বিকী কৌশলৰ কেৰিয়াৰৰ কষতি শিল

Sentinel Digital Desk

সমালোচকৰ প্ৰশংসা লাভ কৰা অন্যতম সফল অভিনেতাঃ

নিঃসন্দেহে এই কথা ক’ব পাৰি যে বিকী কৌশল হৈছে সমালোচকৰ প্ৰশংসা লাভ কৰা বলিউডৰ অন্যতম সফল অভিনেতা ৷

চলচ্চিত্ৰ জগতত প্ৰথমটো খোজঃ

যশস্বী পৰিচালক অনুৰাগ কাশ্যপৰ সহকাৰী পৰিচালকৰূপে বিকী কৌশলে চলচ্চিত্ৰ উদ্যোগত খোজ পেলায় ৷ ২০১২ত তেওঁ কাশ্যপৰ “ গেং অৱ ৱেইছীপুৰ" ছবিৰ সহঃপৰিচালনা কৰে ৷

সৰু চৰিত্ৰত অভিনয়ৰ জৰিয়তে অভিষেকঃ

২০১২ৰ অন্তিমফালে বিকীয়ে “ লাভ শ্বুভ টে চিকেন খুৰানা” ছবিৰ এটা সৰু চৰিত্ৰৰ জৰিয়তে অভিনয়ৰ অভিষেক ঘটায়৷ ছবিখনত কুনাল কাপুৰে মূল চৰিত্ৰত অভিনয় কৰে ৷

চলচ্চিত্ৰৰ মূল চৰিত্ৰত অভিষেকঃ

২০১৫ত নীৰজ ঘায়ানীৰ ছবি “ মাছান’’-ৰ জৰিয়তে বিকীয়ে মূল চৰিত্ৰৰ অভিনয়ৰ পাতনি মেলে ৷

বহু বঁটা-বাহন লাভঃ

২০১৫ত নীৰজ ঘায়ানীৰ ছবি “ মাছান’’-ৰ জৰিয়তে বিকীয়ে মূল চৰিত্ৰৰ অভিনয়ৰ পাতনি মেলে ৷

অ’ টি টি-ত অভিষেকঃ

২০১৮-ত বিকীয়ে কমেডী ছবি “ লাভ পাৰ স্কোৱেৰ ফীট’’ ছবিৰ জৰিয়তে অ’ টি টি-ত অভিষেক ঘটায় ৷

অ’ টি টি-ত জনপ্ৰিয়তাঃ

অ’ টি টিত অভিনয়ৰ জৰিয়তেও তেওঁ সমালোচকৰ প্ৰশংসা অৰ্জন কৰে ৷

দ্বিতীয়বাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয়ঃ

২০১৮ৰ বছৰটোতে বিকীয়ে দ্বিতীয়বাৰৰ বাবে ছবিৰ মুখ্য চৰিত্ৰত অভিনয় কৰে ৷ এইবাৰ তেওঁ মেঘনা গুলজাৰৰ “ ৰাজী” ছবিত আলিয়া ভাটৰ বিপৰীতে অভিনয় কৰে ৷

বঁটা-বাহনৰ বাবে মনোনয়নঃ

“ ৰাজী" ছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ সহায়ক অভিনেতাৰ বাবে বহু চলচ্চিত্ৰ মহোৎসৱৰ মনোনয়ন লাভ কৰে ৷

“ উৰিঃ দ্য ছাৰ্জিকেল ষ্ট্ৰাইক” ছবিৰ জৰিয়তে অৰ্জন কৰা জনপ্ৰিয়তাঃ

আদিত্য ধৰৰ “ উৰিঃ দ্য ছাৰ্জিকেল ষ্ট্ৰাইক” ছবিত কৰা অভিনয়ৰ জৰিয়তে বিকীয়ে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে ৷

ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক অভিনেতাঃ

“ উৰিঃ দ্য ছাৰ্জিকেল ষ্ট্ৰাইক’’ ছবিখন নিঃসন্দেহে এখন বিপুল জনপ্ৰিয় ছবি। এই ছবিত কৰা অভিনয়ৰ বাবে বিকীয়ে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা অৰ্জন কৰে ৷

৯৪ সংখ্যক অস্কাৰ বঁটাঃ

চলিত তথা ২০২১-ত বিকীয়ে " চৰ্দাৰ উধাম" নামৰ চৰ্চিত ছবিখনৰ নাম ভূমিকাত অভিনয় কৰে ৷ স্বাধীনতা সংগ্ৰামী উধাম সিঙৰ জীৱনকলৈ নিৰ্মিত এই ছবিখনে অস্কাৰৰ মনোনয়নৰ সংক্ষিপ্ত তালিকাত স্থান পাইছিল ৷ কিন্তু মূৰকত অস্কাৰৰ বাবে বাছনি নহ’ল ৷

Explore