নেহা শৰ্মাৰ ভ্ৰমণ কালৰ সৰ্বাধিক আকৰ্ষণীয় ফটোঃ

Sentinel Digital Desk

প্ৰকৃতাৰ্থতে ভ্ৰমণ ৰসিকঃ

নেহা শৰ্মাৰ ইনষ্টাগ্ৰাম চালে বুজিব পাৰিযে তেওঁ প্ৰকৃতাৰ্থতে ভ্ৰমণ প্ৰিয়। হাৱাইৰ সেই বিখ্যাত সমুদ্ৰতীৰৰ পৰা আৰম্ভ কৰি তেওঁ ওমানৰ মৰু শৃংগলৈকে ভ্ৰমণ কৰিছে ৷

ভ্ৰমণৰ সময়ত তোলা তেওঁৰ কেতবোৰ আকৰ্ষণীয় ফটো আগবঢ়োৱা হ’লঃ

ডুবাই, সংযুক্ত আৰৱ আমিৰশ্বাহীঃ

ডুবাই ভ্ৰমণৰ সময়ত তোলা নেহা শৰ্মাৰ ফটো সঁচাকৈয়ে আকৰ্ষণীয় ৷ ডুবাইত সন্ধিয়াৰ আমোদ-প্ৰমোদৰ ব্যৱস্থা কেনে, তাৰ আভাসো তেওঁৰ এই ফটোসমূহৰ পৰা পাব পাৰি। তেওঁ গাড়ীৰ সৈতে তোলা আন কেতবোৰ ফটোও ছ’চিয়েল মিডিয়াত প’ষ্ট কৰিছে ৷

মায়ামি, আমেৰিকাঃ

মায়ামিত নেহা শৰ্মাই তোলা ফটোসমূহ সঁচাকৈয়ে বিশেষ ৷ বিশেষকৈ ফ্ল’ৰিডাত তেওঁ আমোদ-প্ৰমোদৰ মাজেৰে সময় অতিবাহিত কৰে ৷ মায়ামিত তেওঁ থকা হোটেলৰ কক্ষৰ পৰা তোলা ফটো ৷

হাৱাই, আমেৰিকাঃ

হাৱাইৰ ক্ৰান্তীয় দ্বীপসমূহ পৰ্যটকৰে ভৰি থাকে ৷ হাৱাই ভ্ৰমণ নেহাই ভালদৰে উপভোগ কৰে ৷ কাৰণ হাৱাইত অনেক সমুদ্ৰতীৰ আছে ৷

চিকাগো, আমেৰিকাঃ

পৰ্যটকৰূপে আপুনি আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিলে, চিকাগোলৈ নোযোৱাকৈ থাকিব নোৱাৰে ৷ চিকাগোত সন্ধিয়াটো কেনেদৰে আমোদ-প্ৰমোদৰ মাজেৰে পাৰ কৰিব পাৰি আৰু তাৰ খাদ্যাভাস জনাৰ বাবে চিকাগো অৱশ্যেই ভ্ৰমণ কৰিব লাগিব ৷

মাদ্ৰিদ, স্পেইনঃ

নেহাই স্পেইনত বিশেষকৈ মাদ্ৰিদতো এক সুন্দৰ সময় অতিবাহিত কৰে ৷ সাংস্কৃতিক দিশৰ পৰাও মাদ্ৰিদ উল্লেখনীয় মহানগৰ ৷

মুস্কাট, ওমানঃ

সাধাৰণতে দেখা যায় মানুহে ভ্ৰমণ-তালিকাত ওমান বা মুস্কাটক নাৰাখে ৷ কিন্তু নেহাৰ মুস্কাট ভ্ৰমণৰ ফটোৱে এই কথা প্ৰমাণ কৰে যে মুস্কাটো এক ভ্ৰমণ উপভোগ্য স্থান ৷

ছান ডিয়েগো, আমেৰিকাঃ

আমেৰিকাৰ কেলিফ’ৰ্ণিয়াৰ ছান ডিয়েগোও এক আকৰ্ষণীয় পৰ্যটনস্থল ৷ ছান ডিয়েগো চহৰ সমুদ্ৰতীৰ, মনোৰঞ্জনস্থলী, পানীয়, বীয়াৰ কাফে আদিৰ বাবে বিখ্যাত ৷

জয়চালমেৰ, ৰাজস্থানঃ

নেহাই ভাৰতৰো বহু বিখ্যাত স্থান ভ্ৰমণ কৰিছে ৷ তেওঁ ভ্ৰমণ কৰা এনে এক স্থান হ’ল ৰাজস্থানৰ জয়চালমেৰ ৷ বিশ্বৰ বহু দেশৰ লোকে জয়চালমেৰ ভ্ৰমণ কৰে ৷