অমৰ প্ৰেম সৌধ তাজমহলৰ আছে কেতবোৰ গোপন কথাঃ আপুনি জানেনে ?

Sentinel Digital Desk

প্ৰেমৰ সৌধ তাজমহলঃ

তাজমহল নিৰ্মাণ কৰাইছিল মোগল সম্ৰাট ছাহজাহানে তেওঁৰ প্ৰিয়তমা পত্নীৰ মমতাজ মহলৰ স্মৃতি যুগমীয়া কৰিবলৈ ৷ তাজমহল কেৱল প্ৰেমৰ সৌধ বা বিশ্বৰ অন্যতম আশ্বৰ্যই নহয়, ই হৈছে স্থপতি কলাৰো উজ্জ্বল নিদৰ্শন ৷ তাজমহল এনে এক আশ্বৰ্য, যি চকুৰে দেখাতকৈ বৃহৎ হয় ৷ তাজমহল সম্পৰ্কীয় জানিবলগীয়া গোপন কথাবোৰঃ

তাজমহলৰ ক্ষেত্ৰত দৃষ্টি বিভ্ৰমঃ

তাজমহলৰ ক্ষেত্ৰত এটা প্ৰাকৃতিক দৃষ্টি বিভ্ৰম আছে ৷ যদি আপুনি তাজমলক হৃদয়ত বান্ধি ইয়াৰ প্ৰধান প্ৰৱেশ দ্বাৰেৰে প্ৰৱেশ কৰে, তেতিয়া দেখিবলৈ পাব যে ই ডাঙৰ হৈ গৈ আছে আৰু ওচৰলৈ আহি আছে ৷ কিন্তু যেতিয়া আপুনি তাজমহলৰ চৌহদৰ পৰা ওলাই আহিব, তেতিয়া দেখিব যে ই সৰু হৈ গৈ আছে আৰু আঁতৰলৈ গৈ আছে ৷

দেখাত কেওদিশৰ পৰা একেঃ স্থাপত্যৰ আশ্বৰ্যঃ

স্থাপত্য কলাৰ ক্ষেত্ৰত মোগলৰ যি ক্ষমতা আৰু পাৰদৰ্শিতা আছিল, তাক তাজমহলে প্ৰতিফলিত কৰে ৷ এই স্মৃতিসৌধ দেখাত কেও দিশৰ পৰা একে ৷ ইয়াৰ আগফালৰ বাগিচাই পৃথিৱীত সৰগ ৰচনা কৰাৰ লেখীয়া ৷ কেৱল ইয়াৰ মূধচৰ চূড়া আৰু ছাহজাহানৰ সমাধিহে অমিল ৷

কাঠৰ ভেটি

এই কথা সহজে অনুমেয় যে ঘৰৰ ভেটি বা ফাউণ্ডেচন শক্তিশালী হ’ব লাগে। কিন্তু বহুতে বিশ্বাস কৰিবলৈ টান পালেও সঁচা যে তাজমহলৰ ভেটি বা ফাউণ্ডেচন কাঠেৰে নিৰ্মিত ৷ সম্প্ৰতি তাজমহলৰ ফাউণ্ডেচনৰ প্ৰতি প্ৰদূষণ আৰু যমুনা নৈৰ গৰাখহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে ৷

বাহিৰৰ ফালে হেলনীয়া হৈ থকা ইছলামিক ধৰ্মীয় টাৱাৰঃ

তাজমহলৰ ধৰ্মীয় টাৱাৰকেইটা চিধা নহয় ৷ এই টাৱাৰকেইটাই সন্মুখৰ ফালে মুখ কৰি আছে ৷ প্ৰৱল ভূমিকম্পত যাতে টাৱাৰকেইটা খহি পৰি সৌধটো ধ্বংস নহয়, তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে ৷ যদি ভূমিকম্পত খহি পৰে, তেন্তে টাৱাৰকেইটা বাহিৰলৈ পৰিব ৷

অ-পূৰ্ণাংগ চূড়াৰ সৌধঃ

তাজমহল দেখাত কেও দিশৰ পৰা একে ৷ কিন্তু ইয়াৰ মূধচৰ চূড়াতো অমিল ৷ এই কথা বিশ্বাস কৰা হয় যে এই চূড়াৰ ৫.৫ শতাংশৰহে মিল আছে ৷ একাংশৰ মতে, ভগৱানক তুষ্ট কৰাৰ বাবে নিৰ্মাণকাৰীসকলে ইচ্ছাকৃতভাবে ইয়াক অপূৰ্ণাংগ কৰি ৰাখে ৷ অৱশ্যে আন একাংশৰ মতে, এই কিৰিটি নিৰ্মাণত মিস্ত্ৰীয়ে ভুল কৰে ৷

কটা হাতকলৈ ভিত্তীহীন প্ৰচাৰঃ

প্ৰায় সকলোৱে এই কথা শুনিছে যে তাজমহল নিৰ্মাণ কৰা মিস্ত্ৰীকেইজনৰ হাত ছাহজাহানে কাটি পেলায়, যাতে কোনোৱেই তাজমহলৰ আৰ্হিৰ গৃহ নিৰ্মাণ কৰিব নোৱাৰে ৷ কিন্তু এই চৰ্চা ভিত্তীহীন ৷ কাৰণ এই কথা প্ৰতিপন্ন কৰিব পৰাকৈ ইতিহাসবিদসকলে কোনো সাক্ষ্য-প্ৰমাণ সংগ্ৰহ কৰিব পৰা নাই ৷

ছাহজাহান আৰু মমতাজৰ ৰিক্ত সমাধিঃ

তাজমহলত সম্ৰাট ছাহজাহান আৰু মমতাজ মহলৰ সমাধি প্ৰদৰ্শন কৰা হয় ৷ কিন্তু এই সমাধি আচল সমাধি নহয়। দুয়োৰে আচল সমাধি তাজমহলৰ এটা অভ্যন্তৰৰ গোপন ভূ-গৰ্ভস্থ কক্ষত আছে ৷ মানুহে দেখা ছাহজাহানৰ সমাধি হৈছে তাজমহলৰ অন্যতম বৈশাদৃশ্য ৷

ৰং সলনি হৈ থাকে তাজমহলৰঃ

আকাশৰ ৰং সলনিৰ লগে লগে তাজমহলৰো ৰং সলনি হৈ থাকে ৷ ইয়াৰ কাৰণ হৈছে তাজমহল নিৰ্মাণত বগা মাৰ্বল পাত্থৰ ব্যৱহাৰ কৰাটো ৷ সূৰ্য অস্ত যোৱাৰ সময়ত আকাশ বেঙুনীয়া হোৱাৰ সময়ত তাজমহলৰ ৰঙো বেঙুনীয়া হয় ৷ একেদৰে সূৰ্য উদয় হোৱাৰ সময়ত তাজমহলৰ ৰং সোণালী হৈ পৰে ৷

ক’লা তাজমহলৰ বিষয়ে জানেনে ?

একাংশৰ মতে, ছাহজাহানে ক’লা মাৰ্বল শিলেৰে আৰু তাজমহল নিৰ্মাণৰ পৰিকল্পনা কৰিছিল ৷ এই তাজমহলো তেওঁ যমুনাৰ পাৰতে নিৰ্মাণৰ আঁচনি লৈছিল ৷ একাংশৰ মতে, ঔৰংগজেৱে ছাহজাহানক কাৰাগাৰলৈ নিক্ষেপ কৰাৰ বাবে এই দ্বিতীয়টো তাজমহলৰ নিৰ্মাণ সম্ভৱ নহ’ল ৷