Sentinel Digital Desk
খুহুতীয়া কাহিনীৰ হাস্ৰ্যৰসৰ ছবি “ বঢ়াই হো’’-এ সকলো চিত্ৰৰসিকৰ সমাদৰ লাভ কৰে ৷ ভূমি পেড়নেকাৰ আৰু ৰাজকুমাৰ অভিনীত এই ছবিৰ ছিকুৱেলে অহা ৪ ফেব্ৰুৱাৰীত মুক্তি পাব ৷
টাইগাৰ শ্ৰ’ফ, তাৰা সুতাৰিয়া আৰু নৱাজুদ্দিন ছিদ্দিকী অভিনীত “ হিৰোপণ্টী-২" ছবিয়ে অহা এপ্ৰিলত মুক্তি পোৱাৰ কথা ৷ উল্লেখ্য যে “ হিৰোপণ্টী" ছবিৰ জৰিয়তে বলিউডত টাইগাৰ শ্ৰফৰ অভিষেক ঘটে ৷
২০০৭-ত মুক্তি পোৱা “ ভুল ভুলাইয়া’’ ছবিখনৰ কাহিনী মনস্তাত্ত্বিক হ’ৰৰ কমেডীৰ ৷ এই ছবিৰ ছিকুৱেল অতি প্ৰত্যাশিত ৷ কাৰ্তিক আৰিয়ন আৰু কিৰায়া আদৱানি অভিনীত ইয়াৰ ছিকুৱেলে অহা মাৰ্চত মুক্তি পোৱাৰ কথা ৷
“ ন’ এণ্ট্ৰী-২”ৰ জৰিয়তে ছলমান খানে কমিক অভিনয়লৈ উভতি আহিবলৈ সাজু হৈছে ৷ তেওঁৰ জন্মদিনৰ দিনা এই কথা প্ৰকাশ কৰে ৷ ছবিখনৰ পৰিচালক হৈছে এনীজ বাজমী ৷
পূৰ্বৰ চাৰিটা কিস্তিৰ ফ্ৰেনচাইজীৰ পৰা দীপিকা পাড়ুকন, কীৰ্তি ছান’ন, জ’ন আব্ৰাহাম, অভিষেক বচ্চন আৰু অন্যান্যসকল উভতি অহাটোক “ হাউচফুল-৫" ছবিয়ে সূচাব ৷
“ এক ভিলেইন ৰিটাৰ্ণছ" ছবিখন হৈছে শ্ৰদ্ধা কাপুৰ, ঋতেশ দেশমুখ আৰু সিদ্ধাৰ্থ মালহোত্ৰা অভিনীত “ এক ভিলেইন" ছবিৰ ছিকুৱেল ৷ ইয়াৰ ছিকুৱেলত জ’ন আব্ৰাহাম, অৰ্জুন কাপুৰ, দীশা পাটানি আৰু তাৰা সুতাৰিয়াই অভিনয় কৰিছে ৷
“ গাডাৰ-২” ছবিখনত ছানী দেউলে তাৰা সিঙৰ চৰিত্ৰ ৰূপায়ন কৰিব ৷ ছবিখনৰ ছাকিনা চৰিত্ৰত অভিনয় কৰিব আমীষা পেটেলে ৷
২০২১-ত মুক্তি পোৱা “ সত্যমেৱ জয়তে-২”, “ বাণ্টি ঔৰ বাবলী-২ আদি ছিকুৱেলে চলচ্চিত্ৰ অনুৰাগীক কিছু হতাশা কৰিলেও তেওঁলোকে এই ছিকুৱেলসমূহৰ বাবে অপেক্ষা কৰি আছে ৷