। মানুহৰ চকুজুৰীক আত্মাৰ আইন ৰূপে পৰিগণিত কৰা হয় আৰু এই কথা প্ৰমাণিত হয় কৰ্কট ৰাশিৰ লোক সকলৰ পৰা। তেওঁলোকৰ মুখমণ্ডলৰ আকৃতি সমূহে তেওঁলোকৰ মৰমিয়াল স্বভাৱৰ কথা প্ৰকাশ কৰে।