বিজয়ৰ বঁটা কঢ়িয়াই অনা অভিনেতা হৃত্বিক ৰোশনৰ জীৱনৰ কেইখনমান গুৰুত্বপূৰ্ণ ছবি

Sentinel Digital Desk

ক'হো না প্যাৰ হে

২০০১চনত এই ছবিৰ দ্বাৰা বলিউড জগতত ভুমুকি মাৰিছিল অভিনেতা হৃত্বিক ৰোশনে। ছবিখনত তেওঁৰ বিপৰীতে অভিনয় কৰিছিল আমিষা পাটেলে। ছবি খনত নিজৰ দুৰ্দান্ত অভিনয়ৰ যোগে অভিনেতা গৰাকীয়ে লাভ কৰিবলৈ সক্ষম হৈছিল ফিল্মফেয়াৰ শ্ৰেষ্ঠ নৱাগত - পুৰুষ আৰু শ্ৰেষ্ঠ অভিনেতাৰ বঁটা।

ছবিখনৰ বাবে আইফাৰ দ্বাৰা সন্মানিত কৰা হৈছিল মুখ্য ভূমিকাত শ্ৰেষ্ঠ প্ৰদৰ্শন (পুৰুষ) সন্মানেৰে।

কয়ী মিল গয়া

২০০৪ খনৰ ছবি খনৰ বাবে ফিল্মফেয়াৰ দ্বাৰা শ্ৰেষ্ঠ অভিনেতা/ অভিনেত্ৰী সমালোচক বঁটা তথা শ্ৰেষ্ঠ অভিনেতাৰ বঁটা। ছবি খনত তেওঁৰ বিপৰীতে দেখিবলৈ পোৱা গৈছিল প্ৰীতি জিন্টাক।

কয়ী মিল গয়া ছবিৰ বাবে আইফাৰ এৱাৰ্ডত তেওঁক প্ৰদান কৰা হৈছিল মুখ্য ভূমিকাত শ্ৰেষ্ঠ প্ৰদৰ্শন (পুৰুষ) বঁটা।

ক্ৰিশ

প্ৰিয়ংকা চোপ্ৰা আৰু হৃত্বিক ৰোশন অভিনীত ছবি খনে মুক্তি লাভ কৰিছিল ২০০৭চনত। ছবিখনৰ বাবে অভিনেতা গৰাকীয়ে আইফাৰ দ্বাৰা লাভ কৰিছিল মুখ্য ভূমিকাত শ্ৰেষ্ঠ প্ৰদৰ্শন (পুৰুষ) বঁটা।

ধুম্ ২

২০০৭ৰ এই ছবি খনত অভিনেত গৰাকীক দেখিবলৈ পোৱা হৈছিল এজন চোৰৰ ভূমিকাত। তেওঁক ফিল্মফেয়াৰৰ দ্বাৰা প্ৰদান কৰা হৈছিল শ্ৰেষ্ঠ অভিনেতাৰ বঁটা।

জোধা আকবৰ

মোগল সম্ৰাট আকবৰৰ জীৱনৰ ওপৰত আধাৰিত ২০০৯ চনৰ এই ছবিৰ বাবে অভিনেতা গৰাকীয়ে লাভ কৰিছিল ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা

উল্লেখিত ছবিখনৰ বাবে আইফা এৱাৰ্ডত তেওঁক প্ৰদান কৰা হৈছিল মুখ্য ভূমিকাত শ্ৰেষ্ঠ প্ৰদৰ্শন (পুৰুষ) বঁটা।

চুপাৰ ৩০

২০২০ চনৰ এই শিক্ষামূলক ছবিখনৰ মুখ্য ভূমিকাত দেখা গৈছিল অভিনেতা গৰাকীক। এই বিশেষ ছবিখনৰ বাবে জী চিনে এৱাৰ্ডৰ দ্বাৰা তেওঁক সন্মানিত কৰা হৈছিল শ্ৰেষ্ঠ অভিনেতা সমালোচক বঁটাৰে।

Explore