Sentinel Digital Desk
ছবিত অভিনয়ৰ বাবে নিজৰ শৰীৰৰ বহু পৰিৱৰ্তন সাধন কৰিছে। পদ্মভাটৰ পৰা আৰম্ভ কৰি গালী বয়লৈকে ৰণবীৰে নিজৰ বহু উল্লেখনীয় পৰিৱৰ্তন সাধন কৰিছে ৷
৮৩ ছবিত কিংম্বদন্তী ক্ৰিকেটাৰ কপিলদেৱৰ চৰিত্ৰ ৰূপায়নৰ বাবে ৰণবীৰে নিজৰ শৰীৰ লাহি কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰে ৷
বিশেষ চেফে প্ৰস্তুত কৰা খাদ্য গ্ৰহণঃ
প্ৰাপ্ত তথ্য অনুসৰি ৰণবীৰৰ খাদ্য তালিকা লণ্ডনৰ চাৰিজন চেফে নিৰীক্ষণ কৰে ৷ ইয়াৰ উদ্দেশ্য আছিল তেওঁ নিজৰ শৰীৰ লাহী কৰিব বিচাৰিছিল ৷
ৰণবীৰে তেওঁৰ মুখ্য চেফৰ পৰামৰ্শ অনুসৰি তিনিবাৰ গুৰু আহাৰ গ্ৰহণৰ পৰিৱৰ্তে তেওঁৰ দৈনিক তিনিবাৰ গ্ৰহণ কৰা গুৰু আহাৰক দুবাৰৰ ক্ষুদ্ৰ আহাৰলৈ পৰিৱৰ্তন কৰে ৷ এই আহাৰ তেওঁ নিয়মীয়া বিৰতিৰ মূৰে মূৰে গ্ৰহণ কৰে ৷
গুৰু আহাৰৰ পৰিৱৰ্তে তেওঁ মিঠাই খোৱাৰ অভ্যাস গঢ়ি তোলে ৷ তেওঁ সাধাৰণতে বাদাম জাতীয় ফল-মূল আৰু কম পৰিমাণৰ কাৰ্ব’-হাইড্ৰেটযুক্ত নৈশ আহাৰহে গ্ৰহণ কৰে ৷
তেওঁ ঘৰুৱা আহাৰ খাই ভাল পায়। তেওঁৰ এবিধ প্ৰিয় খাদ্য-তালিকাত কণী, বেকন আৰু জলপান থাকে ৷
ৰণবীৰৰ বাবে খাদ্য প্ৰস্তুত কৰা চেফে প্ৰকাশ কৰা অনুসৰি অভিনেতাজনে ভাৰতীয় খাদ্য খাই ভাল পায়। তেওঁ বিভিন্ন সীমাবদ্ধতাৰ মাজেৰে এনে খাদ্য গ্ৰহণ কৰে ৷
ৰণবীৰৰ খাদ্য-তালিকাত চক’লেট চিপছ আৰু এভ’কেড’ও আছে।