পৃথিৱী বিখ্যাত কোম্পানীৰ শীৰ্ষ পদত অধিষ্ঠিত হোৱা ভাৰতীয়মূলৰ ব্যক্তিঃ

Sentinel Digital Desk

সুন্দৰ পিচাইঃ

সুন্দৰ পিচাইৰ প্ৰকৃত নাম হৈছে পিচাই সুন্দৰৰঞ্জন ৷ ২০১৫-ৰ ১০ আগষ্টত তেওঁ গুগলৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদত অধিষ্ঠিত হয়। তেওঁ চেন্নাইৰ ৷ তেওঁ আই আই টি খড়্গপুৰৰ প্ৰাক্তন ছাত্ৰ ৷ তেওঁ ৱাৰ্টন বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰী গ্ৰহণ কৰে ৷ এম বি এ শিক্ষা গ্ৰহণ কৰি থকাৰ সময়ত ছায়েবেল আৰু পামাৰ স্ক’লাৰ উপাধি পায় ৷ গুগলত প্ৰডাক্ট মেনেজমেণ্টৰ মুৰব্বীৰূপে নিযুক্তি পোৱাৰ পূৰ্বে তেওঁ মেনেজমেণ্ট কনছাল্টিং ফাৰ্ম মেককিনছে এণ্ড কোত কাম কৰিছিল ৷

শান্তনু নাৰায়ণঃ

শান্তনু নাৰায়ণ হৈছে এড’বৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া ৷ তেওঁ ১৯৯৮ত এই কোম্পানীত যোগদান কৰে ৷ ২০০৫ত তেওঁক কোম্পানীটোৰ মুখ্য পৰিচালন বিষয়া (COO)-ৰূপে নিযুক্তি দিয়া হয়। ইয়াৰ দুবছৰৰ পাছত তেওঁক কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াৰূপে নিযুক্তি দিয়া হয় ৷ তেওঁৰ নেতৃত্বত এডবৰ প্ৰচুৰ উত্তৰণ ঘটিছে ৷ ডেস্কটপৰ পৰা ক্লাউডলৈ জয়যাত্ৰা ঘটিছে ৷ নাৰায়ণৰ নেতৃত্বতে এডবে ২০১৮ত ফৰ্চুনৰ ৫০০ কোম্পানীৰ তালিকাত স্থান লাভ কৰে ৷

সত্য নাডেলাঃ

তথ্য-প্ৰযুক্তিৰ কথা ভাবিলে প্ৰথমেই মনলৈ আহে মাইক্ৰ’ছফটৰ কথা ৷ বিল গেটছে স্থাপন কৰা এই কোম্পানীৰ লেখীয়াকৈ আন কোম্পানীয়েই ছফটৱেৰ উদ্যোগক সলনি কৰিব পৰা নাই ৷ সত্য নাডেলাৰ জন্ম হয় হায়দৰাবাদত ৷ তেওঁ অভিযান্ত্ৰিকৰ স্নাতক ডিগ্ৰীধাৰী ৷ মণিপাল ইনষ্টিটিউটত অৱ টেকন’লজীৰ পৰা তেওঁ ইলেক্ট্ৰনিকছৰ স্পেচিয়েলাইজেচনসহ অভিযান্ত্ৰিকৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰে ৷ পাচত তেওঁ উইচক’নছিন বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ ছায়েন্সৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰে ৷

অজয় বাংগাঃ

অজয় বাংগা হৈছে মাষ্টাৰকাৰ্ডৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া ৷ তেওঁৰ জন্ম হৈছিল মহাৰাষ্ট্ৰৰ পুনেৰ নিকটৱৰ্তী খড়কীত ৷ বাংগা প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ চাইবাৰ সুৰক্ষা আয়োগৰ সদস্যও আছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু আই আই এম আহমেদাবাদৰ পৰা ডিগ্ৰীধাৰী ৷ মাষ্টাৰকাৰ্ডত যোগদানৰ পূৰ্বে তেওঁ চিটীগ্ৰুপ এছিয়া পেচিফিকৰ মুখ্য কাৰ্যবাহী বিষয়া আছিল ৷

ৰাজীৱ সুৰিঃ

ৰাজীৱ সুৰি হৈছে ন’কিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া ৷ সুৰি দিল্লীত ডাঙৰ-দীঘল হয় ৷ ইয়াৰ পূৰ্বে তেওঁ ন’কিয়া চল্যুছনচ এণ্ড নে’টৱৰ্কছৰ মুখ্য কাৰ্যবাহী বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ তেওঁৰ মণিপাল ইনষ্টিটিউটত অৱ টেকন’লজীৰ পৰা ইলেক্ট্ৰনিকছ এণ্ড কমিউনিকেশ্যনছৰ স্নাতক ডিগ্ৰী আছে ৷ ১৯৬৭ত ভাৰতত সুৰিৰ জন্ম হয় ৷ পাচত তেওঁ ছিংগাপুৰৰ নাগৰিকত্ব লয় ৷ কাউপালেথীয়ে তেওঁক ২০১৭ৰ ফিনলেণ্ডৰ “ বিজনেছ লীডাৰ অৱ দ্য ৱৰ্ল্ড" আখ্যা দিছিল ৷

পৰাগ আগ্ৰৱালঃ

টুইটাৰৰ সহঃপ্ৰতিষ্ঠাপক জেক ডৰ্ছীয়ে মুখ্য কাৰ্যবাহী বিষয়াৰূপে পদত্যাগ কৰাৰ পাচতে পৰাগ আগ্ৰৱালে প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদ গ্ৰহণ কৰে ৷ তেওঁৰ পত্নীৰ নাম বিনীতা ৷ বিনীতা এগৰাকী চিকিৎসক ৷ তেওঁৰ ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা বায়োফিজিক্সৰ বি এচ ডিগ্ৰী আছে ৷ তদুপৰি তেওঁৰ হাৰ্ভাৰ্ড মেডিকেল স্কুল/এম আই টিৰ পৰা এম ডি আৰু পি এইছ ডি ডিগ্ৰী আছে ৷