হলীউডৰ ছবিত অভিনয়ৰ প্ৰস্তাৱ নাকচ কৰা কেইগৰাকীমান ভাৰতীয় অভিনেতা-অভিনেত্ৰী

Sentinel Digital Desk

ঐশ্বৰ্যা ৰায়ঃ

জনপ্ৰিয় অভিনেত্ৰী ঐশ্বৰ্যা ৰায়ে “ ব্ৰাইড এণ্ড প্ৰিজুডিচ", “ দ্য মিছেছ অৱ পাইচেছ, “ পিংক পেন্থাৰ-২”ৰ আদি হলিউডৰ ছবিত অভিনয় কৰিছে।

কিন্তু তেওঁ “ট্ৰয়" ছবিত ব্ৰেড পীটৰ বিপৰীতে অভিনয়ৰ প্ৰস্তাৱ নাকচ কৰে ৷ ইয়াৰ কাৰণ আছিল তেওঁ কেইটামান অন্তৰংগ দৃশ্যত অভিনয় কৰিবলগীয়া হ’লহেঁতেন ৷

দীপিকা পাড়ুকনঃ

দীপিকা পাড়ুকনে হলিউডত অভিষেক ঘটায় “ XxX'': ৰিটাৰ্ণ অৱ জেণ্ডাৰ কেজ" ছবিৰ জৰিয়তে ৷ ছবিখনত ভিন ডিজেলেও অভিনয় কৰে ৷ তেওঁক “ ফাষ্ট এণ্ড ফিউৰিয়াচ-৭ " বা “ ফিউৰিয়াছ-৭ ছবিতো অভিনয়ৰ প্ৰস্তাৱ দিয়া হৈছিল ৷

কিন্তু আন কামৰ বাবে কথা দিয়াৰ পৰিপ্ৰেক্ষিতত তেওঁ এই ছবিত অভিনয়ৰ প্ৰস্তাৱ গ্ৰহণ নকৰিলে ৷

ইৰফান খানঃ

বলিষ্ঠ অভিনেতা প্ৰয়াত ইৰফান খানে “ লাইফ অৱ পাই", “ স্পাইডাৰ ম্যান" আদি হলিউদৰ জনপ্ৰিয় ছবিত অভিনয় কৰে ৷ কিন্তু তেওঁ ক্ৰিষ্টোফাৰ নোলানৰ “ইণ্টাৰষ্টেলাৰ" ছবিত অভিনয়ৰ প্ৰস্তাৱ নাকচ কৰে ৷

লক্ষ্যণীয়ভাবে এই ছবিখনে অস্কাৰৰ “বেষ্ট ভিজুৱেল এফেক্ট"-ৰ সন্মান লাভ কৰিছিল ৷

শ্বাহৰুখ খানঃ

কিং খানক অস্কাৰজয়ী ছবি “স্লামডগ মিলিয়েনৰ"ৰ প্ৰেম কুমাৰৰ চৰিত্ৰটোত অভিনয়ৰ প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু তেওঁ সেই প্ৰস্তাৱ নাকচ কৰে ৷

সেয়ে অনিল কাপুৰক ছবিখনত অভিনয়ৰ প্ৰস্তাৱ দিয়া হয় আৰু ছবিখনে শ্ৰেষ্ঠ ছবিকে ধৰি কে’বাটাও শিতানত অস্কাৰ লাভ কৰে ৷

নাছিৰুদ্দিন শ্বাহঃ

বৰ্ষীয়ান অভিনেতা নাছিৰুদ্দিন শ্বাহে ভালেসংখ্যক হলিউডৰ আৰু পাকিস্তানী ছবিত ভুমুকি মাৰিছে ৷

কিন্তু তেওঁ “ হেৰী প’টাৰ"ৰ আলবাছ ডাম্বলডৰে চৰিত্ৰটোত অভিনয়ৰ প্ৰস্তাৱ নাকচ কৰে ৷