Sentinel Digital Desk
গুৱাহাটী, অসমৰ এগৰাকী বক্সাৰ। ৰিঅ' ২০১৬ অলিম্পিকত আসন দখল কৰিবলৈ সক্ষম হোৱা প্ৰথম গৰাকী মুষ্টিযোদ্ধা আৰু AIBA ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপ ২০১৫ত তামৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা তৃতীয় গৰাকী ভাৰতীয় বক্সাৰ। AIBA পুৰুষ বিশ্ব পদমৰ্যাদাত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিল শিৱ থাপা। আৰু এছিয়ান গেমছত সোণৰ পদক লাভ কৰিবলৈ সমৰ্থ হোৱা প্ৰথম গৰাকী ভাৰতীয়।
মেৰী কম নামেৰে খ্যাতি বক্সাৰ গৰাকীয়ে জন্মলাভ কৰিছিল মণিপুৰ ৰাজ্যত। ৱৰ্ল্ড এমেছিয়ৰ বক্সিং চেম্পিয়নশ্বিপত ৬বাৰ বিজয় লাভ কৰিবলৈ সক্ষম হোৱা একমাত্ৰ মহিলা হোৱাৰ লগতে, সৰ্বমুঠ ৭খন ৱৰ্ল্ড চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথম গৰাকী মহিলা হৈছে মেৰী কম।
অসমৰ, গোলাঘাট জিলাৰ নিবাসী লভলীনা বৰগোহাঁই। AIBA ৱমেনচ বক্সিং চেম্পিয়নশ্বিপত ক্রমান্যয়ে দুবাৰকৈ তামৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল খেলুৱৈ গৰাকী। ২০২০ চনত, ভাৰতৰ ষষ্ঠ গৰাকী অৰ্জুন বঁটা বিজয়ী হিচাপে পৰিগণিত হয় লভলীনা।
অসমৰ, শোণিতপুৰ জিলাৰ নিবাসী যমুনা বড়ো। উলান - উডেত অনুষ্ঠিত হোৱা AIBA ৱমেনচ বক্সিং চেম্পিয়নশ্বিপ ২০১৯ত তামৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল যমুনা। ইয়াৰ লগতে ইণ্ডোনেচিয়াত অনুষ্ঠিত হোৱা ২৩ তম ৰাষ্ট্ৰপতি পদক ২০১৯ বক্সিং ইণ্টাৰনেচনেল অপেন টুৰ্ণামেন্টত সোণৰ পদক অৰ্জন কৰিছিল খেলুৱৈ গৰাকীয়ে।
শৰিতা দেৱী মণিপুৰৰ নিবাসী। লাইট ৱেইট কেটেগৰীত নেচনেল চেম্পিয়ন হোৱাৰ উপৰি প্ৰাক্তন বিশ্ব বিজয়ী আছিল শেলুৱৈ গৰাকী। ইন্সিয়নত অনুষ্ঠিত হোৱা ২০১৪, এছিয়ান গেমছত তামৰ পদক অৰ্জন কৰিছিল তেওঁ, ইয়াৰোপৰি গ্লাচগ্ল' ত অনুষ্ঠিত হোৱা ২০১৪ কমনৱেলথ গেমছত ৰূপৰ পদক অৰ্জন কৰিছিল। ২০০৩, ২০০৫, ২০০৮ আৰু ২০১০ত অনুষ্ঠিত হোৱা এছিয়ান গেমছত সোণৰ পদক লাভ কৰিছিল শৰিতা দেৱীয়ে।
মণিপুৰৰ এগৰাকী পেছাদাৰী বক্সাৰ ডিংকো সিং। ১৯৯৮চনত, বেংককত অনুষ্ঠিত হোৱা এছিয়ান গেমছত ভাৰতৰ হয় সোণৰ পদক অৰ্জন কৰিছিল তেওঁ। ১৯৯৭ত, কিংগছ কাপ মিটৰ দ্বাৰা "সৰ্বোত্তম বক্সাৰ" সন্মানেৰে সন্মানিত কৰা হৈছিল খেলুৱৈ গৰাকীক। ১৯৯৮ত অৰ্জুন বঁটা আৰু ২০১৩চনত পদ্মশ্ৰীৰে সন্মানিত কৰা হৈছিল তেওঁক।
মাৰ্চ ২, ১৯৯২চনত ইম্ফলত জন্মলাভ কৰা দেৱেন্দ্ৰ সিং লাইশ্ৰাম এগৰাকী ভাৰতীয় লাইট - ফ্লাইৱেইট ডিভিজনৰ বক্সাৰ। গ্লাচগ্ল' ত অনুষ্ঠিত হোৱা ২০১৪ কমনৱেলথ গেমছত ৰূপৰ পদক অৰ্জন কৰিছিল তেওঁ। ইয়াৰ লগতে ২০১৫চনত অনুষ্ঠিত হোৱা দোহা ইণ্টাৰনেচনেল টুৰ্ণামেন্টত ৪৯কেজি কেটেগৰীত বিজয় লাভ কৰিছিল।
অসমৰ এগৰাকী ভাৰতীয় বক্সাৰ। ২০১৭, AIBA য়ুথ ৱমেনছ বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিছিল তেওঁ। আৰু নেচনেল য়ুথ চেম্পিয়নশ্বিপত তামৰ পদক লাভ কৰিছিল।
মণিপুৰৰ এই গৰাকী ভাৰতীয় খেলুৱৈয়ে ২০১৬চনত ৰিঅ' অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। শৰ্জুবালাক নামাকৰণ কৰা হৈছিল দ্বিতীয় মেৰী কম নামেৰে। পাতিয়ালাত অনুস্থিত হোৱা সপ্তম য়ুথ ৱমেনছ নেচনেল চেম্পিয়নশ্বিপত "সৰ্বোত্তম বক্সাৰ" সন্মান লাভ কৰিছিল তেওঁ।