Sentinel Digital Desk
ডিচেম্বৰ মাহটো উৎসৱৰ বতৰ তথা নতুন দিনৰ আৰম্ভণিও। এই মাহতে বৰদিন বা খ্ৰীষ্টমাছ উদযাপন কৰা হয়। ইয়ে প্ৰেম আৰু নতুন আৰম্ভণিকো সূচায় ৷ ইংৰাজী নতুন বছৰেও পাতনি মেলিব ৷
ডিচেম্বৰ মাহৰ বন্ধৰ দিনসমূহে প্ৰেম, পুৰণি স্মৃতি ৰোমন্থন আৰু নতুন বছৰক আদৰাৰ প্ৰস্তুতিক সূচায়।
বৃষ ৰাশিৰ ব্যক্তিয়ে প্ৰকৃত প্ৰেম লাভ কৰিব ৷ তেওঁলোকে এনে ব্যক্তিক লগ পাব পাৰে, যিয়ে তেওঁলোক প্ৰকৃততে কি, সেয়া বুজি পাব ৷
এই সময়ছোৱাত কৰ্কট ৰাশিৰ ব্যক্তিসকলে নিজকে মুক্ত আৰু সুখী অনুভৱ কৰিব ৷ তেওঁলোকে এনে ব্যক্তিক লগ পাব পাৰে, যি ব্যক্তি প্ৰেমৰ বাবে সঁচাকৈয়ে যোগ্য ৷
ধনু ৰাশিৰ ব্যক্তিয়ে প্ৰেম-জীৱনত গুৰুত্ব আৰোপ কৰে আৰু তেওঁলোকক সবাতোকৈ ভালপোৱা ব্যক্তিগৰাকীৰ যতন লয়।
মকৰ ৰাশিৰ ব্যক্তিয়ে এনে ৰাশিৰ ব্যক্তিক লগ পাব, যিয়ে তেওঁলোকে লোৱা প্ৰতিটো সিদ্ধান্তক সমৰ্থন কৰে ৷
কুম্ভ ৰাশিৰ ব্যক্তিয়ে এনে ব্যক্তিক লগ পাব, যিয়ে তেওঁলোকৰ মনৰ পৰা অ-সুৰক্ষিত ভাব দূৰ কৰিব ৷