Sentinel Digital Desk
শস্য চপোৱাৰ সময়ত উত্তৰ ভাৰতত উদযাপন কৰা সৰ্ববৃহৎ উৎসৱ হৈছে বাইচাখী। উৎসৱ বিশেষ ভাৱে উদযাপন কৰা হয় পাঞ্জাৱত। এই উৎসৱ উদযাপন কৰা হয় বইচাখ মাহৰ প্ৰথম দিনত।
মৈথিলী নতুন বৰ্ষ হিচাপে জনাজাত এই উৎসৱ উদযাপন কৰে, বিহাৰ, ঝাৰখণ্ড আৰু নেপালৰ মৈথিলী সম্প্ৰদায়ৰ লোক সকলে। গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি এই উৎসৱ উদযাপন কৰা হয় এপ্ৰিল মাহৰ ১৪ তাৰিখে
ৰঙালী বিহু নামেৰে প্ৰসিদ্ধ এই উৎসৱ উদযাপন কৰা হয় বাইচাখীৰ দিনত। এই বিহুত শস্য চপোৱাৰ আনন্দ উদযাপন কৰা হয় বিভিন্ন ধৰণৰ পিঠা - পনা তৈয়াৰ কৰি। এই বিহু তিনি দিন উদযাপন কৰা হয়, আৰু ইয়াৰ প্ৰমুখ হৈছে বিহু নৃত্য
গুড়ি পাড়ৱা হৈছে চৈত্ৰা মাহৰ প্ৰথম দিন আৰু মহাৰাষ্ট্ৰৰ নতুন বছৰৰ আৰম্ভণি। এই উৎসৱত এডাল "গুড়ি", এখন সুন্দৰ চিল্ক শাৰী, এডাল মাৰিত বান্ধি তাৰ ওপৰ ভাগত লতাৰে মেৰিওৱা হয় আৰু ইয়াক আম আৰু নিম পাতেৰে তৈয়াৰী মালেৰে সজোৱা হয়। এই দিনটোক শত্ৰু বিৰুদ্ধে ছত্ৰপতি শিৱাজী আৰু শাকাৰ বিৰুদ্ধে শলিভাহানৰ জয় হিচাপে পৰিগণিত কৰা হয়।
উগাড়ী হৈছে কৰ্ণাটক, তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশৰ নতুন বৰ্ষ। ইয়াক উদযাপন কৰা হয় চৈত্ৰা মাহৰ প্ৰথম দিনত। এই দিনত উগাড়ী আহাৰৰ সৈতে, আগবঢ়োৱা হয় পাৰম্পৰিক মিঠাই আৰু "পাচাদী" - কেঁচা আম আৰু নিমৰ পাতেৰে নিৰ্মিত এটি মিঠা জুলীয়।
নৱৰ'জ হৈছে ইৰাণীয়ান সকলৰ নতুন বৰ্ষ, আৰু ইয়াক সমগ্ৰ বিশ্বতে ভিন্ন নৃতাত্ত্বিক দলৰ লোকে পালন কৰে। ভাৰতত পাতেটিৰ দ্বিতীয় দিনা, পাৰ্চী লোক সকলে নৱৰ'জ উদযাপন কৰে
কেৰেলাৰ ভিশু উৎসৱে শস্যৰ আৰম্ভণি উদযাপন কৰে। ই হৈছে পোহৰৰ উৎসৱ। এই দিনটোৰ আৰম্ভণি কৰা হয় এখন আইনাৰ সন্মুখত শস্যৰ ফল, শাক- পাচলি আৰু ফুল ৰাখি। এই বিশেষ ব্যৱস্থাক জনা যায় ভিশু কানি হিচাপে। এই বিশেষ দিনত ভক্ত সকলে মন্দিৰ পৰিদৰ্শন কৰে।
পৃথক নতুন বছৰ উদযাপন কৰা অন্য এখন ৰাজ্য হৈছে পশ্চিম বেংগল। পহেলা বইছাখ হৈছে বইচাখ মাহৰ প্ৰথম দিন আৰু বেংগলী সকলৰ নতুন বছৰ। নতুন বছৰৰ উদযাপনৰ বাবে জনপ্ৰিয় স্থান হৈছে শান্তিনিকেতন।
ইছলামিক নতুন বৰ্ষ আৰম্ভ হয় মোহৰমৰ প্ৰথম দিনত, যি হৈছে লুনাৰ হিজৰি বৰ্ষপঞ্জীৰ মতে বছৰৰ প্ৰথম দিন। এই দিনত প্ৰফেট মহম্মদে ৬২২ এ দি মক্কাৰ পৰা মদিনাৰ দিশে অগ্ৰসৰ হোৱা বুজাই। এই দিনক পৰিয়ালৰ মাজৰ প্ৰাথনা কৰি আৰু সুস্বাদু আহাৰ গ্ৰহণ কৰি উপভোগ কৰা হয়।