কিম্ভুত ৰূপৰ কুকুৰৰ প্ৰজাতি:

Sentinel Digital Desk

পুলিঃ

পুলি নামৰ প্ৰজাতিৰ কুকুৰবিধক হাংগেৰীয়ান শ্বেফাৰ্ড বুলিও জনা যায় ৷ ইয়াৰ গাৰ নোম তাঁৰৰ লেখীয়া হয় ৷ নোমে কুকুৰবিধক দেখাত ঝাৰুৰ দৰে কৰি তোলে ৷ নোমবিধে কুকুৰবিধক শীতৰ পৰা ৰক্ষা কৰে। ইয়াৰ নোম অক্ষত অৱস্থাত ৰখাটো এক কলা ৷ এইবিধ কুকুৰৰ সৈতে ক’ম’নড’ৰ প্ৰজাতিৰ কুকুৰৰ মিল আছে। ক’ম’নড’ৰ প্ৰজাতিৰ কুকুৰৰো নোম এনেধৰণৰ দীঘল হয় ৷ গতিকে বহুতে দুয়োবিধ কুকুৰৰ পাৰ্থক্য উলিয়াওঁতে ভুল কৰে ৷

কেটালবুৰানঃ

দূৰৈৰ পৰা চালে কেটালবুৰান প্ৰজাতিৰ কুকুৰকো সঁচৰাচৰ দেখা আন কুকুৰৰ দৰে লাগে ৷ কিন্তু ওচৰৰ পৰা ভালদৰে চালে স্পষ্ট হয় যে এইবিধ কুকুৰ নাক দুটা ৷ অৰ্থাৎ নাকৰ ফুটা দুটাৰ মাজত স্পষ্ট পাৰ্থক্য আছে ৷ তুৰ্কী ভাষাত কেটালবুৰান মানে এটা কায়ৰ এমূৰৰ অন্তিম প্ৰান্তত দুটা ভাগত বিভক্ত। এইবিধ বিৰল প্ৰজাতিৰ কুকুৰ ৷

পেৰুৰ ইনকা অৰ্কিডঃ

পশ্চিমৰ বিশ্বৰ মানুহে পেৰুত পোৱা এইবিধ কুকুৰক আচহুৱা আখ্যা দিয়ে ৷ এইবিধ কুকুৰ হৈছে পেৰুৰ একমাত্ৰ থলুৱা কুকুৰ ৷ ২০০১ত এইবিধ কুকুৰৰ ৰাষ্ট্ৰীয় ঐতিহ্য আখ্যা দিয়া হয়। এনেধৰণৰ কুকুৰৰ দুই-তৃতীয়াংশৰ শৰীৰত নোম নাথাকে ৷ সেয়ে এনে কুকুৰৰ ৰ’দ বা ৰ’দৰ তাপৰ প্ৰতি সংবেদনশীলতা বৃদ্ধি পায়।

ভেড়াৰ লেখীয়া কুকুৰঃ

ভেড়াৰ লেখীয়া এই কুকুৰবিধৰ প্ৰজাতিৰ নাম ?বাৰ্গামাস্কো শ্বীপড’গ ৷ এইবিধ কুকুৰৰ বহিঃআৱৰণীয়ে মানুহক সঁচাকৈয়ে আকৰ্ষণ কৰে ৷ এইবিধ কুকুৰ ইটালীয়ান প্ৰজাতিৰ । ইয়াৰ শৰীৰ আৱৰি ৰখা নোমবোৰ প্ৰাকৃতিকভাবে বৃদ্ধি পায়। চকুৰ চেলাউৰিয়ে চকু দুটাক দেহৰ নোমবোৰৰ পৰা ৰক্ষা কৰে ৷

বৰ্জইঃ

বৰ্জই ৰাছিয়ান ৱল্ফহাউণ্ড বুলিও জনা যায়। ইয়াৰ দেহে কুকুৰবিধক এক স্বকীয় গুৰু-গাম্ভীৰ্য প্ৰদান কৰে ৷ অতিশয় মইমতীয়া স্বভাৱৰ বাবে এই কুকুৰবিধ খ্যাত ৷

তিব্বতী ওলমি পৰা ডাঙৰ কাণৰ কুকুৰবিধঃ

এইবিধ কুকৰক তিব্বেতী মষ্টিফ বুলি জনা যায় ৷ চীনত এনে কুকুৰক ধন-সম্পদৰ প্ৰতীক বুলি বিশ্বাস কৰা হয় ৷ এনে ধৰণৰ কুকুৰ চীনত এক নিযুত ডলাৰৰো অধিক দামত বিক্ৰী হয় ৷ এনে কুকুৰৰ ওজন ৪৫-ৰ পৰা ৭৫ কিলোগ্ৰাম পৰ্যন্ত হয়। ই ডাঙৰ শব্দ কৰি ভুকে ৷ এনে কুকুৰ পুহিবলৈ হ’লে, এজন অভিজ্ঞ ব্যক্তিৰ প্ৰয়োজন হয় ৷

