আহক জানো ভাৰতৰ সৰ্বশ্ৰেষ্ঠ মহিলা ইউটিউবাৰ সকলৰ বিষয়ে

Sentinel Digital Desk

নিশা মধুলিকা

উত্তৰ প্ৰদেশৰ ৬১ বছৰীয়া ইউটিউবাৰ গৰাকী পেছাত এগৰাকী ৰান্ধনী আৰু তেওঁৰ ইউটিউব চেনেল মুখ্যতঃ ভাৱে আধাৰিত ৰন্ধনবিধী সমূহৰ ওপৰত।

মষ্টলীচেন - প্ৰাজুক্তা ক'লি

মষ্টলীচেন নামেৰে জনপ্ৰিয় প্ৰাজুক্তা ক'লি, ভাৰতৰ অন্যতম জনপ্ৰিয় ইউটিউবাৰ। তেওঁৰ চেনেলত ৬মিলিয়নতকৈ অধিক অনুসৰণকাৰী আছে।

অদিতি মিত্তাল

সংখ্যাত অন্য মহিলা ইউটিউবাৰতকৈ কম অনুসৰণকাৰী থকা চৰ্তেও অদিতি মিত্তালক ধাৰ্য্য কৰা হয় ভাৰতৰ অন্যতম জনপ্ৰিয় কমেডী ইউটিউবাৰ ৰূপে।

এনিশা দীক্ষিত

অন্য ইউটিউবাৰ সকলোতকৈ এনিশা দীক্ষিতৰ বিষয়বস্তু সমূহ কিছু পৃথক, যি হৈছে ইউটিউবাৰ গৰাকীৰ জনপ্ৰিয়তাৰ অন্যতম কাৰণ।

কুশা কপিলা

এসময়ত সাংবাদিকতাৰ দিশে আগবঢ়া কুশা কপিলাই এগৰাকী লেখিকা হিচাপে কেৰিয়াৰৰ আৰম্ভণি কৰে। পৰবৰ্তী সময়ত বিল্লি মাছিৰ দৰে চৰিত্ৰৰ দ্বাৰা জনপ্ৰিয় হৈ উঠে ইউটিউবাৰ গৰাকী।

ডলী সিং

ডলী সিঙে তেওঁৰ চৰিত্ৰ ৰাজু কি মন্মী আৰু জিনাত বাজিৰ জৰিয়তে পিতৃতান্ত্ৰিকতাক প্ৰত্যাহ্বান জনোৱাত পাৰদৰ্শী হৈ ইণ্টাৰনেটত নিজৰ পথ প্ৰশস্ত কৰিছে।

কবিতা সিং

নিজৰ ইউটিউব চেনেল যোগে কবিতা সিঙে প্ৰকাশ কৰে কিছু সাধাৰণ তথা বনাবলৈ সহজ ৰন্ধনবিধি সমূহ।

শিৰলী চেতিয়া

নিজৰ ইউটিউব চেনেল যোগে জনপ্ৰিয় গীতসমূহত সুৰ দিয়া শিৰলী চেতিয়াই। যুৱ প্ৰজন্মৰ মাজত অতিকৈ জনপ্ৰিয় কণ্ঠশিল্পী গৰাকী।

কোমল পাণ্ডে

তেওঁ এগৰাকী ফেশ্বন ব্লগাৰ/ইউটিউবাৰ যি ইনষ্টাগ্ৰাম আৰু ইউটিউবত ফেশ্বন সম্পৰ্কীয় ভিডিঅ' সৃষ্টি কৰে। তেওঁৰ বৰ্তমান ইনষ্টাগ্ৰামত ১.১ নিযুত অনুসৰণকাৰী আছে।

বিদ্যা আয়াৰ

তেওঁৰ মঞ্চ নাম বিদ্যা ভক্সৰ দ্বাৰা অধিক পৰিচিত, এগৰাকী আমেৰিকান ইউটিউবাৰ আৰু গায়িকা। এপ্ৰিল ২০১৫ত তাইৰ চেনেল আৰম্ভ কৰাৰ পিছত, তাইৰ ভিডিঅ'বোৰে ৯০৬ নিযুতৰো অধিক দৰ্শন লাভ কৰিছে, আৰু তেওঁৰ চেনেলে ৭ নিযুতৰো অধিক অনুসৰণকাৰী আছে