২০২১ত বিশ্বৰ সবাতোকৈ সুন্দৰী অভিনেত্ৰী

Sentinel Digital Desk

মালৱিকা মহানন

মালৱিকা মহাননে মূলতঃ তামিল ছবিত অভিনয় কৰে৷ তেওঁৰ জনপ্ৰিয় ছবিসমূহৰ অন্যতম হৈছে “ বিয়ণ্ড দ্য ক্লাউডছ( ২০১৭)", “ দ্য গ্ৰেট ফাডাৰ,(২০১৭) “ পেট্টা"(২০১৭), আৰু “ মাষ্টাৰ" ৷ যুৱ অভিনেত্ৰীগৰাকী সুন্দৰী হোৱাৰ লগতে আত্মবিশ্বাসী আৰু আনৰ প্ৰতি অনুকম্পাশীল ৷

মাৰ্গট ৰব্বি

অভিনেত্ৰী মাৰ্গ’ট এলিছ ৰাব্বীৰ জন্ম হয় অষ্ট্ৰেলিয়াত ৷ তেওঁৰ পিতৃ-মাতৃ স্কটিছ ৷ অষ্ট্ৰেলিয়াত দীৰ্ঘ সময় ধৰি প্ৰচাৰিত ছপ অপেৰা “নেইবাৰ্ছ’’ত ৰাব্বীয়ে ড’না ফ্ৰেডমেনৰ চৰিত্ৰত অভিনয় কৰে ৷ এই অভিনয়ৰ বাবে তেওঁ দুটা লগী বঁটাৰ বাবে বাছনি লাভ কৰে ৷ তাৰ পাছতে তেওঁ হলিউডলৈ যাত্ৰা কৰে ৷

ডাকটা জনছন

ডাক’টা মেয়ী জনছন হৈছে এগৰাকী আমেৰিকান অভিনেত্ৰী তথা ফেশ্বন মডেল ৷ তেওঁৰ জন্ম হয় টেক্সাচৰ আষ্টিনত ৷ মেয়ীৰ পিতৃ-মাতৃও অভিনেতা-অভিনেত্ৰী আছিল ৷ জনছনে মডেলৰূপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে ৷ পৰৱৰ্তী সময়ত তেওঁ ছবিত অভিনয় কৰিবলৈ লয় ৷ ২০১০ত বক্স অফিচত হিট হোৱা তেওঁৰ প্ৰথম ছবি “ দ্য ছ’চিয়েল নেটৱৰ্ক"-এ মুক্তি পায় ৷

জো চাল্ডনা

অভিনেত্ৰী জো চাল্ড’নাৰ জন্ম হয় আমেৰিকাৰ নিউ জাৰ্চিত ৷ তেওঁ “ফে’চেচ" থিয়েটাৰ গ্ৰুপৰ সৈতে অভিনয় আৰম্ভ কৰিছিল ৷ কিশোৰ-কিশোৰীৰ ওপৰত যৌনতা আৰু নিচাযুক্ত দ্ৰব্যৰ প্ৰভাৱৰ লেখীয়া বিষয়কলৈ “ফে’চেচ"- থিয়েটাৰ গ্ৰুপে নাটক মঞ্চস্থ কৰে ৷

এমিলিয়া ক্লাৰ্ক

ব্ৰিটিছ অভিনেত্ৰী এমিলিয়া ক্লাৰ্কৰ জন্ম হয় লণ্ডনত আৰু তেওঁ ডাঙৰ-দীঘল হয় অক্সফ’ৰ্ডশ্বায়াৰত ৷ তেওঁৰ পিতৃ থিয়েটাৰৰ চাউণ্ড ইঞ্জিনীয়াৰ আছিল ৷ ৩ বছৰ বয়সতে এমিলিয়াই নাটকত অভিনয় আৰম্ভ কৰে ৷ অভিনয় স্কুলত প্ৰশিক্ষণ গ্ৰহণ কৰি থকাৰ সময়ত এমিলিয়াই বি বি চিৰ ছ’প অপেৰা ডক্টৰ্চত অভিনয় কৰে ৷