বেডলিংটন টেৰিয়াৰঃ

বেডলিংটন টেৰিয়াৰৰ মূৰ বৰ্হিজগতৰ প্ৰাণীৰ লেখীয়া। ইয়াৰ শৰীৰ ভেড়াৰ লেখীয়া নোমেৰে আবৃত ৷ ই চিকাৰী আৰু গতিশীল পৰিয়ালৰ বাবে উত্তম ৷

ককেছীয়ান শ্বেফাৰ্ডঃ

ককেছীয়ান শ্বেফাৰ্ড প্ৰজাতিৰ প্ৰকৃততে আচহুৱা নহয়। ই শৰীৰহে প্ৰকাণ্ড ৷ এইবিধ কুকুৰ মৰম আকলুৱা আৰু মানুহৰ ভাল সংগী হ’ব পাৰে ৷ এইবিধ কুকুৰ হৈছে বিশ্বৰ অন্যতম পুৰণি কুকুৰ ৷

ব্ৰুছেলছৰ গ্ৰিফনঃ

এইবিধ কুকুৰক আপুনি সৰু বুলি গণ্য কৰিব পাৰে ৷ কিন্তু এনে প্ৰজাতিৰ কুকুৰে যিকোনো প্ৰজাতিৰ কুকুৰক বশ কৰিব পাৰে ৷ এইবিধ কুকুৰ বৰ ধুনীয়া৷ গতিকে এই কুকুৰ বহুতে ঘৰত পোহে ৷ কিন্তু এনে কুকুৰক ঘৰত অকলে বহু দেৰি এৰি থৈ নাযাব ৷

আইৰিছ উল্ফহাউণ্ডঃ

আইৰিছ উল্ফহাউণ্ড কুকুৰ মাৰ্জিত ৷ ইয়াৰ উচ্চতা ৮৬ চেণ্টিমিটাৰ আৰু ওজন ৫৫ কিলোগ্ৰাম ( ১২০ পাউণ্ড) পৰ্যন্ত হ’ব পাৰে ৷ ফলত ই মানুহৰ লেখীয়াই হয় ৷ এনে প্ৰকাণ্ড দৈহিক গঠনৰ বাবে এইবিধ কুকুৰক বিশ্বৰ সবাতোকৈ প্ৰকাণ্ড কুকুৰ আখ্যা দিয়া হয়। ইয়াৰ বাহ্যিক আৱৰণী খঁহটা হয়। চিকাৰৰ বাবে এই কুকুৰ উত্তম ৷ ইয়াৰ দেহৰ নোম ছাগলীৰ লেখীয়া হয়। বহুতে এইবিধ কুকুৰক জ্ঞানী পুৰুষ আখ্যা দিয়ে ৷

বুল টেৰিয়াৰঃ

বহু কুকুৰৰ মাজতো বুল টেৰিয়াৰ প্ৰজাতিৰ কুকুৰ সহজে চিনাক্ত কৰিব পাৰি। ইয়াৰ মূৰ কণীৰ আকৃতিৰ । অষ্টাদশ শতিকাত যুদ্ধৰ বাবে এইবিধ প্ৰজাতিৰ কুকুৰ সৃষ্টি কৰা হৈছিল ৷ আজিৰ দিনত এইবিধ কুকুৰ শান্ত-সমাহিত আৰু ঘৰত পুহিবলৈ ভাল ।

চও-চওঃ

এইবিধ কুকুৰ শৰীৰ সিংহৰ কেশৰৰ লেখীয়া ৷ এইবিধ প্ৰজাতিৰ কুকুৰৰ শৰীৰ মাংসল আৰু চকু দুটা সৰু হয়। দুই চকুৰে যেন মুহূৰ্ততে লগ মানুহ চিনাক্ত কৰিব পাৰে ! ইয়াৰ জিভা ক’লা-নীলা হয়। এই কুকুৰ হৈছে বিশ্বৰ অন্যতম সবাতোকৈ পুৰণি প্ৰজাতিৰ কুকুৰ ৷ ই চীনৰ ৰাজপৰিয়ালৰ পুৰণি সংগী আছিল ৷

চীনা ক্ৰেষ্টেডঃ

এইবিধ কুকুৰৰ মূৰ, নেজ আৰু ঠেঙত দীঘল নোম থাকে ৷ কিন্তু ইয়াৰ শৰীৰৰ অধিকাংশত এনে নোম নাথাকে ৷ নোম থকাবোৰক পাউদাৰপাফ বোলা হয় ৷