গাল গেডট

গাল গে’ডট হৈছে এগৰাকী ইজৰাইলী অভিনেত্ৰী, গায়িকা, সমৰকলা শিল্পী আৰু মডেল ৷ তেওঁৰ জন্ম এটা ইহুদী পৰিয়ালত হয় ৷ ২০০০ বৰ্ষৰ অন্তিমৰ পৰা তেওঁ মডেলিং আৰম্ভ কৰে ৷ তেওঁৰ জীৱনৰ প্ৰথমখন ছবি হৈছে “ ফাষ্ট এণ্ড ফিউৰিয়াচ" ৷ তাৰ পাচতে হলিউডৰ কিছুসংখ্যক ছবিত কম সময়ৰ বাবে অভিনয় কৰে ৷

এম্বাৰ হাৰ্ড

এম্বাৰ হাৰ্ড হৈছে এগৰাকী আমেৰিকান অভিনেত্ৰী তথা মডেল ৷ ২০০৪ত “ফ্ৰাইডে নাইটছ লাইটচ"ৰ জৰিয়তে তেওঁ অভিনয় জগতত জোৱাৰ তোলে ৷ তাৰ পাচতে তেওঁ কিছুসংখ্যক ছবি আৰু টেলিভিছন ধাৰাবাহিকত অভিনয় কৰে ৷ তেওঁ “নে’ভাৰ ব্ৰেকডাউন," “ ৰাম ডায়েৰী", “ ইনফ’ৰমাৰ্চ" আদিৰ দৰে হিট ছবিত অভিনয় কৰে আৰু আন্তৰ্জাতিক স্বীকৃতি অৰ্জন কৰে ৷

এমা ৱাটছন

বিগত শতিকাৰ ৯০ দশকত জন্মলাভ কৰা বিশ্বৰ কোটি কোটি লোকৰ প্ৰিয় অভিনেত্ৰী হৈছে এমা ৱাটচন ৷ “হেৰী প’টাৰ" ছিৰিজত অভিনয়ৰ জৰিয়তে মাথোঁ ১২ বছৰ বয়সতে তেওঁ আন্তৰ্জাতিক স্বীকৃতি অৰ্জন কৰে ৷ এই চিৰিজত হাৰ্মিয়ন চৰিত্ৰটিত অভিনয়ৰ জৰিয়তে তেওঁ সমগ্ৰ বিশ্বত কোটি কোটি অনুৰাগীৰ সৃষ্টি কৰিবলৈ সক্ষম হয় ৷

ইৰিনা শ্বায়ক

বিশ্বৰ শীৰ্ষ মডেলসকলৰ অন্যতম হৈছে ইৰিনা শ্বায়ক ৷ এই যৌন আবেদনময়ী মডেলগৰাকীৰ জন্ম হয় ১৯৮৬ত ছোভিয়েট ইউনিয়নত ৷ ২০০৭ত “ স্পৰ্টচ ইলাষ্টেটেড"ৰ ছুইমচ্যুট ইচ্ছ্যুত ভুমূকি মাৰি তেওঁ বিশ্বজোৰা স্বীকৃতি অৰ্জন কৰে ৷ ২০১১-ত তেওঁ ইয়াৰ প্ৰচ্ছদ মডেলৰূপে ভুমূকি মাৰে ৷

এনা ডে আৰ্মাচ

এন ডে আৰ্মচ হয় ১৯৮৮ত কিউবাত ৷ ১৪ বছৰ বয়সত তেওঁ “ নেচনেল থিয়েটাৰ অৱ স্কুল অৱ হাভানা’’-ত নামভৰ্তি কৰে ৷ ২০১৪ ত তেওঁ লছ এঞ্জেলছলৈ যাত্ৰা কৰে ৷