কেন ক’ৰছ :

এইবিধ প্ৰজাতিৰ কুকুৰৰ নাম লেটিন ভাষাৰ পৰা আহিছে ৷ ইয়াৰ অৰ্থ হৈছে সুৰক্ষাদায়ক কুকুৰ ৷ এই কুকুৰ ইটালীৰ প্ৰজাতিৰ কুকুৰ ৷ পূৰ্বে এই কুকুৰ চিকাৰৰ বাবে আৰু পোহনীয়া প্ৰাণীক সুৰক্ষা দিয়াৰ বাবে ব্যৱহাৰ কৰা হৈছিল ৷ গতিকে ইয়াৰ শশীৰ প্ৰকাণ্ড হয় ৷ ইয়াৰ কাণ বৈ পৰা হয় ৷ ইয়াক শাৰীৰিক-মানসিক প্ৰশিক্ষণৰ প্ৰয়োজন হয় ৷

এফেনপিনস্কহেৰঃ

এইবিধ কুকুৰৰ প্ৰজাতিক মাংকী টেৰিয়াৰ বুলিও জনা যায় ৷ এইবিধ প্ৰজাতিৰ কুকুৰ জাৰ্মান মূলৰ ৷ এইবিধ কুকুৰ পুহিবলৈ ভাল ৷

থাই ৰিডজবেকঃ

এইবিধ প্ৰজাতিৰ কুকুৰ থাইলেণ্ডমূলৰ ৷ ৰাজহাড়ৰ বিপৰীত দিশে শৰীৰত নোম ওলায় ৷ ফেটী সাপৰ পৰা ৰক্ষা পোৱাৰ বাবে এইবিধ কুকুৰ সৃষ্টি কৰা হৈছিল ৷ কিন্তু এইবিধ কুকুৰক প্ৰশিক্ষণ দিয়া কঠিন ৷ তৎস্বত্বেও ই প্ৰভুভক্ত আৰু মানুহৰ আনুগত্য মানি লয় ৷

পৰ্তুগীজ প’ড়েনগোঃ

এইবিধ কুকুৰ জন্মৰে পৰা চিকাৰী হয় ৷ ই গ্ৰে-হাউণ্ডৰ বংশোদ্ভৱ। এইবিধ প্ৰজাতিৰ কুকুৰ দৈহিক আকৃতিৰ পৰা তিনিধৰণৰ হয়ঃ ক্ষুদ্ৰ, মধ্যমীয়া আৰু বৃহৎ। ইয়াৰে সৰুবিধ তজবজীয়া আৰু দ্ৰুতবেগী হয়। ফলত ই ভাল চিকাৰীত পৰিণত হয়। ভালদৰে ৰাখিলে ই মানুহৰ ভাল সংগীত পৰিণত হয়।

চালুকীঃ

এইবিধ প্ৰজাতিৰ কুকুৰ যীশুখ্ৰীষ্টৰ জন্মৰ আগৰে পৰা পৃথিৱীত আছে বুলি কোৱা হয় ৷ গতিকে এইবিধ প্ৰজাতিৰ কুকুৰ ইজিপ্তৰ চিকাৰী শ্ৰেণীৰ লোকৰ বিশ্বস্ত সংগী আছিল। ইহঁতে গৰাকীৰ পোহ মানে আৰু গৰাকীৰ প্ৰতি আনুগত্যশীল হয় ৷ ইহঁতে মানুহৰ সংগত থাকি ভাল পায় ৷

স্কিপাৰ্কঃ

ফ্লেমিছ ভাষাত স্কিপাৰ্ক শব্দটোৰ অৰ্থ হৈছে সৰু চিকাৰী ৷ এইবিধ কুকুৰ চিকাৰৰ বাবে অতি ভাল ৷ ইয়াৰ দেহ নোমেৰে আবৃত, মূৰ শিয়ালৰ লেখীয়া আৰু দেহৰ নোম নিমজ ৷

চেকস্ক’ল’ভিয়ান উল্ফঃ

এইবিধ প্ৰজাতিৰ কুকুৰ জাৰ্মান শ্বেফাৰ্ড আৰু এবিধ কুকুৰনেচিয়াৰ ক্ৰছ হয়। কুকুৰনেচিয়া বাঘৰ তেজ থাকিলেও এইবিধ কুকুৰ অধিক আগ্ৰাসী নহয় ৷ ইহঁতে সহজে পোহ মানে ৷ এনে আন এবিধ কুকুৰ হৈছে চালোচ উল্ফডগ ৷